শান্তিৰ সন্ধানত

4/14

অনুতাপ

মানুহ ঈশ্বৰৰ আগত কেনেকৈ শুদ্ধ হ’ব পাৰে ? আৰু পাপীক কেনেকৈ উদ্ধাৰ কৰি শুচি আৰু নির্ম্মল কৰিব পাৰে? ঈশ্বৰৰ সৈতে মিল হ’বলৈ একমাত্র খ্রীষ্টৰ যোগেদি, ধার্ম্মিকতা লাভ কৰি তেওঁৰ ওচৰলৈ যাব পাৰি। পঞ্চাশদিনীয়া পর্বৰ দিনা, মানুহবিলাকে, নিজ নিজ পাপবোৰৰ দ্বাৰাই নিজকে অপৰাধী বুলি জানি, ক্রন্দনৰ স্বৰেৰে সুধিছিল, “আমি কি কৰিম ?” আজিও মানুহে সেই একেই ক্রন্দন মিহলি স্বৰেৰে সুধি আছে, “উদ্ধাৰ পাবলৈ আমি কি কৰিম?” প্রথম উত্তৰ স্বৰূপে পিতৰে কৈছিল, “অনুতাপ অর্থাৎ মন পালটন” পাঁচনি কর্ম ২:৩৭, ৩৮ পদ । ইয়াৰ অলপ পাছতেই তেওঁ পুনৰাই ক’লে, “এতেকে মন পালটাই ঘূৰি আহাঁ, যে তোমালোকৰ পাপ মোচন হয়।” পাঁচনি কর্ম ৩:১৯ পদ। SCAsm 18.1

পাপ কৰ্মৰ প্রতি অনুশোচনা আৰু গভীৰ শোক প্রকাশৰ দ্বাৰাই মন পালটন কৰি, তাৰ পৰা আঁতৰি অহাটোৱেই অনুতাপ ; আমি অন্তৰৰ পৰা পাপ আঁতৰ নকৰিলে আমাৰ জীৱনত কেতিয়াও প্রকৃত পৰিবর্ত্তন আনিব নোৱাৰো। অনেকেই পাপৰ প্রকৃত স্বৰূপ বুজি নাপায় । অনেকে, পাপৰ পৰিণাম ভোগ কৰাৰ ভয়ত, বাহ্যিক ভাৱে পাপ কৰ্মৰ শোক প্রকাশ কৰি, পৰিবৰ্ত্তন হোৱা দেখুৱাই ; কিন্তু এইয়া, ঈশ্বৰৰ বাক্যৰ ওপৰত আধাৰিত অনুতাপ নহয় । এনে মনোবৃত্তিৰ লোকবিলাকে পাপৰ সলনি বৰং যান্ত্রণা ভোগৰ পৰিণাম কেনে ভয়াবহ হ’ব, তাৰ নিমিত্তেহে বিলাপ কৰে । চিৰকালৰ নিমিত্তে জেষ্ঠাধিকাৰ হেৰুৱা এচৌৱেও এনে শোক প্রকাশ কৰিছিল । হাতত খোলা তৰোৱাল লৈ বাট আগচি ধৰা দূতব আগত, নিজৰ জীৱন হেৰুৱাব ভয়ত, বিলিয়মে নিজৰ দোষ স্বীকাৰ কৰিলে, কিন্তু পাপ স্বীকাৰ কৰি অনুশোচনা নকৰিলে ; নিজৰ কুকর্মক ঘৃণা নকৰিলে ; ইস্কবিয়োতীয়া যিহূদাও নিজৰ প্ৰভুৰ প্রতি বিশ্বাসঘাতকতা কৰি বাহ্যিক অনুশোচনাৰে কৈছিল, “..... নির্দ্দোষীৰ তেজ শোধাই দিয়াত, মই পাপ কৰিলো।” মথি ২৭:৩ পদ। SCAsm 18.2

