মহান বিবাদ

29/46

অধ্যায় ২৮ - তৃতীয় দূতৰ বাণী

যেনে পবিত্র স্থানত যীশুৰ পৰিচৰ্যা শেষ হল, তেখেতে আটাইতকৈ পবিত্ৰ স্থানত প্ৰৱেশ কৰিল আৰু ঈশ্বৰৰ আইন ভুক্তকৰা পেৰাখনৰ আগত থিয় হল, তেখেতে আন এজন প্রবল পৰাক্রমী দূতক তৃতীয় বাণীটোৰ সৈতে পৃথিবীলৈ পঠিয়াই দিলে। তেখেতে এখন বাকলিৰ কাকত দূতজনৰ হাতত থৈ দিলে আৰু যেনে তেওঁ ঐশ্বর্য্য আৰু ক্ষমতাৰে পৃথিবী লৈ নামিল, তেওঁ এটা ভয়াবহ সাবধান বাণী ঘোষণা কৰিলে, যিটো আছিল সকলো সময়তে মানুহে বহন কৰা আটাইতকৈ ভয়ানক ভাবুকি। এই বাণীটোৰ উদ্দেশ্যে আছিল ঈশ্বৰৰ সন্তান বিলাকক তেওঁলোকৰ পহৰাত ৰাখিবলৈ আৰু সিহঁতক দেখুৱাবলৈ প্ৰলোভন আৰু যাতনাৰ ক্ষণটো যিটোসিঁহতৰ আগত আছিল। দূতজনে ক’লে, পশু আৰু তাৰ প্ৰতিমূৰ্তিৰ সৈতে সিঁহতক ওচৰ চপা খুঁজত আৰু তাৰ প্ৰতিমূৰ্ত্তিৰ সৈতে সিঁহতক চৰ চপা খুঁজত নমোৱা হব। দৃঢ় হৈ থকায়ে তেওঁলোকৰ অনন্ত জীৱনৰ আশা মাথোন। যদিও তেওঁলোকৰ জীৱনৰ আশংকা আছে, তথাপি তেওঁলোকক অবশ্যেই সত্যটো ধৰি ৰাখিব লাগিব। এই কথাখিনিৰে তৃতীয় জন দূতে তেওঁৰ বাণী শেষ কৰে, এয়া হৈছে সিদ্ধ পুৰুষ বিলাকৰ ধৈৰ্য্য, ইয়াত তেওঁলোক আছে যিবিলাকে ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰে আৰু যীশুৰ ওপৰত বিশ্বাস ৰাখে। এই কথাবোৰ পুনৰুক্তি কৰি তেওঁ স্বৰ্গীয় ধৰ্ম্ম মন্দিৰলৈ আঙ্গুলিয়ালে। যি বিলাকে এই বাণী আকোৱালি লৈছে তেওঁলোকক আটাইতকৈ পবিত্ৰ স্থানলৈ যাবলৈ আদেশ দিয়া হয় যত যীশু থিয় হৈ আছে পেৰাখনৰ আগত, সেই সকলোৰে বাৱে চূড়ান্ত মধ্যস্থতা কৰি যি সকলৰ বাৱে দয়া এতিয়াৰ পলম কৰিবৈ থাকে আৰু যি সকলে অজ্ঞতাৰে ঈশ্বৰৰ বিধে খন ভঙ্গ কৰিছে। ধর্মিষ্ট মৃতক আৰু ধৰ্ম্মষ্টি জীয়াই থকা উভয়ৰ বাৱেই এই প্ৰায়শ্চিত্ত কৰা হল। যীশুৱে সেই সকলৰ বাৱে প্ৰায়শ্চিত্ত কৰে যি সকলৰ ঈশ্বৰৰ বিধিবোৰৰ ওপৰত পোহৰ গ্ৰহণ ন কৰি মৃত্যু হল আৰু অজ্ঞতাৰে পাপ কৰিল। GCam 144.1

