শান্তিৰ সন্ধানত

2/14

মানৱৰ প্ৰতি ঈশ্বৰৰ প্রেম

প্রকৃতি আৰু প্রকাশিত আটাই বস্তুৱেই ঈশ্বৰৰ প্ৰেমব সাক্ষ্যদান দিয়ে। আমাৰ একমাত্র স্বর্গীয় পিতৃয়েই জীৱনব জ্ঞানৰ আৰু আনন্দৰ উৎস। প্ৰকৃতিৰ আচৰিত আৰু সৌন্দর্য্যপূর্ণ (সৃষ্টি) বস্তুবোৰলৈ মন কৰকচোন । ই কেৱল মানুহৰ বাবেই নহয়, আটাই জীৱ-জন্তু, পশু-পক্ষীৰ প্ৰতিও প্রয়োজনীয়তাৰ আচৰিত সমন্বয়ৰ প্রতিফলন ঘটাইছে। ব’দ-বৰষুণ আদিয়ে আমাৰ পৃথিৱীখন সুজলা, সুফলা আৰু শ্যামলা কৰি তুলিছে ; পাহাৰ-পর্বত, নদ-নদী, সাগৰৰ সমতল ভূমি, এই আটায়ে আমাৰ প্ৰতি সৃষ্টিকর্ত্তা, ঈশ্বৰৰ, প্ৰেমৰ সাক্ষ্য বহন কৰি আহিছে । এইজনা ঈশ্বৰে তেওঁ সৃষ্টি কৰা আটাই জীৱকেই দৈনিক প্রয়োজনীয় আহাব যোগায়। ইয়াৰ এক সুন্দৰ বিৱৰণ গীতমালা পুস্তকত এনেদৰে পোৱা যায় । SCAsm 6.1

“সকলো চকুৱে, তেওঁলৈ অপেক্ষা কৰে ;
তুমিয়েই সিবিলাকক উচিত সময়ত আহাৰ দিওঁতা ।
তুমি তোমার হাত মেলি,
সমুদায় প্রাণীৰে বাঞ্ছা পূর্ণ কৰি থাকা।”
SCAsm 6.2

