শান্তিৰ সন্ধানত

8/14

শিষ্যত্বৰ পৰীক্ষা

“এতেকে কোনো যদি খ্রীষ্টত আছে, তেন্তে তেওঁ নতুন সৃষ্টি ; পুৰণিবোৰ লুপ্ত হ’ল ; চোৱা, নতুন হল।” ২ কৰিন্থীয়া ৫:১৭। SCAsm 41.1

কোনো এজন ব্যক্তিয়ে কি পৰিস্থিতিৰ মাজেৰে মন পৰিবৰ্ত্তন হোৱা প্রকৃত সময় বা স্থানৰ স্পষ্ট আভাষ দিব নোৱাৰিব পাৰে । কিন্তু ইয়াৰ দ্বাৰাই এইটো নুবুজাই যে, তেওঁৰ পৰিবৰ্ত্তন হোৱা নাই । খ্রীষ্টই নীকদীমক কৈছিল“বায়ুৱে যেই দিশলৈ ইচ্ছা কৰে, সেই দিশলৈ বয়, আৰু তুমি তাৰ শব্দ শুনিবলৈ পোৱা, কিন্তু সি ক’ৰপৰা আহে, ক’লৈ যায়, তাক নাজানা ; আত্মাৰ পৰা জন্মা প্রত্যেক মানুহৰ এনে হয়।” যোহন ৩:৮ পদ। বতাহ অদৃশ্য, কিন্তু ইয়াৰ প্ৰভাৱ কমৰ দ্বাৰাই স্পষ্টকৈ দৃশ্যমান হয় আৰু আমি অনুভৱ কৰোঁ । সেই একেদৰে পৱিত্র আত্মাইয়ো মানুহৰ হৃদয়ত কার্য কৰে। সঞ্জীৱনী শক্তি কাৰো দৃশ্যমান নহয়, ই আত্মত নৱজীৱন দান কৰে, আৰু ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিত নকৈ প্রতিষ্ঠা কবে । যিহেতু আত্মাৰ কাৰ্য্য মৌন আৰু দুর্বোধ্য ; ইয়াৰ কেৱল ক্রিয়াহে প্রকাশ পায়। পৱিত্র আত্মাৰ দ্বাৰাই নতুনকৈ জন্ম পোৱা জীৱনে এই কার্যৰ সাক্ষ্য প্রদান কৰে । মানুহৰ যুক্তি-তর্ক, জ্ঞান-বিদ্যাৰে আমি কেতিয়াও আমাৰ হৃদয় পৰিবর্ত্তন কৰিব নোৱাৰো, নাইবা ঈশ্বৰৰ সৈতেও নিজকে মিল কৰাব নোৱাৰোঁ, আমি আমাৰ সজ্ঞানেৰে কৰা সৎকর্মৰ ওপৰতো ভাৰষা কৰিবও নোৱাৰোঁ ; তেতিয়াহে ঈশ্বৰৰ অনুগ্রহে আমাৰ হৃদয়ত বাস কৰিছেনে নাই, তাক অনুভৱ কৰিব পৰা যায় । আৰু যথা সময়ত আচাৰ-ব্যৱহাৰ, স্বভাৱচৰিত্ৰ আদি পৰিবর্ত্তনৰ দৃষ্টিগোচৰ হ’ব। অতীতত কি আছিল আৰু এতিয়া কি হ’ল এই বিসাদৃশ্যতাই দুয়োটাকে স্পষ্টকৈ দেখুৱাই দিব । SCAsm 41.2

খ্রীষ্টৰ সংশোধনী শক্তিৰ অবিহনেও আমি আমাৰ ব্যক্তিগত জীৱনত আচাৰ-ব্যৱহাৰ, স্বভাৱ-চৰিত্ৰ আদিত বাহ্যিক সংশোধন আনিব পাৰোঁ । আনৰ প্রতি সদয় হৈ এক সুন্দৰ পৰ-হিতকাৰী জীৱন ধাৰণ কৰিব পাৰোঁ। আত্মসন্মানবোধ জ্ঞানেৰে দুষ্টতাৰ আটাই উপস্থিতি আঁতৰ কৰিব পাৰোঁ । স্বার্থপৰ অন্তকৰণৰে আনৰ দৃষ্টিত অনেক মহৎ কার্যও সিদ্ধ কৰিব পাৰোঁ । এনেস্থলত, এনেবোৰ সৎকাম কৰি কোন পক্ষত আছো বুলি দৃঢ়ভাৱে ক’ব পাৰোঁ ? SCAsm 41.3

