শান্তিৰ সন্ধানত

7/14

বিশ্বাস আৰু গ্ৰহণ

পৱিত্র আত্মাই আপোনাৰ বিবেক শক্তিক জাগ্রত কৰিলে পাপৰ কুৎসিত আৰু কু-পৰিণামবোৰ আপুনি ঘৃণাৰে দৃষ্টি কৰিব । আপুনি ইয়াকো অনুভৱ কৰিব যে, পাপে কেনেকৈ আপোনাক ঈশ্বৰৰ পৰা আঁতৰাই কু-শক্তিৰ বন্ধনত ৰাখিছে । আপুনি যিমানেই এই বন্ধনৰ পৰা মুক্তি পোৱাৰ চেষ্টা নকৰক কিয়, আপুনি সিমানেই আপোনাৰ অক্ষমতা অনুভৱ কৰিব । আপুনি ক্ষমা পাব বিচাৰিছে ; শুচি, নির্ম্মল ও পৱিত্ৰ হ’ব বিচাৰিছে ; মুক্তি পাব বিচাৰিছে ; আৰু ঈশ্বৰৰ সৈতে মিল হ’ব বিচাৰিছে — এইবোৰৰ অধিকাৰী হ’বলৈ আপুনি কি কৰিব লাগিব ? SCAsm 36.1

আপোনাক শান্তিৰ প্রয়োজন — আপোনাৰ হৃদয়ত ঈশ্বৰৰ ক্ষমাদান, শক্তি আৰু প্ৰেম স্থিতি হ’ব লাগিব । মানুহৰ জ্ঞান-বুদ্ধি, ধন, শক্তি আদিৰে এই ঐশ্বৰিক গুণসমূহ কিনিব নোৱাৰে নাইবা পাবও নোৱাৰে । কিন্তু ঈশ্বৰে আপোনাক দিয়া এইয়া বিনামূলীয়া দান । শাস্ত্ৰত কৈছে “বিনামূল্যে আৰু বিনা দামে” যিচয়া ৫৫:১ পদ। এতিয়া আপুনি আগবাঢ়ি এই দান গ্রহণ কৰাটো আপোনার ইচ্ছা। ঈশ্বৰে কৈছে “তোমালোকৰ পাপবোৰ সেন্দুৰ বৰণীয়া হ’লেও হিমৰ দৰে বগা কৰা হ’ব ; আৰু লাৰ নিচিনা ৰঙা হ’লেও ভেৰাৰ নোমব দৰে হৈ পৰিব” (যিচয়া ১:১৮)। “মই তোমালোকক এক নতুন হৃদয় দিম, আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থাপন কৰিম” যিহিস্কেল ৩৬:২৬ পদ । SCAsm 36.2

আপুনি আপোনাৰ পাপসমূহ স্বীকাৰ কৰি হৃদয়ৰ আটাই অশুচি দূৰ কৰক । ঈশ্বৰক গ্ৰহণ কৰিবলৈ দৃঢ় প্রতিজ্ঞ হওক ; এতিয়া তেওঁৰ ওচৰলৈ গৈ আপোনাৰ পাপবোৰ ধুই নিকা হৈ তেওঁৰ পৰা এক নতুন হৃদয় খোজক ; কিয়নো তেওঁ নিজে খোজাজনক দিয়াৰ প্রতিশ্রুতিবদ্ধ। পৃথিৱীত থকা কালত যীচুৱে এই শিক্ষাকেই দিছিল । তেওঁৰ ওচৰলৈ অহা আটাইলোকক সকলো প্রকাৰৰ শাৰীৰিক ৰোগৰ পৰা সুস্থ কৰাৰ উপৰিও আত্মিক ৰোগত অথবা পাপৰ বন্ধনত থকা লোককো ক্ষমা কৰি স্পষ্ট ভাৱে কৈছিল । কিন্তু পৃথিৱীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰ যে ক্ষমতা আছে, ইয়াক তোমালোকে জানিবলৈ, তেতিয়া তেওঁ জঠৰ ৰোগীজনক ক’লে, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা।” মথি ৯:৬ পদ। যীচুৱে কৰা আচৰিত কৰ্মবোৰৰ বিষয়ে শুভবার্ত্তা প্ৰচাৰক যোহনে কৈছে “কিন্তু যীচুৱে যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা, আৰু বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই নিমিত্তে এইবোৰ কথা লিখা হ’ল, ” যোহন ২০:৩১ পদ । SCAsm 36.3