গীতমালা ১৪৫ : ১৫,১৬ পদ।

মানুহক ঈশ্বৰে সম্পূর্ণ পৱিত্ৰ আৰু নিষ্কলঙ্কিত ভাৱে সৃজন কৰিলে ; শাও, ক্ষয়িষ্ণুতা আৰু শ্রীবৃদ্ধিহীনতা, এইবিলাকৰ দ্বাৰাই প্ৰভাৱান্বিত নোহোৱা, এই সুন্দৰ পৃথিৱী তেওঁ নিজ হাতেৰে সৃষ্টি কৰিলে । কিন্তু হায়! ঈশ্বৰৰ প্ৰেমৰ বিধান, উলঙ্ঘন কৰাৰ পৰিনামেই হ’ল আজি এই দুখ-যন্ত্রণা, মৃত্যু। তৎস্বত্বেও পাপৰ পৰিণাম দুঃখ-কষ্টৰ মাজতো, মানুহৰ প্রতি ঈশ্বৰৰ প্ৰেম প্ৰকাশ হৈয়েই আছে । শাস্ত্ৰত লিখা আছে — ” মানুহৰ কাৰণে ঈশ্বৰে ভূমিক শাও দিলে।” আদিপুস্তক ৩:১৭ পদ । কাঁইট আৰু কাঁইটীয়া বন, দুখ-কষ্ট আৰু ফান্দ্ পৰীক্ষাই মানুহৰ জীৱনত নিজৰ প্রতি যত্ন লোৱা আৰু পৰিশ্রম কৰাব এক বিশেষ শিক্ষা স্বৰূপ হ’ল । আনহাতে, যি পাপে মানুহক অপথে নি ধ্বংসৰ মুখলৈ ঠেলি পঠিয়াইছিল, ঈশ্বৰৰ দয়া আৰু অনুগ্ৰহত মৃত্যুৰ গৰাহৰ পৰা ৰক্ষা পালে, আৰু তেওঁবিলাকে ইয়াৰো এটা শিক্ষা পালে । জগতখন পতিত হ’লেও, প্রকৃতিয়ে নিজেও আশাৰ আৰু শান্তনাৰ বাণী এতিয়াও প্ৰকাশ কৰি আছে । পর্বত পাহাৰ, ভৈয়াম, নদ-নদী, গছ-গছনি, তৃণ-লতা, সাগৰ আদি প্ৰকৃতিৰ এই সকলোবিলাকে ঈশ্বৰৰ প্ৰেম প্রতিফলিত কৰি আছে । আনকি আকাশত উৰিফুৰা চৰাইবোৰেও সুললিত মাতেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে । আমাৰ স্বর্গীয় পিতৃৰ ইচ্ছা তেওঁৰ আটাই সন্তান বিলাক সুখ আৰু আনন্দত থাকক ।ঈশ্বৰৰ মুখৰ বাক্যই তেওঁৰ গুণ প্রকাশ কৰে, কিয়নো তেওঁ নিজেই তেওঁৰ অসীম প্ৰেম আৰু দয়াৰ কথা ঘোষণা কৰিছে । যেতিয়া মোচীয়ে ঈশ্বৰৰ প্রতাপ দেখিবলৈ বিনয় কৰিলে, তেতিয়া ঈশ্বৰে মোচীক উত্তৰ দি ক’লে, ” মই তোমাৰ আগেদি মোৰ সকলো শ্রেষ্ঠত্ব গমন কৰাম ....” যাত্রাপুস্তক ৩৩ : ১৮,১৯ পদ । আৰু ঈশ্বৰে মোচীৰ সন্মুখেদি গমন কৰা কালত এইদৰে ঘোষণা কৰিলে “যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্রোধত ধীৰ আৰু দয়া আৰু সত্যতাত মহান ; হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁতা, অপৰাধ, আজ্ঞা লঘন আৰু পাপ ক্ষমা কৰোঁতা.....।” যাত্রাপুস্তক ৩৪ : ৬,৭ পদ। “ঈশ্বৰ দয়ালু ঈশ্বৰ, দয়াৰে পৰিপূর্ণ, ক্রোধত ধীৰ আৰু দয়াত মহান” যোনা ৪ : ২; মীখা ৭ : ১৮ পদ। SCAsm 6.3

স্বৰ্গ আৰু পৃথিৱীত থকা অসংখ্য চিনবোৰৰ দ্বাৰাই ঈশ্বৰে আমাৰ হৃদয়ত তেওঁৰ প্ৰভাৱ বিস্তাৰ কৰি থাকিলেও এই লয়প্রাপ্ত বস্তুবোৰে তেওঁক নিখুঁত ভাৱে প্ৰকাশ কৰিব নোৱাৰে । মহাশত্রু, যিজনে ভাল দেখিব আৰু সহ্য কৰিব নোৱাৰে, সেই চয়তানে মানুহৰ চিত্ত চকু অন্ধ কৰি দিছে, যাতে— মানুহে ঈশ্বৰক নিষ্ঠুৰ, ক্ষমাহীন, দয়াহীন বিচাৰক, নির্মম, প্রতিশোধ লওঁতা ইত্যাদি মনোভাৱ পোষণ কৰি ভয়ৰ দৃষ্টিৰে চায় ! চয়তানে মানুহৰ মনত ঈশ্বৰৰ এনে এটি ভয়াবহৰ প্রতিচ্ছবি আঁকি দিছে যে, ঈশ্বৰে মানুহক সদায় হিংসা, ঘৃণা, বিদ্বেষব দৃষ্টিৰে চায় যাতে আমাৰ দায়দোষ বিলাক বিচাৰি আমাৰ ওপৰত ঐশ্বৰিক দণ্ডাজ্ঞা বর্ষাব পাৰে । চয়তানে ঈশ্বৰৰ প্রতি মানুহৰ মনত সৃষ্টি কৰা এনে বিরূপ মনোভাৱক নিঃশেষ কৰি, পতিত জগতৰ প্ৰতি থকা ঈশ্বৰৰ অসীম প্রেম আৰু দয়া প্ৰকাশ কৰিবলৈ যীচু মানুহৰ মাজত নৰৰূপ ধাৰণ কৰি আহিল । SCAsm 7.1