আমি যদি খ্ৰীষ্টৰ, আমাৰ ভাৱ-চিন্তাও তেওঁৰ প্ৰতিহে হ’ব ; সম্পর্কও মধুৰ হ’ব । আমি তেওঁৰ প্রতিচ্ছবি, তেওঁৰ শ্বাস-প্রশ্বাস, তেওঁৰ আত্মা, তেওঁৰ ইচ্ছাত নিজকে বিলীন কৰি তেওঁৰ দৰে জীৱন অতিবাহিত কৰি আটাই বিষয়ত তেওঁক সন্তোষ দিব পাৰোঁ। খ্রীষ্টত নতুনকৈ সৃষ্টি হোৱা বিলাকেই আত্মাৰ ফল“প্রেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাৱ, বিশ্বাস, মৃদুভাৱ, ইন্দ্রিয় দমন এইবোৰ প্ৰকাশ কৰিব” (গালাতীয়া ৫:২২ পদ)। তেওঁবিলাকে অতীত জীৱনৰ মাংসিক আৰু মানুহৰ চিন্তা-ধাৰাৰে সৃষ্টি কৰা নীতি-নিয়ম অনুসাৰে আৰু নহয়, বৰং ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰি, তেওঁৰ খোজৰ অনুগামী হ’ব আৰু এক শুচি আৰু পৱিত্ৰ হৃদয় লৈ তেওঁৰ নিচিনা হৈ তেওঁৰ ঈশ্বৰীয় গুণসমূহ প্রতিফলিত কৰিব । তেওঁবিলাকে এসময়ত ঘৃণা কৰা বস্তু বিলাকক ভাল পাব আৰু ভালপোৱা বস্তুবোৰক ঘৃণা কৰিব । অহঙ্কাৰী, আৰু আত্ম-অভিমানী লোকবিলাক নম্ৰ আৰু শান্ত মনৰ লোক হ’ব। মতলীয়া লোকবিলাক মিতাচাৰী আৰু লম্পট আচৰণকাৰী বিলাক স্বভাৱ-চৰিত্ৰত নির্মল আৰু শুচি হ’ব । জগতৰ বৃথা নীতি-নিয়ম, চলন- ফুৰণ ইত্যাদিৰ পৰা আঁতৰি থাকিব । খ্রীষ্টৰ প্রকৃত অনুগামী সকলে “বাহ্যিক সৌন্দর্য বা আত্মাত বৃদ্ধি নকৰা কোনো বস্তুকেই আৰু নিবিচাৰিব, কিন্তু পৱিত্র শাস্ত্ৰত কোৱাৰ দৰে ‘নম্র আৰু শান্ত আত্মারূপ অক্ষয় বস্ত্র পিন্ধা, যি গুপ্ত আন্তৰিক মনুষ্য, সিয়েই তোমালোকৰ ভূষণ হওক,’ (১ পিতৰ ৩:৩,৪ পদ); এইবোৰহে বিচাৰিব।” প্রকৃত অনুতাপৰ ফল কাৰ্য্যৰ দ্বাৰাই প্রকাশ পায় । তেওঁ অতীত জীৱনত যি কুকর্মবোৰ কৰি আনন্দ লভিছিল, এতিয়া প্রকৃত অনুশোচনাৰে সেইবোৰ ঘিণ কৰি সৎপথলৈ আহিল, অর্থাৎ নিশ্চিত মৃত্যুৰ পৰা অনন্ত জীৱনলৈ পাৰ হ’ল । যেতিয়া অনুতাপিত পাপীজনে খ্রীষ্টৰ মাজনীয় অনুগ্রহৰ অধীন হয়, তেতিয়াই তেওঁৰ হৃদয়ত এক অফুৰন্ত আনন্দৰ ঢৌৰ সৃষ্টি হয় । আগেয়ে যি পথ আন্ধাৰেৰে আৱৰি আছিল, ধাৰ্ম্মিকতাৰূপ সূৰ্য্যৰ কিৰণে সেই পথ আলোকময় কৰি তুলিলে । SCAsm 42.1