যীশুৰ আটাইতকৈ পবিত্ৰ স্থানৰ দুৱাৰ খন খুলি দিয়াৰ পিচত বিশ্ৰামৰ দিনৰ পোহৰ খন দেখা গৈছিল আৰু ঈশ্বৰৰ মানুহ বিলাকক পৰীক্ষা আৰু প্রমান কৰিব লগীয়া আছিল, যেনে অতীতত ঈশ্বৰে ইজৰাইলৰ সন্তানবিলাকক প্রমান পৰিছিল, এইটো দেখিবলৈ যে তেওঁলোকে তেখেতৰ বিধিখন ধৰি ৰাখিব নে নাই। মই দেখিলো যে তৃতীয় জন দূতে ওপৰ মুখীয়া হৈ নির্দেশেৰে হতাশ সকলক স্বগীয় ধৰ্ম্ম মন্দিৰৰ আটাইতকৈ পবিত্র স্থানলৈ যোৱাৰ পথটো দেখালে। সেই স্থানটো লৈ তেওঁলোক বিশ্বাসেৰে যীশুক অনুসৰণ কৰিল। আকৌ তেওঁলোক যীশুৰে খুঁজি পোৱাত আনন্দ আৰু আশা নতুনকৈ জাগি উঠিল। মই তেওঁলোকক অতীত পুননিৰীক্ষণ কৰা দেখিলো, যীশুৰ দ্বিতীয় আবিৰ্ভাবৰ ঘোষণাৰ পৰা তেওঁলোকৰ যাত্ৰাৰ যোগেছি ১৮৪৪ চনত উকলি যোৱা সময়লৈ। তেওঁলোক দেখে যে তেওঁলোকৰ হতাশাৰ ব্যাখ্যা হল, আৰু আনন্দ আৰু নিশ্চয়তা আকৌ তেওঁলোকক উদগায়। তৃতীয় দূতে অতীত, বর্তমান আৰু ভবিষ্যতক আলোকিত কৰিল আৰু তেওঁলোকে জানে যে ঈশ্বৰ আচলতে তেখেতৰ ৰহস্যময় পৰিণাম দৰ্শিতাৰে তেওঁলোকক আগুৱাই নিছে। GCam 145.1

মোক নিবেদন কৰা হল যে অৱশেষ সকলে আটাইতকৈ পবিত্ৰ স্থানত যীশুক অনুসৰণ কৰিল, আৰু পেৰা আৰু দেৱ সিংহাসন খন দখি সেই বোৰৰ গৌৰবেৰে তেওঁলোকক বিমোহত কৰিল। যীশুৰে পেৰাৰ ছানী খন উঠালে আৰু দহটো আজ্ঞা লিখি থোৱা শিলৰ মেজখন দেখিল। তেওঁলোকে তেজস্বী দৈববাণীবোৰ সন্ধান কৰিবলৈ গৈ কঁপি উঠিল আৰু দেখিল যে চতুর্থ খন আজ্ঞা দহটা আদেশৰ মাজত তজবজীয়া হৈ আছে যত অধিক উজ্জ্বল পোহৰ পৰিছে বাকী নটাত কৈ আৰু ইয়াক গৌৰৱৰ প্রভায় চাৰিও কাষে ঘেৰি ধৰিছে। তেওঁলোকে তাত তেওঁলোকক জানোৱা একোৱে বিচাৰি নে পালে যে বিশ্ৰামৰ দিনটো উঠাই দিয়া হৈছে বা ইয়াক সপ্তাহৰ প্ৰথম দিনালৈ পৰিবর্ত্তিত কৰা হৈছে। যেতিয়া ভক্তিপূৰ্ণ আৰু দাৰুণ ঐশ্বর্য্যৰে ঈশ্বৰৰ মুখৰ পৰা বাণী ওলাল, বজ্ৰপাতৰ ঢেৰেকনি শুনা গল আৰু তেখেতে নিজৰ পবিত্র আঙ্গুলিৰে শিলৰ মেজখনৰ ওপৰত লিখি দিলে, তোমালোক ছয় দিন শ্ৰম আৰু তোমালোকৰ সকলো কাম কৰা কিন্তু সপ্তম দিনাখন হব প্রভু, তোমালোকৰ ঈশ্বৰৰ বিশ্ৰামৰ দিন। দহটা আজ্ঞাৰ বিষয়ত যতন শিৱাত তেওঁলোকে আচৰিত হল। তেওঁলোক দেখিল যে সেই বোৰ জোভােৰ ওচৰত থোৱা হল, তেওঁৰ পবিত্ৰতাৰে আৰু আৰু ৰক্ষা কৰিবলৈ। তেওঁলোকে