পিতৃক প্রকাশ কৰিবলৈ সৰগৰ পৰা স্বয়ং ঈশ্বৰ-পুত্র এই ধৰাত মানৱ জনম ল’লে । ” কোনেও ঈশ্বৰক কেতিয়াও দেখা নাই ; পিতৃৰ কোলাত থকা একমাত্র পুত্রই তেওঁক প্ৰকাশ কৰিলে ।” যোহন ১:১৮ পদ। “.... পুত্ৰৰ বাহিৰে আৰু পুত্রই যি কোনোব আগত তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰে কোনেও পিতৃক নাজানে।” মথি ১১:২৭ পদ। যেতিয়া শিষ্য বিলাকৰ মাজৰ এজনে সুধিলে “পিতৃক আমাক দেখুৱাওক ”, তেতিয়া যীচুৱে ক’লে “হে ফিলিপ, মই তোমালোকৰ লগত ইমান দিন থকাতো তুমি মোক চিনা নাইনে ? যিজনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে ; তেন্তে পিতৃক দেখুৱাওক বুলি কেনেকৈ কৈছা ?” যোহন ১৪:৮,৯ পদ। SCAsm 8.1

যীচুৱে তেওঁৰ জাগতিক পৰিচৰ্য্যাৰ প্রতি ব্যাখ্যা কৰি কৈছিল, “.... দৰিদ্র বিলাকৰ আগত শুভবার্ত্তা প্রচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে ; বন্দীয়াৰৰ আগত মুক্তিৰ আৰু অন্ধবিলাকৰ আগত পুনৰাই চকু পোৱাৰ কথা ঘোষণা কৰিবলৈ, চেপা খোৱাবিলাকক মুকলি কৰিবলৈ .... মোক পঠালে।” লুক ৪:১৮ পদ। তেওঁ সঁচাকৈয়ে গাঁৱে-ভূঁইয়ে, নগৰে-চহৰে প্রবেশ কৰি নানা প্ৰকাৰৰ অনেক ৰোগীবিলাকক সুস্থ কৰিলে; ভুত-চয়তানৰ দ্বাৰাই আক্রান্ত হোৱা লোক বিলাকক সুস্থ কৰিলে । তেওঁৰ এই দয়াৰ কামবোৰেই তেওঁ যে ঐশ্বৰিক ভাৱে মনোনীত আৰু অভিষিত ইয়াক প্ৰমাণ কৰিছিল। তেওঁ কৰা প্রত্যেকটো কর্মতেই তেওঁৰ প্রেম, দয়া আৰু সহানুভূতি ফুটি উঠিছিল। মনুষ্য সন্তানৰ প্রতি তেওঁৰ মধুৰ সহানুভূতি আৰু দয়া থকা হেতুকে তেওঁ নিজে মানৱ জনম ল’লে, যাতে মানুহৰ আটাই প্রয়োজনীয়বোৰৰ সমাধান কৰি যোগাব পাৰে । দৰিদ্ৰ আৰু নম্র লোক বিলাক, আনকি সৰু সৰু শিশু বিলাকেও নির্ভয় আৰু নিসংকোচ মনেৰে তেওঁৰ কাষ চাপিছিল । তেওঁ দুখী দৰিদ্র লোক বিলাকক প্রয়োজনীয় সাহায্য প্রদান কৰাৰ ওপৰিও শিশু বিলাকক কোলাত তুলি লৈ মৰম ও আশীর্বাদ কৰিছিল। SCAsm 8.2

যীচুৱে দমন নীতিৰে কোনোকালে সত্যৰ বাক্য প্রচাৰ কৰা নাছিল, বৰং প্ৰেমেৰে ঈশ্বৰৰ সত্যবাক্য কাৰো অন্তৰত আঘাত নোপোৱাকৈ ঘোষণা কৰিছিল । তেওঁ কপট, হিংসা, অবিশ্বাস, অন্যায়, অবিচাৰ, পাপ ইত্যাদিবোৰক প্রকাশ্যভাৱে বিবোধ ঘোষণা কৰিছিল। যিজনাই একমাত্র পথ, সত্য আৰু জীৱন, তেওঁকেই যিখন নগৰৰ লোকে দেখ-দেখকৈ অগ্রাহ্য কৰিলে, তেওঁ সেইখন যিৰুচালেম নগৰৰ নিমিত্তে ক্রন্দন কৰিছিল । SCAsm 8.3