যিহূদাৰ এই পাপ স্বীকাৰ তেওঁৰ অন্তৰৰ গভীৰ স্থানৰ পৰা ওলোৱা নাছিল, ববং নিষ্কলংকিত ঈশ্বৰৰ পুত্ৰক অর্থাৎ ইস্রায়েলৰ পৱিত্ৰজনাক, অস্বীকাৰ কৰাৰ পৰিণাম কি হ’ব পাৰে তাকে জানি বাহ্যিক রূপেহে দোষ স্বীকাৰ কৰিছিল । ফৰৌণেও, ঈশ্বৰে তেওঁক দিয়া শাস্তিৰ পৰা হাত সাৰিবলৈ, নিজ পাপ স্বীকাৰ কৰিছিল, কিন্তু মহামাৰী বা উৎপাত বন্ধ হোৱাৰ লগে লগে পুনৰ ঈশ্বৰক অৱজ্ঞা কৰিবলৈ এৰা নাছিল । এই আটাইবিলাক, পাপৰ নিমিত্তে বিলাপ বা বিননি আছিল, কিন্তু পাপৰ কাৰণে অনুতাপ কৰা হোৱা নাছিল । SCAsm 19.1

যেতিয়াই ঈশ্বৰৰ আত্মাই মানুহৰ হৃদয়ত প্ৰভাৱ বিস্তাৰ কৰে, তেতিয়াই তেওঁক ঈশ্বৰৰ পৱিত্ৰ আৰু ন্যায় বিধানৰ প্রতি সচেতন হ’বলৈ তেওঁৰ বিবেকে সজাগ কৰি দিয়ে ; আৰু এই বিধানেই স্বৰ্গ আৰু মর্ত্ত্যৰ নিমিত্তে দিয়া ঈশ্বৰৰ শাসন প্রণালী । “আটাই মানুহক পোহৰ দিওঁতা স্বৰূপ পোহৰ জগতলৈ আহি আছিল ।” যোহন ১:৯ পদ। সেই পোহৰে মানুহৰ হৃদয়ৰ অতি গোপন ঠাইখনকো আলোকিত কৰি মানুহৰ মনৰ অন্ধকাৰ দূৰ কৰে ; আৰু তেতিয়াই মানৱে দেখা পাই ঈশ্বৰৰ প্ৰেম, পৱিত্ৰতাৰ সৌন্দৰ্য্য, নির্ম্মলতাৰ আনন্দ ; আৰু সি নিৰ্ম্মল হৈ থাকিবৰ ইচ্ছা কৰে আৰু পুনবাই ঈশ্বৰৰ লগত চলাচল কৰে । SCAsm 19.2

দায়ুদে পাপ কৰি, পাপৰ কাৰণে প্রকৃত অনুশোচনাৰে কৰা প্রার্থনাত দেখা যায় যে, তেওঁ সঁচাকৈয়ে ক্রন্দন আৰু চকুলোৰে অন্তঃকৰণেৰে নিজৰ দোষ স্বীকাৰ কৰি অনুতাপ কৰিছিল। তেওঁ অকল পাপৰ ক্ষমা পাবলৈ নহয়, কিন্তু অন্তৰ শুদ্ধিৰ অর্থেও প্রার্থনা কৰিছিল ; যাতে ঈশ্বৰে সৈতে পুনৰায় মিলন হ’ব পাৰে। তেওঁৰ অন্তঃৰাত্মাৰ প্রার্থনা আছিল এনেধৰণৰঃ SCAsm 19.3

“যাৰ অপৰাধ ক্ষমা কৰা হয়,
যাব পাপ ঢকা হয়, সেইজন ধন্য।
যি মানুহৰ দোষ যিহোৱাই নিলিখে,
আৰু যাৰ মনত প্ৰৱঞ্চনা নাই, সেইজন ধন্য।”
SCAsm 19.4