খ্রীষ্টৰ স্বৰ্গীয় গুণৰ সৌন্দর্যতা তেওঁৰ অনুগামী সকলত পৰিলক্ষিত হ’ব । প্রেমে স্বর্গীয় সৌন্দর্যেৰে বিভূষিত হৈ তেওঁৰ পৰিত্ৰাণৰ আটাই কার্য সিদ্ধ কৰিলে । প্রেম ঈশ্বৰৰ । মন কঠিন আৰু হৃদয় পৰিবৰ্ত্তন নকৰা লোকে ইয়াৰ আস্বাদ পাব নোৱাৰে ; কেৱল যীচুৱে ৰাজত্ব কৰা হৃদয়তহে ইয়াৰ প্ৰভাৱ বিস্তৃত হৈ থাকে, কাৰণ তেৱেঁই প্রথমে আমাক প্রেম কৰিলে, এই নিমিত্তে আমিও প্রেম কৰোঁ।” (১ যোহন ৪:১৯ পদ)। যি হৃদয় ঐশ্বৰিক অনুগ্রহৰ দ্বাৰাই নকৈ সৃষ্টি কৰা হ’ল, এই প্রক্রিয়াৰ মূলতঃ হৈছে প্রেম। প্রেমে আমাৰ অসৎ স্বভাৱ-চৰিত্র সংশোধন কৰে, আবেগ বা উত্তেজনা নিয়ন্ত্রণ কৰে, যন্ত্রণাবোধ উপশম কৰে, শত্রুতা নাশ কৰে, আৰু আনহাতে ধৰ্মত বৃদ্ধি কৰে । প্রেমে অধিকাৰ কৰা জীৱন মধুৰ হয় আৰু চাৰিওদিশে এক নির্ম্মল পৰিবেশৰ সৃষ্টি কৰে । SCAsm 43.1

বিশেষকৈ তেওঁৰ অনুগ্ৰহত নিৰ্ভৰ কৰি চলা লোকবিলাকে অর্থাৎ ঈশ্বৰৰ সন্তান বিলাকে দুটা ভুলৰ প্ৰতি সজাগ হৈ থাকিব লাগে কোনোবাই বিধান পালন কৰি ধার্মিক আৰু পৱিত্ৰ হ’বলৈ নিজৰ কৰ্মৰ ওপৰত যদি নিৰ্ভৰ কৰে তেন্তে তেওঁৰ এইটো এটা বৃথা চেষ্টাহে মাথো, কাৰণ ই অসম্ভৱ। খ্রীষ্টৰ অবিহনে মানুহে নিজা শক্তিৰে কৰা আটাই কর্মই পাপ আৰু স্বার্থপৰতাৰে কলুষিত। কেৱল খ্রীষ্টৰ অনুগ্রহেৰে, বিশ্বাসৰ দ্বাৰাই আমি শুচি আৰু পৱিত্র হ’ব পাৰো । দ্বিতীয় অতি মাৰাত্মক ভুলটো হ’ল — খ্রীষ্টত বিশ্বাস কৰাৰ লগে লগে মানুহ ঈশ্বৰৰ বিধান বা আজ্ঞা পালনৰ পৰা মুক্ত হ’ল ; কেৱল বিশ্বাসেৰে খ্রীষ্টৰ অনুগ্রহ লাভৰ ভাগী হ’ব পাৰি ; পৰিত্ৰাণৰ সৈতে ঈশ্বৰৰ বিধান বা আজ্ঞাৰ বাধ্যতা হোৱাৰ কোনো প্রয়োজন নাই। SCAsm 43.2

