শান্তিৰ সন্ধানত

1/14

শান্তিৰ সন্ধানত

ভূমিকা

আপুনি তেওঁক জানে নে ?

আপুনি যীচুক জানে নে, নে কেৱল তেওঁৰ বিষয়েহে জানে ? অতি কম সংখ্যক লোকেহে যীচুক জানে বুলি মানৱ ইতিহাসত পোৱা যায়; সেয়ে এই সৰু অথচ সুন্দৰ পুস্তিকাখন যীচুক সম্পূর্ণরূপে জনা এক ব্যক্তিৰ দ্বাৰাই লিখা হৈছে। তেখেতে নিম্নলিখিত শাস্ত্ৰৰ বচনফাঁকিৰ সাৱমৰ্ম উপলব্ধি কৰিব পাৰিছিল— “আৰু একমাত্র সত্য ঈশ্বৰ যি তুমি তোমাক আৰু তুমি পঠোৱা যীচুখ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন ।” যোহন ১৭:৩ পদ। লিখকে যোহন ১ : ১২ পদত উল্লেখিত প্রতিজ্ঞাটি ব্যক্তিগত ভাৱে দৃঢ়তাৰে বিশ্বাস কৰিছিল । “তথাপি যিমান মানুহে তেওঁক গ্রহণ কৰিলে, অর্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমতা দিলে।” অসংখ্যজনৰ দৰেই নিশ্চয় আপুনিও এই পুস্তিকাখন পঢ়ি খ্রীষ্টৰ প্ৰতি আকর্ষিত হ’ব । আপোনাৰ সন্মুখতেই স্বয়ং যীচুৱে তেওঁৰ দুই বাহু মেলি আপোনাক কৈছে “মই তোমাৰ ব্যক্তিগত জীৱন আৰু আত্মিক জীৱনৰ অতি প্রয়োজনীয় বিষয়বোৰৰ উত্তৰ দিম ।” SCAsm 4.1

STEPS TO CHRIST, এই পুস্তিকাখন বিশ্বৰ এশটা ভাষালৈ অনুবাদ হৈছে আৰু কুৰি নিযুততকৈও অধিক সংখ্যাত বিক্ৰী হৈছে । ধর্মীয় পুস্তকৰ ইতিহাসত এই পুস্তিকাখনেই সর্বাধিক বিক্ৰী হোৱা পুস্তিকা। পুস্তিকাখনিৰ ধাৰাবাহিক প্রয়োজনীয়তাই ইয়াৰ সীমাহীনতা আৰু সার্বজনীনতাৰ ফটফটীয়া, পোনপতীয়া আৰু সৰল বার্ত্তাৰ প্রমাণ দিয়ে । SCAsm 4.2

প্রকাশকবৃন্দ