দেখে যে তেওঁলোকে দহোটা বিধানৰ চতুৰ্থ খন আজ্ঞাৰ প্ৰতি দন্ডালি দেখুৱাইছে আৰু জেহোভাৱে শুচি কৰোৱা দিনটোৰ পৰিবর্ত্তে অধ্যাত্মিক আৰু প’পবাদী সকলে স্থিৰ কৰা দিনটোকে পালন কৰি আছে। তেওঁলোকে ঈশ্বৰৰ আগত আপোনা সকলক বিনীত কৰে আৰু অতীতত কম উলঙ্গাকষণাৰ বাৱে শোক কৰে। মই ধূপধাৰৰ ধোঁওত ধূপ দেখিলো যেতিয়া যীশুয়ে তেওঁলোকৰ স্বীকাৰোত্তি আৰু প্রার্থনা তেখেতৰ পিতৃলৈ উচৰ্গা কৰিল। যেনে এয়া নামিল, এটা উজ্জ্বল পোহৰ আহি পৰিল যীশুৰ ওপৰত, দেব সিংহাসনৰ উপৰত আৰু মনোযোগী প্রার্থনা কাৰী সকলৰ ওপৰত, যি সকলে সমস্যাত পৰিছিল কাৰণ তেওঁলোকে ঈশ্বৰৰ বিধিৰ উলঙ্ঘকাৰী হিচাপে আপোনাসকলক আবিষ্কাৰ কৰিছিল, আশীর্বাদ ধন্য হৈছিল, আশা আৰু আনন্দোৰ তেওঁলোকৰ চেহেৰা জ্বলি উঠিল। তেওঁলোকে তৃতীয় জন দূতৰ কামটোত যোগদান কৰিল আৰু উচ্চস্বৰে ভক্তিপূর্ণ সাৱধান বাণীৰ কথা ঘোষণা কৰিল কিন্তু প্রথমে অলপ কেই জনেই বাণীটো গ্ৰহণ কৰিল, তথাপি তেওঁলোক শক্তিৰে সাৱধান বাণীৰ ঘোষণা চলাই গল। তাৰ পিচত মই বহুতোকে তৃতীয় দূতৰ বাণীটো আকোৱালি লবলৈ দেখিলো আৰু তেওঁলোকৰ মাতৰ লগত একেলগ হল যি বিলাকে প্রথমে সাবধান বাণীটো ঘোষণা কৰিছিল আৰু ঈশ্বৰৰ প্ৰশংসা কৰি সন্মান যাচিছিল তৈখেতে শুচি কৰোৱা বিশ্ৰামৰ দিনটো পালন কৰি। GCam 146.1

বহুতোৱে যিবিলাকে তৃতীয় বাণীটো আকোৱালি ললে তেওঁলোকৰ আগৰ দু’টো বাণীৰ কোনো অভিজ্ঞতা না ছিল। চয়তানে এইটো বুজি পালে আৰুতেওঁলোকক উচ্ছন্ন কৰাৰ বাৱে তাৰ দুষ্ট চকুখন আছিল তেওঁলোকৰ ওপৰত। কিন্তু তৃতীয় দূতে আটাইতকৈ পবিত্ৰ স্থানলৈ তেওঁলোকক নিৰ্দেশ দি আছিল আৰু যি বিলাকৰ অতীতৰ বাণী বোৰত অভিজ্ঞতা আছিল সিঁহতে ধৰ্ম্ম মন্দিৰৰ পথলৈ বোৰত অভিজ্ঞতা আছিল সিঁহতে ধৰ্ম্ম মন্দিৰৰ পথলৈ তেওঁলোকক নির্দেশদি আছিল। বহুতোৱে দূতবিলাকৰ বাণীত সত্যৰ সম্পূৰ্ণ শিকল দেখি আনন্দেৰে এয়া গ্ৰহণ কৰিলে। তেওঁলোকে সেইবোৰ ক্রম অনুসৰি আকোৱালি ললে আৰু যীশুক বিশ্বাসেৰে স্বৰ্গীয় লঙ্গৰ হিচাপে ধাৰণ কৰিবলৈ। মোক এই বাণীবোৰ নিবেদন কৰা হল। যেতে ব্যক্তি বিলাকে সেই বোৰক গ্ৰহণ কৰি বুজিব পাৰিল। তেওঁলোকক চয়তানৰ অনেক প্ৰতাৰণাৰ বিৰূদ্ধে ৰক্ষা কৰা হল। GCam 148.1