কিন্তু প্রিয় পাঠক-পাঠিকাসকল, মন কৰক, বাধ্যতা মানেই কেৱল বাহ্যিক নম্ৰতাক নুবুজায় ; বৰং প্ৰেমৰ পৰিচৰ্য্যা আৰু কাৰ্য্যক বুজায় । ঈশ্বৰৰ নিজ আঙুলিৰে লিখা বিধানখনেই তেওঁৰ স্বৰূপ প্ৰকাশক ; এই অপৰিবৰ্ত্তনীয় বিধান খনতেই তেওঁৰ মহান প্ৰেমৰ মূল নীতিসমূহ নিহিত হৈ আছে, সেয়ে উক্ত বিধানখনেই স্বৰ্গ আৰু পৃথিৱী উভয়ৰে তেওঁৰ শাসন-প্রণালীৰ ভিত্তিমূল । যদি আমাৰ হৃদয় ঈশ্বৰৰ ইচ্ছাৰ দৰে পৰিস্কৃত হ’লঐশ্বৰিক প্রেম আমাৰ হৃদয়ত সিঁচা হ’ল, তেনেহ’লে ঈশ্বৰৰ পৱিত্ৰ বিধানো আমাৰ জীৱনত কার্যত পৰিণত কৰিব নালাগিব নে ? মানুহৰ হৃদয়ত প্ৰেমৰ মূল ভিত্তি যেতিয়া স্থাপন কৰা হ’ল, তেওঁক সৃষ্টি কৰা সৃষ্টিকর্ত্তাজনাৰ সাদৃশ্যৰে পৰিস্কৃত কৰা হ’ল, তেতিয়া নতুন নিয়মত উল্লেখ থকা ঈশ্বৰৰ প্ৰতিজ্ঞাও সিদ্ধ হ’ল— “তেওঁ বিলাকৰ চিত্তত মোৰ বিধান দিম, আৰু তেওঁবিলাকৰ হৃদয়ত তাক লিখিম।” (ইব্রী ১০:১৬ পদ) ; আৰু যেতিয়াই বিধানখন হৃদয়ত লিখা হ’ল, তেতিয়াই ই তাৰ নিজৰ সাঁচেৰে মানুহৰ জীৱনত গঢ় নিদিবনে ? বাধ্যতা, প্রেম, আৰু ভক্তিৰে পৰিচৰ্য্যা কৰা— অর্থাৎ এইয়েই হ’ল শিষ্যত্বৰ লক্ষণ বা প্রতীক। শাস্ত্ৰত কৈছে — “কিয়নো আমি যেন ঈশ্বৰৰ আজ্ঞাবোব পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্রায় এয়েই।” ১ যোহন ৫:৩ পদ ; “মই তেওঁক জানিলো, ইয়াকে বুলি, যিকোনোৱে তেওঁৰ আজ্ঞাবোৰ পালন নকৰে, তেওঁ মিছলীয়া আৰু তেওঁৰ অন্তৰত সত্য নাই।” ১ যোহন ২:৪ পদ। বাধ্যতাৰ পৰা মানুহক আঁতৰোৱাৰ পৰিবৰ্ত্তে, বিশ্বাসকেৱল বিশ্বাসেই ঈশ্বৰৰ অনুগ্রহ প্রাপ্তি কবাই আৰু বাধ্যতাৰ বশৱৰ্তী হ’বলৈ সহায় কবে। SCAsm 43.3