গীতমালা ৩২:১,২ পদ।

“হে ঈশ্বৰ, তোমাৰ দয়া অনুসাবে মোক কৃপা কৰা,
তোমাৰ প্ৰচুৰ অনুগ্ৰহৰ দৰে মোৰ পাপমোচন কৰা ।
মোৰ অধর্ম্মৰ পৰা মোক সম্পূর্ণকৈ ধুই পেলোৱা ;
মোৰ পাপৰ পৰা মোক শুচি কৰা ।
কিয়নো মোৰ অপৰাধবোৰ মই নিজে জানিছোঁ ;
মোৰ পাপ সদায় মোৰ আগত আছে ।
তুমি তোমাৰ বাক্যত ধাৰ্ম্মিক,
আৰু তোমাৰ বিচাৰত নির্দ্দোষী হ’বৰ নিমিত্তে,
তোমাৰ বিৰুদ্ধে অকল তোমাৰেই বিৰুদ্ধে মই পাপ কৰিলোঁ,
আৰু তোমাৰ দৃষ্টিত যি ঘিণলগীয়া, তাকে কৰিলোঁ ।
চোৱা, অধৰ্ম্মতে মোৰ জন্ম হ’ল ;
মোৰ মাতৃয়ে মোক পাপতে গর্ভধাৰণ কৰিলে ।
চোৱা, তুমি আন্তৰিক সত্যতাত সন্তোষ পাওঁতা;
তুমি মোক অন্তৰত জ্ঞান শিক্ষা দিবা।
তুমি এচোৰ বনেৰে মোক পাপৰ পৰা মুক্ত কৰা,
তাতে মই শুচি হ’ম ;
মোক ধোৱা, তাতে মই হিমতকৈয়ো বগা হ’ম ।
তুমি গুড়ি কৰা অস্থিবোৰ যেন উল্লাসিত হয়,
এই নিমিত্তে তুমি মোক উল্লাস আৰু হৰিষৰ ধ্বনি শুনোৱা ।
মোৰ পাপ সমূহৰ পৰা তোমার মুখ ঢাকা ;
মোৰ সকলো অধর্ম মোচন কৰা ।
হে ঈশ্বৰ, মোত শুদ্ধ মন সৃষ্টি কৰা ;
মোৰ অন্তৰত সুস্থিৰ আত্মা পুনৰায় জন্মোৱা ।
তোমাৰ সন্মুখৰ পৰা মোক দূব নকৰিবা ;
তোমাৰ পৱিত্র আত্মা মোৰ পৰা নিনিবা ।
তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰায় দান কৰা,
আৰু উদাৰ আত্মা দি মোক ধৰি ৰাখা ।
তাতে মই অপৰাধীবোৰক তোমাৰ পথ শিকাম ; আৰু পাপীবোৰ তোমালৈ পালটিব ।
হে ঈশ্বৰ, হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ,
ৰক্তপাতৰ দোষৰ পৰা মোক উদ্ধাৰ কৰা ;
তাতে মোৰ জিবাই তোমাৰ ধার্ম্মিকতাৰ বিষয়ে
বৰ মাতেৰে গান কৰিব।”
SCAsm 20.1

গীতমালা ৫১:১-১৪ পদ।

ঈশ্বৰৰ আত্মাই আমাৰ অন্তৰ স্পর্শ নকৰিলে এনে হৃদয়বিদাৰক অনুশোচনা আমাৰ নিজৰ শক্তিৰ দ্বাৰা অসম্ভৱ । SCAsm 21.1

এইখিনিতে উল্লেখ কৰিব পাৰি যে, খ্রীষ্টই মানুহক পাপৰ পিটনিৰ পৰাও উদ্ধাৰ কৰিব পাৰে, এই সত্য কথাষাৰ অনেকে ভুল বুজে । তেওঁবিলাকে ভাৱে অনুতাপ নকৰা মানে মানুহে খ্রীষ্টৰ ওচৰলৈ আহিব নোৱাৰে, আৰু সেই অনুতাপ ক্ষমাৰ যোগ্য হ’ব লাগিব । প্ৰকৃততে এইয়া সঁচা যে, পাপৰ ক্ষমা পোৱাৰ আগেয়ে অনুতাপ কৰিবই লাগিব । ভগ্ন আৰু অনুতপ্ত হৃদয়ৰ ক্রন্দনেহে পাপৰ মুক্তি কাৰণে উদ্ধাৰকর্ত্তাৰ প্রয়োজন বুলি অনুভৱ কৰিব । এতিয়া কথা হ’ল পাপীজনে যীচুৰ সান্নিধ্যলৈ নহালৈকে অনুতাপ কৰিবলৈ বাট চাই থাকিব। লাগিব নেকি ? নে পাপী আৰু উদ্ধাৰকর্ত্তাৰ মাজত অনুতাপ পৃথকতাৰ এক প্রতিবন্ধকস্বৰূপ হৈ থাকিব দিব লাগিব ? SCAsm 21.2