১৮৪৪ চনত বৰকৈ হতাশাৰ পিচত, চয়তান আৰু তাৰ দূতবিলাকে জাকৰ বিশ্বাসক অস্থিৰ কৰিবলৈ ব্যস্ত হৈ ফান্দ পাতি আছিল। সি প্ৰভাৱিত কৰি আছিল ব্যক্তি বিলাকৰ মনক যি সকলৰ এই বিষয়ত এটা ব্যক্তিগত অভিজ্ঞতা আছিল। তেওঁলোকৰ বিনয়ৰ এক ভেশ আছিল। তেওঁলোকে প্ৰথম আৰু দ্বিতীয় বাণীটো পৰিবর্তন কৰিল আৰু সেই বোৰ সৰাধাৰ বাৱে ভবিষ্যতলৈ নির্দ্দেশ দিলে, আনবিলাকে বহু দূৰত অতীতলৈ আঙুলিয়াই দিলে এয়া ঘোষণা কৰি যে, তাত সেই বোৰ পূৰ্ণ হৈছিল। এই ব্যক্তিবিলাকে অনভিজ্ঞ সকলৰ মন আকৰ্ষিত কৰি তেওঁলোকৰ বিশ্বাসক লৰাই আছিল। তেওঁলোকৰ নিজৰ বিশ্বাস গঢ়োৱাৰ বাৱে চেষ্টা কৰিবলৈ কিছুমানে বাইবেল খন অনুসন্ধান কৰি আছিল। যিটো বিশ্বাস হল জাকৰ পৰা মুক্ত । চয়তানে এই বোৰত উল্লাসিত হল কাৰণ সি জানিল যে যি বিলাকে লখৰেৰ পৰা বেগে হল, সি বিভিন্ন ভুলেৰে প্ৰভাৱিত কৰিব পাৰে আৰু ধৰ্ম্ম মতৰ বতাহৰে চলাই লৈ যাব পাৰে। বহুতোৰে যি সকলে প্ৰথম আৰু দ্বিতীয় বাণীত নেতৃত্ব দিছিল, সেই বোৰক অস্বীকাৰ কৰিল, জাকৰ মাজত ভাগ আৰু বিক্ষিপ্ত হোৱা দেখা গল। তাৰ পিচত মই উইলিয়াম মিলাৰক দেখিলো। তেওঁক মিমোৰ দেখালে আৰু তেওঁৰ মানুহ বিলাকৰ বাৱে দুঃখ আৰু দুৰ্দ্দশাৰে নতমুৰ হৈ গল। তেওঁ ১৮৪৪ চনত সেই দলটো দেখিল যিটা সংঘবদ্ধ আৰু মৰমীয়াল আছিল। তেওঁলোকে একে আনৰ বাৱে মৰম হেৰুৱাইছিল আৰু একে আনক বিৰোধিতা কৰিছিল। তেওঁৰে তেওঁলোকক এটা শীতল, বিপথগামী অৱস্থাত পৰি যোৱা দেখিলে। দুঃখ তেওঁৰ শক্তি অপচয় কৰিল। মই দেখিলো নেতৃস্থানীয় মানুহবিলাকে উইলিয়াম মিলাৰক লক্ষ্য কৰি আছে আৰু ভয় কৰি আছে যাতে তেওঁ তৃতীয় দূতৰ বাণী আৰু ঈশ্বৰৰ দহোটা আজ্ঞা আকোৱালি ন লয়। যেনে স্বৰ্গৰ পৰা পোহৰলৈ ঢলি পৰিব( তেওঁৰ মন আকৰ্ষিত কৰিবলৈ এই মানুহ বিলাকে কিছুমান পৰিকল্পনা ৰচিব। তেওঁৰ মনক এন্ধাৰত ৰাখিবলৈ আৰু তেওঁলোকৰ মাজত তেওঁৰ প্ৰভাৱ ধৰি ৰাখিবলৈ মানুহৰ এক প্ৰভাৱে বল দিয়াটো মই দেখিলো। অৱশেষত স্বৰ্গৰ পৰা পোহৰৰ বিৰূদ্ধে উইলিয়াম মিলাৰে তেওঁৰ মাত