আমি জগতব শিক্ষা-দীক্ষাৰ বাধ্যতাবে মুক্তি বা উদ্ধাৰ অর্জ্জন কৰিব। নোৱাৰোঁ, কিয়নো এইয়া ঈশ্বৰৰহে অমূল্য দান ; ইয়াক বিশ্বাসেৰেহে পাব পাবি । আনহাতে বাধ্যতা হৈছে বিশ্বাসব ফল। খ্রীষ্টৰ বিষয়ে এইদৰে কোৱা হৈছে- “তোমালোকে জানা যে, পাপ দূৰ কৰিবলৈ তেওঁ প্রকাশিত হ’ল, আৰু তেওঁত কোনো পাপ নাই। যি কোনো তেওঁত থাকে, তেওঁ পাপ নকৰে ; যিকোনোৱে পাপ কবে তেওঁ তেওঁক দেখা নাই আৰু জনাও নাই।” ১ যোহন ৩:৫,৬ পদ ! এইখিনিতে এটা বিষয় দৃশ্যমান হয়, যদি আমি খ্রীষ্টত আছো, যদি ঈশ্বৰৰ প্রেম আমাৰ হৃদয়ত থাকে, আমাৰ অনুভূতি, আমাৰ ভাৱধাৰা, আমাৰ উদ্দেশ্য, আমাৰ কর্মবোৰ, ঈশ্বৰে তেওঁৰ পৱিত্র বিধানত প্ৰকাশ কৰাৰ দৰে, তেওঁৰ ইচ্ছাৰ সৈতে সামঞ্জস্য থাকিব । বাইবেল শাস্ত্রই আমাক সতর্ক কৰি কয়, “হে বোপাহঁত, তোমালোকক ভূলাবলৈ কাকো নিদিবা ; কোনোৱে ধর্মাচৰণ কবে, তেওঁ যেনে ধার্মিক তেওঁৱো তেনে ধার্মিক হয়।” ১ যোহন ৩:৭ পদ। চীনয় পর্বতত দিয়া দহ আজ্ঞাত প্ৰকাশ কৰা ঈশ্বৰৰ পৱিত্র বিধান অনুসাবে ধার্ম্মিকতাৰ মান নির্ণয় কৰা হয় । SCAsm 44.1

খ্রীষ্টত তথাকথিত কৰা বিশ্বাস অর্থাৎ বাহ্যিক ৰূপত প্ৰকাশ কৰা মানে ঈশ্বৰৰ আজ্ঞাৰ বাধ্যতা হোৱাৰ পৰা নিজকে আঁতৰাই থোৱা, ইয়াক বিশ্বাস কবা নুবুজায়, ই মনব ভ্রম যুক্তিৰ ধাৰণাহে, “কিয়নো অনুগ্রহবেহে বিশ্বাসৰ দ্বাবাই তোমালোকে পৰিত্ৰাণ পালা।” (ইফিচীয়া ২:৮ পদ) “সেইদৰে বিশ্বাসো, যদি তাৰ কৰ্ম নাথাকে, তেন্তে সি অকলে মবা।” যাকোব ২:১৭ পদ। জগতলৈ অহাৰ পূর্বে যীচুৱে নিজৰ বিষয়ে কৈছিল- “হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছা পূৰ কৰিবলৈহে মই ভাল পাওঁ ; এনেকি, তোমাৰ ব্যৱস্থা মোৰ অন্তৰত আছে।” গীতমালা ৪০:৮ পদ । আৰু ঠিক স্বর্গাৰোহণৰ আগে আগে তেওঁ কৈছিল— “মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি তেওঁৰ প্ৰেমত থাকোঁ” যোহন ১৫:১০ পদ । শাস্ত্রই কয়- “আৰু আমি তেওঁৰ আজ্ঞাবোৰ যদি পালন কৰোঁ, তেন্তে তাৰ দ্বাৰাই আমি জানো যে, তেওঁক জানিলো ; .... মই তেওঁত থাকোঁ, এই বুলি যি কোনোৱে কয়, তেওঁ যেনে আচৰণ কৰিলে তেওঁৱো তেনে আচৰণ করা উচিত।” ১ যোহন ২:৩-৬ পদ । “এই কাৰণে তেওঁ তোমালোকৰ অর্থে দুখ-ভোগ কৰি, তোমালোকৰ কাৰণে এটি আর্হি ৰাখি গ’ল ।” ১ পিতৰ ২:২১ পদ । আমাৰ আদি পিতৃ-মাতৃয়ে এদেনত পাপ কৰাৰ পূৰ্বৰে পৰাই মানুহে অনন্ত জীৱন পোৱাৰ যি চৰ্ত্ত আছিল অর্থাৎ ঈশ্বৰ পৱিত্ৰ, এতেকে তেওঁৰ অপৰিবৰ্ত্তনীয় বিধানৰ বাধ্যতা হোৱা । ঠিক এতিয়াও সেই একেই চর্ত অব্যাহত হৈ আছে । যদি অনন্ত জীৱন মানুহৰ যুক্তি, দর্শনবিদ্যা বা যিকোনো প্রকাৰে পাব পাৰি, তেন্তে সমগ্র বিশ্বৰ সুখ-আনন্দ বাধাগ্রস্ত আৰু বিপদাপন্ন হৈ পৰাৰ আশঙ্কা আছে, ফলত — সকলো প্ৰকাৰৰ পাপৰ সৈতে দুঃখ-যন্ত্রণা, অভিশাপ ইত্যাদিব প্লাৱনৰ সোঁত বৈ আহি চিবস্থায়ী হৈ ৰ’ব । SCAsm 44.2