বাইবেল বর্ণিত যীচুৱে ৰোগীজনক সুস্থ কৰা এই সাধাৰণ ঘটনাই, আমি কেনেকৈ তেওঁত বিশ্বাস কৰি পাপৰ পৰা মুক্তি পাম, ইয়াৰ এটি স্পষ্ট শিক্ষা দিয়ে। এতিয়া আমি বৈথেচ্ দা পুখুৰীৰ পাৰৰ আঁঠত্রিশ বছৰে জঠৰ হৈ পৰি থকা ৰোগীজনৰ ঘটনালৈ মন কৰোহঁক। ৰোগীজনৰ হাত-ভৰি অচল আৰু নিঠৰ হৈ থকা অৱস্থা দেখিও যীচুৱে তেওঁক আদেশৰ সুৰতেই ক’— “উঠা, তোমাৰ শয্যা তুলি লৈ যোৱা।” (যোহন ৫:৮ পদ)। যীচুৰ কথা শুনি ৰোগীয়া মানুহজনে হয়তো ক’ব লাগিছিল- “হে প্রভু আপুনি মোক আগেয়ে সুস্থ কৰিলেহে মই আপোনাৰ আদেশ পালন কৰিব পাৰিম,” কিন্তু ৰোগীজনে তেনে একোকেই নক’লে । কাৰণ, তেওঁ খ্রীষ্টৰ কথাত বিশ্বাস কৰিছিল, সেয়েহে খ্রীষ্টে কোৱামাত্রে তেওঁ সুস্থ হৈ তৎক্ষণাৎ খোজ কাঢ়িবলৈ সক্ষম হ’ল । তেওঁ বিশ্বাসেবে খ্রীষ্টৰ বাক্যব বাধ্যতা হ’ল, ঈশ্বৰৰ পৰা শক্তি পালে, আৰু সুস্থও হ’ল । SCAsm 37.1

এই একেই ধৰণেৰে আপুনিও এজন পাপী । আপুনি নিজে, নাইবা বাহ্যিক বীতি-নীতিৰ দ্বাৰাই আপোনাৰ অতীতৰ পাপৰ প্রায়শ্চিত্ত কৰিব নোৱাৰে ; আনহাতে সজ আচৰণ, সৎচিন্তা, সৎকর্ম আদি গুণবোৰেবেও আপুনি আপোনাৰ হৃদয় পৰিবর্ত্তন আৰু পৱিত্ৰ কৰিব নোৱাৰে । কিন্তু ঈশ্বৰে খ্ৰীষ্টৰ যোগেদি আপোনাৰ আটাইবিলাক পাপ মোচন কৰিবলৈ এতিয়াও তেওঁৰ নিজ প্রতিজ্ঞাত অলৰ হৈ আছে। এতেকে আপুনি তেওঁৰ প্রতিজ্ঞাত ভাৰষা কৰি আপোনাৰ পাপ স্বীকাৰ কৰক আৰু নিজকে তেওঁত সোধাই দিয়ক । যদি আপুনি তেওঁৰ প্ৰতিজ্ঞাত বিশ্বাস কৰিছে, তেতিয়াহ’লে বিশ্বাস কৰক যে — আপোনাৰ পাপ ক্ষমা হ’ল আৰু আপুনি শুচি হ’ল। যীচুৱে সেই জঠৰ ৰোগীজনক যেনেকৈ খোজ কাঢ়িবলৈ শক্তি যোগালে, সেই একেই শক্তি তেওঁ আপোনাতে প্রয়োগ কৰিব পাৰে, কেৱল মাথো ৰোগীজনৰ দৰে আপুনিও তেওঁত বিশ্বাস কৰক। SCAsm 37.2