বাইবেলে শিকোৱা নাই যে, খ্রীষ্টৰ আমন্ত্রণ গ্রহণ কৰাৰ পূর্বে পাপীয়ে অনুতাপ কৰিব লাগিব, “হে পৰিশ্রান্ত আৰু ভাৰাক্রান্ত লোকসকল, মোৰ ওচৰলৈ আহাঁ; মই তোমালোকক জিৰণি দিম ।” মথি ১১:২৮। এইয়ে খ্রীষ্টৰ ঐশ্বৰিক গুণ, যিহে মানুহক প্রকৃত অনুতাপলৈ প্ৰবৃত্তি জন্মাই। এই বিষয়ে পিতৰে আৰু অধিকভাৱে ইস্রায়েল বিলাকক স্পষ্ট কৰি কৈছিল, “ইস্রায়েল বিলাকক মন পালটন আৰু পাপমোচন দান কৰিবলৈ অধিপতি আৰু ত্রাণকৰ্ত্তা কৰি, তেওঁৰ সোঁ হাতেৰে ওখ পদ দিলে।” পাচনি কর্ম ৫:৩১ পদ । তেৱেঁই আটাই শুদ্ধ অনুপ্ৰেৰণাৰ উৎস আৰু আমাক অন্তত পাপৰ বিৰুদ্ধে শত্রুতা উৎপন্ন কৰিব পাৰে । SCAsm 21.3

যীচুৱে কৈছিল, “আৰু মই পৃথিৱীৰ পৰা উত্তোলিত হলে, সকলোকে মোৰ ওচৰলৈ আকর্ষণ কৰিম।” যোহন ১২:৩২ পদ । কালবাৰীৰ ক্রুচত হত হোৱা ঈশ্বৰৰ মেৰ পোৱালী খ্রীষ্টক পাপীৰ প্রয়োজন। পাপীৰ হকে নিজৰ জীৱন উৎসর্গ কৰি খ্রীষ্টই এনে এক প্রেমৰ প্ৰকাশ দিলে, যাক মর্ত্যৰ ভাষাবে বুজাব নোৱাবি । মানুহ যেতিয়া নিজ পাপৰ কাৰণে অনুতপ্ত হয়, তেতিয়া খ্রীষ্টৰ ধার্ম্মিকতাৰ বিষয়ে উপলব্ধি কৰি কয়, “পাপ কি ? ইয়াৰ কবলত পৰাজনে কিয় মুক্তিৰ অর্থে বলি উৎসর্গ কৰিব লাগে ? আমি কোনেও নষ্ট নহৈ অনন্ত জীৱন পাৰৰ নিমিত্তেই কি এই মহান প্রেম, নিদারুণ যন্ত্রণা আৰু অৱমাননাৰ দাবী ?” পাপীজনে ঈশ্বৰৰ এই মহান প্রেম প্রত্যাখ্যান কৰি খ্রীষ্টৰ ওচৰলৈ আহিবলৈ অসন্মত হ’ব পাৰে ; কিন্তু যেতিয়াই পাপৰ পৰা মুক্তি পোৱাৰ পৰিকল্পনাৰ বিষয়ে জ্ঞাত হয় তেতিয়াই তেওঁ অনুতপ্ত আক ভগ্ন হৃদয় সহিত ক্রুছৰ গুৰিলৈ আহিব, আৰু তেওঁৰ নিমিত্তে যন্ত্রণা ভোগ কৰা ঈশ্বৰৰ প্রিয় পুত্ৰৰ শৰণাগত হ’ব। কিয়নো তেওঁ নিজকে সমস্ত মনৰে সং পথলৈ আহিবলৈ যি প্রচেষ্টা কৰিছে এইয়া একমাত্র খ্রীষ্টৰ শক্তিয়েহে প্ৰেৰণা যোগাই তেওঁৰ ওচৰলৈ আহিবলৈ আমন্ত্রণ জনাইছে । SCAsm 21.4