পতনৰ পূর্বে আদমে ঈশ্বৰৰ বিধান বাধ্যতা হৈ ধার্মিক শিষ্টাচৰণ কৰিব পাৰিলাহেঁতেন ; কিন্তু তেওঁ ইয়াত অকৃতকার্য হ’ল, আৰু তেওঁ কৰা পাপৰ পৰিণতি স্বৰূপে আমিও পতিত হোৱাত নিজকে ধার্মিক কৰিব নোৱাৰোঁ । আমাৰ অশুচি স্বভাৱেৰে আমি কেতিয়াও ঈশ্বৰৰ বিধানব বাধ্যতা হ’বও নোৱাৰোঁ আৰু ধার্ম্মিকতা লাভ কৰিবও নোৱাৰোঁ । কিন্তু খ্রীষ্টই আমালৈ উদ্ধাৰৰ পথ মুকলি কৰি দিলে ; তেওঁ পৃথিৱীত থাকি অশেষ দুখ-যাতনা ভূগি আৰু ফান্দ্পৰীক্ষাৰ সন্মুখীন হৈও নিস্পাপ জীৱন ধাৰণ কৰিছিল । তেওঁ আমাৰ নিমিত্তে আত্মবলিদানেৰে আমাৰ আটাই পাপবোৰ লৈ তেওঁৰ ধার্ম্মিকতা আমাক প্রদান কৰিলে । এতেকে আপুনি যদি নিজকে তেওঁৰ হাতত সমর্পণ কৰি, আপোনাৰ ত্রাণকৰ্ত্তা বা উদ্ধাৰকৰ্ত্তা বুলি তেওঁক গ্রহণ কৰে, তেতিয়া আপুনি যিমানেই পাপী নহওক কিয়, খ্রীষ্টত আপোনাক ধার্মিক বুলি গণিত কৰা হ’ব । খ্রীষ্টৰ ধার্মিক আৰু পৱিত্ৰ গুণসমূহে অশুচি জীৱন একেবাৰে ধুই শুচি কৰি দিয়াত নিষ্কলঙ্কিত হৈ ঈশ্বৰৰ দৃষ্টিত আপুনি গ্রহণযোগ্য হ’ল । SCAsm 45.1

খ্রীষ্টই আমাৰ হৃদয়ত বাস কৰে, যেতিয়াই আমি মন পৰিবৰ্ত্তন কৰোঁ। আমাৰ জীৱন সলনি হোৱাত আমি ক’ব পাৰিম “যি জীৱন এতিয়া মোৰ শৰীৰত আছে, মোক প্রেম কৰা আৰু মোৰ কাৰণে নিজকে সমর্পণ কৰা ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছো।” গালাতীয়া ২:২০ পদ। সেয়ে যীচুৱে তেওঁৰ শিষ্য বিলাকক কৈছিল- “সেই কথা কওঁতা তোমালোক নোহোৱা, কিন্তু তোমালোকৰ পিতৃৰ আত্মাইহে তোমালোকৰ অন্তৰত কওঁতা” মথি ১০:২০ পদ । এতিয়া দেখা গ’ল যেতিয়াই খ্রীষ্টই আমাৰ হৃদয়ত কাৰ্য্য কৰিব তেতিয়া আমিও সেই একেই কাৰ্য্যৰে অনুকৰণ কৰি তেওঁৰ সৎকর্ম, আৰু সৎগুণ অর্থাৎ ধার্ম্মিকতাৰ কাৰ্য্য আৰু বাধ্যতাৰ ফল দেখুৱাব পাৰিম । SCAsm 46.1