যীচু আটাই মানৱ জাতিৰ একমাত্ৰ উদ্ধাৰ কৰ্ত্তা বা মুক্তিদাতা বুলি জানিও সিবিলাকে তেওঁক গ্রহণ নকৰিলে, তথাপিও তেওঁ সিবিলাকৰ প্রতি দয়া আৰু প্রেম প্রদর্শন নকৰাকৈ থকা নাছিল ; কাৰণ তেওঁ নিঃস্বার্থ মানৱসেৱাৰ কাৰণেহে এই জগতলৈ আহিছিল । যিহেতু ধনী বা দুখীয়া, উচ্চ বা নীচ, স্বজাতি বা পৰজাতি আটাই ব্যক্তিয়েই তেওঁৰ দৃষ্টিত মূল্যৱান । আটাই পতিত মানুহক উদ্ধাৰ কৰাই তেওঁৰ পৰিচৰ্য্যাৰ মূল উদ্দেশ্য আছিল । এইয়েই আছিল খ্রীষ্টৰ যোগেদি মানৱ জাতিলৈ ঈশ্বৰৰ প্ৰেম । প্ৰকৃতাৰ্থত ক’বলৈ গ’লে-- ‘খ্রীষ্টই স্বয়ং ঈশ্বৰ’, ‘তেওঁক মাংসত প্রকাশ কৰা হ’ল।’ ১ম তীমথি ৩:১৬ পদ । SCAsm 9.1

আমাক পাপৰ পৰা উদ্ধাৰ কৰিবৰ অৰ্থে তেওঁ এই জগতলৈ আহিল, আমাৰ পাপৰ কাৰণে তেওঁ যন্ত্রণা ভোগ কৰি মৃত্যু বৰণ কৰিলে । পাপৰ পংকিলতাত ডুবগৈ থকা অন্ধকাময় জগতখনক উদ্ধাৰ কৰিবৰ অর্থে— অনুগ্রহ, দয়া আৰু প্রেমেবে পবিপূর্ণ এনে এখন বর্ণনাতীত গৌৰৱময় ৰাজ্যৰ পৰা ঈশ্বৰে তেওঁৰ একমাত্র অদ্বিতীয় পুত্ৰক পঠালে । তেওঁ মর্ত্ত্যলৈ আহি আমাৰ নিমিত্তে নানা কষ্ট ভূগিলে, অপমানিত হ’ল আৰু অৱশেষত তেওঁ মৃত্যুদণ্ডেবে দণ্ডিত কৰাও হ’ল । শাস্ত্ৰত কৈছে, “কিন্তু আমাৰ অধর্মবোৰৰ নিমিত্তে তেওঁক খোঁচা হ’ল, আমাৰ অপৰাধবোৰৰ নিমিত্তে গুড়ি কৰা হ’ল, আমাৰ শান্তিজনক শাস্তি তেওঁৰ ওপৰত পবিল, আৰু তেওঁৰ গাত বহা কোবৰ সাঁচবোৰৰ দ্বাৰাই আমি সুস্থ হ’লো।” যিচয়া ৫৩:৫ পদ। নির্জ্জন কালবাবীব ক্রুচৰ ওপৰত ওলমি থকা যীচুলৈ চাওক! ঈশ্বৰৰ নিস্কলংকিত পুত্ৰই আমাৰ আটাইৰে পাপৰ ভাৰ বলে, যিজন, ঈশ্বৰৰ সৈতে একেলগে আছিল ; কিন্তু পাপে ঈশ্বৰৰ আৰু মানুহৰ মাজত এক ভয়াবহ পৃথকতাৰ সৃষ্টি কৰাত, সেয়ে তেওঁ অসহ্যকৰ যন্ত্ৰণাত বৰ মাতেবে বিঙিয়াই কৈছিল, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কিয় মোক পবিত্যাগ কৰিলা?” মথি ২৭:৪৬ পদ। এইয়াই আছিল ভয়ঙ্কৰ অপৰাধৰ ভাৰ যিহে ঈশ্বৰৰ পৰা পৃথক কৰিলে— দুখ আৰু বেজাৰত তেওঁৰ অন্তৰ চূর্ণ-বিচূর্ণ হ’ল। SCAsm 9.2