আপুনি সুস্থ হোৱালৈ চিন্তা কৰি অপেক্ষা নকৰিব, কিন্তু কওক — চিন্তা কৰি অপেক্ষা কৰা নাই, বৰং ঈশ্বৰে মোলৈ কৰা প্রতিজ্ঞাতহে বিশ্বাস কৰিছোঁ । যীচুৱে কৈছে — “তোমালোকে প্রাথনা কৰি যি যি খোজা সেই সকলোকে পালো বুলি বিশ্বাস কৰা ; তেহে পাবা।” মার্ক ১১:২৪ পদ। উক্ত শাস্ত্র পদত এটা চর্ত আৰোপ কৰা হৈছে, সেয়ে আমি প্রার্থনা কৰা সময়ত ঈশ্বৰৰ ইচ্ছানুসাৰে যেন প্রার্থনা কৰোঁ । পাপ ৰোগৰ পৰা মুক্ত হ’বলৈ যেতিয়াই প্রার্থনা কৰো তেওঁ আমাৰ ক্ৰন্দন শুনিলে বুলি বিশ্বাস কৰোঁহক ; “এই কাৰণে যীচু খ্রীষ্টত থকা বিলাকলৈ কোনো দণ্ডাজ্ঞা নাই”, ৰোমীয়া ৮:১ পদ । SCAsm 38.1

এই হেতুকে এতিয়াৰ পৰা আপুনি নিজৰ অধীন নহয়, কিয়নো। আপোনাক মূল্যৰে কিনা হ’ল। ১ম পিতৰ ১:১৮,১৯ পদত এই বিষয়ে এনেদৰে কৈছে— “তোমালোকে সোণ-রূপ আদি ক্ষয়ণীয় বস্তুৰ দ্বাৰাই যে মুক্ত হ’লা, এনে নহয়, নির্ঘূণী আৰু নিষ্কলঙ্কিত মেৰ পোৱালী স্বৰূপ খ্রীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হ’লা।” এই সহজ-সৰল ব্যৱস্থাৰ যোগেদি ঈশ্বৰক বিশ্বাস কৰিলেই পৱিত্ৰ আত্মাই আপোনাৰ হৃদয়ত এক নৱজীৱন প্ৰদান কৰিব । আৰু লগে লগে ঈশ্বৰৰ পৰিয়ালত নৱজাত শিশুৰ দৰে আত্মিক জন্ম পোৱাত নিজ পুত্র খ্রীষ্টক প্রেম কৰাৰ দৰে তেওঁ আপোনাকো প্রেম কৰিব । এতিয়া আপুনি নিজকে যীচুত সোধাই দিয়াৰ পাছত, তেওঁৰ পৰা আৰু আঁতৰি নাহি বৰং নিতৌ কওক— ‘মই খ্রীষ্টৰ, কাৰণ মই নিজকে তেওঁত সোধাই দিলো । তেওঁৰ পৱিত্র আত্মাৰ শক্তি আৰু অনুগ্রহ পোৱাৰ পাছৰে পৰাই মই ঈশ্বৰৰ সন্তান হ’লো আৰু এই মুহূৰ্ত্তৰ পৰাই তেওঁৰ খোজৰ অনুগামী হ’লো। শাস্ত্ৰত কোৱা হৈছে “তোমালোকে খ্রীষ্টক, অর্থাৎ প্রভু যীচুক যেনেকৈ গ্রহণ কৰিলা, তেনেকৈ তেওঁতেই চলা,” (কলচীয়া ২:৬ পদ)। SCAsm 38.2