এতিয়া আমি জানিলো যে, গৰ্ব্ব কৰিবলৈ আমাৰ নিজস্ব একোৱেই নাই । এনে এটা ভিত্তি নাই যাৰ দ্বাৰাই আত্মগৌৰৱ কৰিব পাৰোঁ । আমাৰ আশা-আকাঙ্ক্ষাৰ একমাত্ৰ থল হৈছে পৱিত্র আত্মাৰ যোগেদি আমালৈ প্ৰদান কৰা খ্রীষ্টৰ ধার্মিকতা । SCAsm 46.2

যেতিয়া আমি বিশ্বাসৰ কথা কওঁ, তেতিয়া ইয়াত থকা এটা পার্থক্যৰ কথাটো মনত ৰখা উচিত। এইখিনিতে আমি আন এক প্রকাৰৰ বিশ্বাস দেখিবলৈ পাওঁ যিটো প্রকৃত বিশ্বাসৰ পৰা সম্পূর্ণ পৃথক । ঈশ্বৰৰ শক্তি, তেওঁৰ সত্য বাক্য ইত্যাদিৰ অস্তিত্ব, চয়তান আৰু তাৰ বাহিনীবিলাকেও অস্বীকাৰ নকৰে । বাইবেল শাস্ত্ৰত কৈছে, “ভূতবোৰেও বিশ্বাস কৰে আৰু ভয়ত চিয়ঁৰে ।” যাকোব ২:১৯ পদ। এইটো প্রকৃত বিশ্বাসক নুবুজায় । ঈশ্বৰৰ বাক্যত অকল বিশ্বাস কৰাই নহয়, কিন্তু তেওঁৰ ইচ্ছাৰ বাধ্যতা হোৱা, সমস্ত অন্তঃকৰণেৰে সৈতে তেওঁত নিজকে সোধাই দিয়া, প্ৰেমেৰে তেওঁত স্থিতি লোৱা, এইবিলাকেহে বিশ্বাসৰ কর্ম । এই বিশ্বাস প্ৰেমৰ দ্বাৰাই সিদ্ধ হয়, অন্তৰ শুদ্ধ আৰু নির্মল কৰে । এই বিশ্বাসৰ যোগেদি পাপৰ দ্বাৰাই বিকৃত হোৱা আমাৰ দেহা-মন ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিত নকৈ সৃষ্টি হয় । নকৈ সৃষ্টি হোৱা জীৱনে দায়ুদৰ দৰে কৈ উঠে, “মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ ; ওৰে দিনটো সেয়ে মোৰ ধ্যানৰ বিষয়।” (গীতমালা ১১৯:৯৭ পদ) আৰু ঈশ্বৰৰ ধাৰ্ম্মিকতাৰ বিধান আমাত সিদ্ধ কৰিলে, ৰোমীয়া ৮:২ পদত কোৱাৰ দৰে মাংসৰ দৰে নহয় আত্মাৰ দৰে চলে । কিন্তু দুষ্ট আৰু কঠিন মানুহ ঈশ্বৰৰ বিধানৰ বাধ্যতা হ’ব নোৱাৰে । SCAsm 46.3