কিন্তু এই মহান আত্মবলিদান ঈশ্বৰে মানুহৰ প্রতি প্রেম আৰু দয়াৰ ভাৱ জগাবৰ কাৰণে নহয়, “কাৰণ ঈশ্বৰে জগতক ইমান প্রেম কৰিলে যে, তেওঁ নিজৰ একমাত্র পুত্রকে দান কৰিলে....।” যোহন ৩:১৬ পদ। এই মহান প্রায়চিত্তৰ কাৰণে ঈশ্বৰে আমাক প্রেম কৰিলে এনে নহয়, বৰং তেওঁ আমাক প্রেম কৰা হেতুকেই এই প্রায়চিত্তৰ উপায় কৰিলে । পতিত জগতখনলৈ ঈশ্বৰৰ প্ৰেমৰ সোঁত বোৱাবলৈ একমাত্র যীচুৱেই মাধ্যম আছিল । “ঈশ্বৰে খ্রীষ্টত থাকি, জগতৰ অপৰাধ নিলিখি .... তেওঁবিলাকৰ মিলন কৰি আছিল......” ২য় কৰিন্থীয়া ৫:১৯ পদ। স্বয়ং পিতৃ ঈশ্বৰেও তেওঁৰ পুত্ৰৰ সৈতে একে যান্ত্রণাৰ সমভাগী হ’ল । গেৎচিমানিৰ নির্মম যাতনা আৰু কালবাৰীৰ ক্রুচীয় মৃত্যুত অসীম প্ৰেমৰ অধিকাৰীজনাই আমাৰ পাপৰ প্রায়চিত্তৰ ঋণ পরিশোধ কৰিলে । SCAsm 10.1

যীচুৱে কৈছিল “মই মোৰ প্ৰাণ পুনবাই ল’বলৈ তাক এৰি দিওঁ ; এই হেতুকে পিতৃয়ে মোক প্রেম কৰে।” যোহন ১০:১৭ পদ। ইয়াৰ অৰ্থ এইয়ে যে, মোৰ পিতৃয়ে তোমালোকক ইমান প্রেম কৰে যে — তোমালোকৰ প্রায়শ্চিত্তৰ অর্থে মই নিজৰ প্রাণ দিয়াত তাতকৈ মোক অধিক প্রেম কৰে । পিতৃৰ কোলাত থকা তেওঁৰ একমাত্র পুত্রই আমাৰ উদ্ধাৰ কাৰ্য্য সিদ্ধ কৰিলে । কিয়নো ঈশ্বৰৰ প্ৰেমৰ মহান উদাৰতাক জনা জনেহে এনে কাৰ্য্য সিদ্ধ কৰিব পাৰে । “ঈশ্বৰে জগতক ইমান প্রেম কৰিলে যে, তেওঁৰ একমাত্র অদ্বিতীয় পুত্ৰক দান কৰিলে ।” ঈশ্বৰে তেওঁৰ পুত্ৰক মানুহৰ মাজত কেৱল বসতি কৰিবলৈ, পাপৰ ভাৰ ববলৈ আৰু আত্মবলিদান হ’বলৈ পঠোৱা নাছিল ; বৰং পতিত মানৱ জাতিৰ মাজত বসতি কৰি নিজৰ পৰিচয় দাঙি ধৰি তেওঁবিলাকৰ পাৰ্থিৱ প্ৰয়োজনীয়বোব আৰু আত্মিক আহাৰ যোগাবলৈ দিছিল । ঈশ্বৰে খ্রীষ্টৰ যোগেদি মানৱ সন্তানৰ সৈতে কেতিয়াও বিচ্ছিন্ন হ’ব নোৱাবা সম্বন্ধ দৃঢ় কৰিলে, “এই কাৰণে তেওঁবিলাকক ভাতৃ বুলি মাতিবলৈ তেওঁ লাজ নাপায়....।” ইব্রী ২:১২ পদ। তেওঁৱেই আমাৰ সর্বযুগৰ পৰিত্ৰাণদাতা । তেওঁৱে আমাৰ বলিদান, আমাৰ শান্তনাদাতা, আমাৰ ভ্ৰাতৃ, যিজনাই আমাৰ দৰে মানৱ আকৃতি ধাৰণ কৰি তেওঁ উদ্ধাৰ কৰা লোকবিলাকৰ সৈতে সর্বযুগৰ বাবে একত্রিত হ’ল— সেই জনাই মানুহৰ পুত্র। পতিত মানৱক পাপৰ দ্বাৰাই আক্রান্ত হৈ ধ্বংস আৰু অধঃপতন হোৱাৰ পৰা উদ্ধাৰ কৰি ঈশ্বৰৰ অসীম প্রেম আৰু আনন্দ প্রতিফলিত কৰিলে । আমাৰ স্বগীয় পিতৃয়ে তেওঁৰ পুত্ৰৰ যোগেদি আমাৰ পাপৰ ধাৰ শুজি পুনৰাই তেওঁত সৃষ্টি কৰিলে। পাঁচনি যোহনে ঈশ্বৰৰ প্ৰেমৰ নিগূঢ় অর্থ বুজি পাই কৈছিল “চোৱা, আমি যেন ঈশ্বৰৰ সন্তান বুলি বিখ্যাত হওঁ, ইয়াতে পিতৃয়ে আমাক কেনে প্ৰকাৰ প্রেমদান কৰিলে ! আৰু আমি তেওঁৰ সন্তান হৈছো।” ১ম যোহন ৩:১ পদ। SCAsm 10.2