ঈশ্বৰৰ আগত নিজকে সম্পূর্ণকৈ পৰিৱর্ত্তন কৰি তেওঁৰ আশীর্বাদ প্রাপ্ত হোৱাৰ প্ৰমাণ নোপোৱালৈকে পৰীক্ষামূলক ভাৱে চেষ্টা কৰি থাকিব লাগে বুলি কিছুমানক এই বিষয়ে চিন্তিত হৈ থকা দেখা যায় । কিন্তু এইয়া তেওঁ বিলাকৰ অমূলক চিন্তা । তেওঁবিলাকে এই আশীর্বাদ ঈশ্বৰৰ পৰা এতিয়াও পাব পাৰে, যদিহে নিজে কৰা আটাই কু-কৰ্মৰ কাৰণে অনুতপ্ত হৈ তেওঁৰ ওচৰলৈ আহে। এইখিনিতে সহস্ৰজনে নিৰাশাত ভোগে, আৰু কয় — যীচুৱে তেওঁ বিলাকক ব্যক্তিগত ভাৱে ক্ষমা কৰিব পাৰে বুলি ঈশ্বৰে কৰা প্রতিজ্ঞাত বিশ্বাস নকৰে ; কিন্তু সকলোলৈকে ঘোষণ কৰা হৈছে যে— আটাই পাপ বিনামূল্যে ক্ষমা কৰা হয় ; এতেকে ঈশ্বৰৰ প্ৰতিজ্ঞাৰ প্ৰতি থকা আপোনাৰ অমূলক সন্দেহ আঁতৰ কৰক । যিজনা যীচু, যিসকলৰ পাপৰ কাৰণে মৃত্যুবৰণ কৰিলে, সেই আটাইবিলাকৰ পাপবোৰ ধুই শুচি কৰি তেওঁৰ শক্তি, পৱিত্ৰতা আৰু ধার্মিকতা তেওঁ বিলাকক প্ৰদান কৰিলে । আৰু যিসকলে এতিয়াও মন কঠিন কৰি ৰৈ আছে, যীচুৱে তেওঁবিলাকৰ কলুষিত আৰু পাপৰ চেকা লগা বস্ত্র সোলোকাই ধার্ম্মিকতাৰ শুভ্রবস্ত্র পিন্ধাবলৈ বাট চাই ৰৈ আছে । তেওঁৰ ইচ্ছা কোনো ব্যক্তিৰ যেন মৃত্যু নহৈ জীয়াই থাকে । SCAsm 38.3

আমি ক্ষুদ্র মনৰ মানুহে ইজনে সিজনৰ প্ৰতি কৰা ব্যৱহাৰৰ দৰে, ঈশ্বৰে আমাৰ সৈতে তেনে ব্যৱহাৰ নকৰে ; তেওঁ আমাৰ প্ৰতি থকা অসীম দয়া, প্রেম, আৰু মৰমেৰে কৈছে — “দুষ্টলোকে তেওঁৰ পথ আৰু অধৰ্ম্মী লোকে তেওঁৰ কল্পনা ত্যাগ কৰক আৰু যিহোৱালৈ উলটি আহক, তাতে তেওঁ তাক কৃপা কৰিব, আৰু সি আমাৰ ঈশ্বৰলৈ ঘূৰি আহক, কিয়নো তেওঁ প্ৰচুৰ পৰিমাণে ক্ষমা কৰিব।” (যিচয়া ৫৫:৭ পদ) “মই তোমাৰ অপৰাধবোৰ মেঘৰ দৰে, আৰু তোমাৰ পাপবোৰ ভাপৰ দৰে দূৰ কৰিলো” যিচয়া ৪৪:২২। SCAsm 39.1

“কিয়নো প্রভু যিহোৱাই কৈছে— কোনো লোক মৰিলে মই তাৰ মৃত্যুত সন্তোষ নাপাওঁ। এইহেতুকে তোমালোক ঘূৰি জীয়াই থাকা।” (যিহিস্কেল ১৮:৩২ পদ)। ঈশ্বৰৰ মধুৰ আশ্বাসৰ বাণী, অন্তৰৰ আশাৰ আৰু পোহৰৰ ৰেঙণি চয়তানে আমাৰ পৰা আঁতৰাই ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে ; কিন্তু তাক এইদৰে কৰিবলৈ কদাপিও সুযোগ দিব নালাগে । দুষ্টজনৰ ছলাহ কথালৈ মন নিদি বৰং উত্তৰ দি কওক, মই জীয়াই থাকিবৰ নিমিত্তে, যীচু মোৰ নিমিত্তে মৰিল । তেওঁ মোক প্রেম কৰে, মই ধ্বংস হোৱাটো তেওঁ বাঞ্ছা নকবে, মোৰ এজনা দয়ালু স্বর্গীয় পিতৃ আছে। যদিও মই তেওঁৰ প্ৰেম আৰু আশীর্বাদৰ অপপ্রয়োগ কৰিছো, তথাপিও এতিয়াই মোৰ স্বর্গীয় পিতৃৰ ওচৰলৈ গৈ কম— “মই স্বৰ্গ আৰু আপোনাৰ বিৰুদ্ধে পাপ কৰিলো, আৰু আপোনাৰ পুত্ৰ বুলি মতাব মই যোগ্য নহওঁ ; মোক আপোনাৰ এটা চাকৰৰ নিচিনা ব্যৱহাৰ কৰক,” এই দৃষ্টান্তই পথভ্রষ্ট হোৱাজনকো ঈশ্বৰে কেনেকৈ গ্রহণ করে তাকে আপোনাক দেখুৱাই, “কিন্তু সি দূৰৈত থাকোতেই তাৰ বাপেকে তাক দেখি মৰম লাগি লৰি গৈ তাৰ ডিঙিত ধৰি চুমা খালে”, লূক ১৫:১৮-২০ পদ। SCAsm 39.2