আমি কেতিয়াবা ‘শত্রু চয়তানৰ দ্বাৰা পৰাজিত হলেও, ঈশ্বৰৰ দ্বাৰাই পৰিত্যক্ত আৰু অগ্রাহ্য নহওঁ ; কিয়নো আমাৰ মধ্যস্থতাকাৰী খ্ৰীষ্ট ঈশ্বৰৰ সোঁ হাতে থাকি আমাৰ নিমিত্তে তেওঁৰ ওচৰত আৱেদন কৰি আছে । প্রিয় যোহনে (১ যোঃ ২:১ পদত) কৈছে “আৰু কোনোৱে যদিও পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায় কৰ্ত্তা ধার্ম্মিক যীচু আছে ।” আৰু খ্রীষ্টই নিজেই কোৱা এই কথাষাৰো “কিয়নো পিতৃয়ে নিজেই তোমালোকক প্রীতি কৰে” (যোহন ১৬:২৬ পদ) পাহৰিব নোৱাৰি । চয়তানৰ দ্বাৰাই বিকৃত হোৱা আমাৰ মানৱ ছবি ঈশ্বৰে ন-কৈ সৃষ্টি কৰি তেওঁৰ নিজৰ পৱিত্ৰতা আৰু ধার্ম্মিকতা আমাৰ যোগেদি প্রতিফলিত কৰে । যেতিয়াই আপুনি তেওঁৰ বশ্যতা স্বীকাৰ কৰিলে সেইক্ষণৰে পৰাই যীচুখ্রীষ্ট নহা মানলৈকে তেওঁৰ ধার্ম্মিক আৰু পৰাক্ৰমী হাতেৰে আগুৱাই লৈ যাব । বিশ্বাসত দৃঢ় হ’বলৈ প্রার্থনাত ৰত হওক । SCAsm 47.1

আপুনি যিমানেই যীচুৰ কাষলৈ আহিব সিমানেই স্পষ্টকৈ আপোনাৰ দোষ, ভুল-ত্রুটিবোৰ আপোনাৰ দৃষ্টিত ধৰা পৰিব, তেওঁৰ ধার্মিক আৰু পৱিত্ৰ গুণৰ বিপৰীতে আপোনাৰ অশুচি আৰু অধার্মিক গুণবোৰৰ বহন আৰু ফটফটীয়া হৈ ওলাই পৰিব । ইয়াতেই প্রমাণ হয় যে, চয়তানৰ আটাই প্ৰৱঞ্চনাবোৰৰ ক্ষমতা লোপ পালে । কিয়নো ঈশ্বৰৰ আত্মাৰ প্ৰেৰণাৰে প্ৰভাৱান্বিত হৈ আপুনি জাগৃত হ’ল । SCAsm 47.2

যিজনে নিজৰ অপৰাধ স্বীকাৰ নকৰে, অনুশোচনা নকৰে, তেনে ব্যক্তিৰ হৃদয়ত খ্রীষ্টৰ প্রেমে শিপাব নোৱাৰে । খ্রীষ্টত বিশ্বাস কৰি তেওঁৰ অনুগ্রহৰ দ্বাৰাই মন পৰিবর্ত্তন কৰা জনে ঐশ্বৰিক বিধিৰ বাধ্যতা হ’বই । কিন্তু আমি যদি আমাৰ নিজৰ বিকৃত নৈতিকতালৈ দৃষ্টি কৰোঁ, তেতিয়া নিশ্চিত ভাৱে এই সত্য প্রমাণিত হয় যে, খ্রীষ্টৰ মহা প্রতাপ আৰু সৌন্দর্যৰ এতিয়াও আমাৰ দৃষ্টিগোচৰ হোৱা নাই। আমি নিজকে যিমানেই নীচ দৃষ্টিৰে চাম সিমানেই আমাৰ ত্রাণকৰ্ত্তা জনাৰ আচৰিত সৌন্দর্য আৰু পৱিত্ৰতা স্পষ্ট ৰূপে দৃষ্টিগোচৰ হ’ব । এই দৃশ্যৰ ওপৰত যেতিয়া অনুতাপিত পাপীৰ দৃষ্টি পৰিব তেওঁ উদ্ধাৰকৰ্ত্তা যীচুৰ ওচৰলৈ নিজৰ অসহায় আৰু দুর্বল অৱস্থাৰ পৰা ৰক্ষা পাবলৈ ধাৱমান হ’ব, ই নিশ্চিত। SCAsm 47.3