দিলে। তেওঁ সেই বাণী গ্রহণ ও ব্যর্থ হল যিটো পুৰাপুৰিকৈ তেওঁৰ হতাশা ব্যাখ্যা আৰু অতীতৰ ওপৰত আলোক পাত আৰু মহিমা প্রকাশ কৰিব পাৰিলে হেতেঁন, যিটো তেওঁৰ ক্লান্ত শক্তি সজীব আৰু আশা উজ্জ্বল কৰিব পাৰিলে হেতেঁন, আৰু ঈশ্বৰক মহিমান্বিত কৰিবলৈ তেওঁক আগুৱাই লৈ যাব পাৰিলে হেতেঁন। কিন্তু দৈবিক। জ্ঞান পৰিবর্ত্তে তেওঁ মানুহৰ জ্ঞানলৈ ঢাল খালে। তেওঁৰ প্ৰভুৰ উদ্দেশ্যে দুঃসাধ্য শ্ৰমেৰ আৰু বয়সৰ দ্বাৰা দুৰ্ব্বল হৈ গৈ তেওঁ তেওঁলোকৰ সমানেই দায়ী নাছিল যি বিলাকে তেওঁক সত্যৰ পৰা আঁতৰত ৰাখিছিল। তেওঁলোকেই দায়ী আৰু তেওঁলোকৰ ওপৰতেই পাপ স্থিৰ হল। যদি উইলিয়াম মিলাৰে তৃতীয় ওচৰত ঢাকখোৱা নিগুঢ় দেখালে ব্যাখ্যা কৰিব পাৰিলে হয়। তেওঁৰ ভ্ৰাতৃবিলাকে তেওঁৰ বাৱে ইমানেই গভীৰ মৰম আৰু আগ্রহ খুলাখুলিকৈ প্ৰকাশ কৰিল যে তেওঁ ভাৱিলে তেওঁৱে তেওঁলো কৰ পৰা আঁতৰত থাকিব নোৱাৰিব। তেওঁৰ হৃদয়ে সত্যৰ ফালে ঢাল খাব( কিন্তু তাৰ পিছতে তেওঁ তেওঁৰ ভ্ৰাতৃবিলাকলৈ দৃষ্টি দিলে। তেওঁলোকে এয়া বিৰোধিতা কৰিল। তেওঁৱে তেওঁলোকৰ পৰা আতঁৰত থাকিব পাৰে নে, যি বিলাকে যীশুৰ আগমনৰ ঘোষণা কৰিবলৈ তেওঁৰ সৈতে আশে পাশে আছিল? তেওঁ ভাবিল তেওঁলোকে নিশ্চয়কৈ তেওঁক বিপথে আগুৱাই লৈ নে যাব। চয়তানৰ ক্ষমতাৰ অধীনত আহিবলৈ ধৰে তেওঁক শাস্তি ভোগ কৰিবলৈ দিলে আৰু মৃত্যুকো তেওঁৰ ওপৰত কত্তৃত্ব কৰিবলৈ দিলে। তেখেতে তেওঁক কৱৰত লুকুৱালে, তেওঁলোকৰ পৰা আঁতৰত ৰাখিবলৈ যিবিলাকে তেওঁক ঘনে ঘনে ঈশ্বৰৰ পৰা টানি লৈ গৈ আছিল। মোজেচে ভুল কৰিল যেনে তেওঁ প্ৰতিজ্ঞাবদ্ধ ভূমিত প্ৰৱেশ কৰিবলৈ ধৰিছিল। তেনেকেই মই দেখিলো যে উইলিয়াম মিলাৰে সত্যৰ বিৰূদ্ধে তেওঁৰ প্ৰভাৱ যাবলৈ দি ভুল কৰিল যেনে তেওঁ স্বৰ্গীয় কেনানলৈ ততালিকে প্ৰৱেশ কৰিবলৈ আছিল।আনসকলে তেওঁক ইয়ালৈ আগুৱাই ললে। আনসকলক অবশ্যেই ইয়াৰ বাৱে দায়ী হব লাগিব। কিন্তু দূতবিলাকে ঈশ্বৰৰ এই ভৃত্যৰ বহুমূলীয়া কবৰ টোক পৰাদিয়ে আৰু তেওঁ শেষৰ তৃৰীৰ শব্দত গুলাই আহিব। GCam 148.2

প্রস্থান ২০:১-১৭, ৩১-১৮ থেচেলোনিয়নচ ৪:১৬( দৈববাণী১৪:৯১-১২ দেখক। GCam 151.1