ঈশ্বৰৰআজ্ঞা উল্লংঘনকাৰী হৈ মানুহে চয়তানৰ অধীন হ’ল । কিন্তু খ্ৰীষ্টৰ প্ৰায়চিত্তকাৰী আত্মবলিদানক বিশ্বাসৰ দৃষ্টিৰে চালে আদমৰ পতিত সন্তান বিলাকে পুনৰাই ঈশ্বৰৰ সন্তান হোৱাৰ অধিকাৰ পায় । তেওঁ নৰ-ৰূপ ধাৰণ কৰি মানুহক উচ্চ স্থান দিলে, যেন— তেওঁৰ যোগেদি মানুহ পুনৰাই ‘ঈশ্বৰৰ সন্তান’ নামৰ যোগ্য হয়। SCAsm 11.1

এইয়া ঈশ্বৰৰ অতুলনীয় প্রেম । স্বর্গীয় বজাৰ সন্তান ! কেনে অর্থপূর্ণ প্রতিজ্ঞা। এক গভীৰ আধ্যাত্মিক ধ্যানৰ মূল প্রসঙ্গ। জগতৰ প্রতি অতুলনীয় প্রেম থকা ঈশ্বৰক জগতে প্রেম কৰিব নাজানিলে । বশীভূত কৰিব পৰা ইচ্ছা শক্তিৰে নিজকে ঈশ্বৰৰ ইচ্ছাত আৱদ্ধ কৰি ৰাখিব পাৰোঁ ; কিয়নো ক্রুচৰ জ্যোতিত আমি যিমানেই ঐশ্বৰিক বিষয়বোৰ অধ্যয়ন কৰোঁ, সিমানেই অধিক দয়া, মমতা আৰু ক্ষমাৰ নিৰপেক্ষতা আৰু ন্যায় বিচাৰৰ সৈতে কেৱল ওতঃপ্রোত সম্বন্ধ হৈ থকাই নহয়, কিন্তু কোনো মাতৃৰ নিজ অবাধ্য সন্তানৰ প্ৰতি থকা স্নেহ সমবেদনাতকৈও এক অসীম আৰু নিবিড় প্রেমৰ দৃষ্টিগোচৰ হয় । SCAsm 11.2