এই দৃষ্টান্তটি যিমানেই করুণ আৰু হৃদয়স্পর্শী নহওক কিয়, স্বর্গীয় পিতৃৰ অসীম দয়াৰ প্ৰকৃত ৰূপ প্ৰকাশ কৰিব নোৱৰে । ঈশ্বৰে তেওঁৰ ভাৱবাদীৰ যোগেদি ঘোষণা কৰিছে “মই চিৰস্থায়ী প্ৰেমেৰে তোমাক প্রেম কৰোঁ” যিৰিমিয়া ৩১:৩ পদ । অর্থাৎ মই মোৰ প্ৰেম আৰু দয়াৰে তোমাক মোৰ ওচৰলৈ চপাই আনো। ঈশ্বৰৰ মুখৰ পৰা ওলোৱা এই ঐশ্বৰিক প্রতিজ্ঞাবোৰৰ প্রতি আপুনি এতিয়াও সন্দেহ কৰে নে ? যেতিয়া কোনো পাপীয়ে ক্রন্দন আৰু অনুতাপেৰে তেওঁৰ নিজৰ পাপবোৰ ত্যাগ কৰি ঈশ্বৰলৈ উলটি আহে, তেতিয়া তেওঁ সেই অনুতাপিত পাপীজনক অগ্রাহ্য কৰে বুলি বিশ্বাস কৰেনে ? আপুনি এনে ভাৱচিন্তা আপোনাৰ মনৰ পৰা দূৰ কৰক । তেওঁ পাপক ঘিণ কৰে, কিন্তু পাপীক নহয় । সেয়ে পাপীৰ উদ্ধাৰৰ অৰ্থে নিজ পুত্রক সোধাই দিলে, যাতে বিশ্বাস কৰাজনে তেওঁৰ গৌৰৱময় ৰাজ্যত সর্বদায় আশীর্বাদ প্রাপ্ত হয়। ইয়াতকৈ আৰু কি বলিষ্ঠ ভাষাত তেওঁ আমালৈ প্ৰেম প্ৰকাশ কৰিব পাৰে ? “তিৰোতা মানুহে নিজৰ পেটৰ সন্তানক স্নেহ নকৰাকৈ জানো নিজৰ পিয়াহ খোৱা কেঁচুৱাক পাহৰিব পাৰে ? হয়, সিহঁতে পাহৰিব পাৰে, তথাপি মই তোমাক নাপাহৰিম।” যিচয়া ৪৯:১৫ পদ। SCAsm 40.1

আপোনাৰ হৃদয়ত সৃষ্টি হোৱা সন্দেহৰ বশীভূত হৈ নিৰুৎসাহজনক ভাৱ অনুভৱ কৰিছে, কিন্তু চকু তুলি চাওক, আমাৰ কাৰণে মধ্যস্থতা হৈ আবেদন কৰিবলৈ যীচু জীৱিত আছে । “আমি তেওঁৰ তেজৰ দ্বাৰাই মুক্তি পালো”, ইফিচীয়া ১:৭ পদ । তেওঁ আমাক পুনৰাই তেওঁৰ প্ৰতিমূৰ্ত্তিত ন-কৈ সৃষ্টি কৰিব খোজে। এতেকে অনুতপ্ত হৃদয়েৰে পাপবোৰ স্বীকাৰ কৰি তেওঁৰ ওচৰলৈ চাপি আহক, তাতে তেওঁৱো তেওঁৰ দয়া আৰু ক্ষমাৰ সহিত আপোনাৰ ওচৰলৈ চাপি আহিব । SCAsm 40.2