মানুহে আত্মিক বিষয়ত হাবিয়াস কৰা বস্তু জগতে কেতিয়াও দিব নোৱাৰে। শক্তি, আনন্দ, অনুগ্রহ, পৱিত্ৰতা এই আটাইবিলাক ঈশ্বৰৰ পৰাহে হয় । জগতৰ ভগা পাত্ৰৰ পৰা যিবিলাকে জল পান কৰি বৃথাই পিয়াহ গুচাব খুজিছে, সিবিলাকলৈ এই ঐশ্ববিক বাণীৰ যোগেদি জনোৱা হৈছে, ”-- আৰু যিজনাৰ পিয়াহ লাগে, তেওঁ আহক ; যিজনে ইচ্ছা কবে, তেওঁ বিনামূল্যে জীৱন-জল গ্রহণ কৰক।” প্রকাশিত বাক্য ২২:১৭ পদ। SCAsm 22.1

আপোনাৰ, যেতিয়াই জগতে দিব পৰাতকৈ অধিক, কিবা ভাল পাবৰ স্পৃহা জাগিছে, তেন্তে সেইয়া আপোনাৰ হৃদয়ত ঈশ্বৰৰ মাত বুলি স্বীকাৰ কৰক । অনুতাপ বা খেদ কৰিবলৈ তেওঁৰ পৰা শক্তি খোজক, যেন খ্রীষ্টই তেওঁৰ শুদ্ধ পৱিত্ৰতাবে আক মহান প্রেমেবে আপোনালৈ নিজকে প্ৰকাশ কৰিব পাৰে । ত্রাণকৰ্ত্তাজনাৰ জীৱনত ঈশ্বৰৰ আজ্ঞাব মূল বিষয়— ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু মানুহৰ প্রতি প্রেম নিখুঁতভাৱে প্রতিফলিত হৈছিল । আনৰ প্রতি দয়ালু হোৱা নিঃস্বার্থ প্রেমেই তেওঁৰ আত্মাৰ জীৱন আছিল । আমি যেতিয়াই, তেওঁলৈ দৃষ্টিপাত কৰি, তেওঁৰ পোহৰ আমাৰ ওপৰত পৰা দেখিবলৈ পাওঁ, তেতিয়াই আমি আমাৰ নিজৰ নিজৰ পাপেৰে পৰিপূৰ্ণ অন্তৰখনৰ অশুচি অৱস্থা দেখিবলৈ পাওঁ। SCAsm 22.2

আমি নিকদীমব দৰে নিজকে মিছা আশাৰে এইদৰে ভোলাব পাৰোঁ যে আমি আমাৰ জীৱনত আমাৰ প্ৰয়োজনীয় নৈতিক সৎগুণেৰে পৰিপূৰ্ণ কৰিছোঁ, সেয়ে আৰু সাধাবণ পাপীৰ দৰে নিজকে ঈশ্বৰৰ আগত নম্র হৃদয় হোৱাৰ আৰু প্রয়োজন নাই; কিন্তু যেতিয়াই খ্রীষ্টৰ পোহৰে আমাৰ হৃদয় আলোকিত কৰি তোলে, তেতিয়াই আমি আমাৰ অন্তৰৰ অশুচিতা, স্বার্থপৰতা আৰু ঈশ্বৰৰ বিৰুদ্ধীতাবে শত্রুতা কৰি কিমান গভীৰ পাপ কৰিছো, সেইবোৰ দেখিবলৈ পাওঁ। এই আটাই অশুচি কর্মই আমাৰ জীৱন প্রতিদিনে অধিক অধিককৈ কলুষিত কৰি এক বিশৃংখল বাতাবৰণ সৃষ্টি কৰিছে ; আৰু তেতিয়াই আমি জানিব লাগে জগতৰ জ্ঞানবিদ্যা, যুক্তি-তর্ক কৰা আমাৰ আটাই ধার্ম্মিকতা- এটা বাহ্যিক চুৱা বস্তুৰ নিচিনা আৰু এই পাপৰ গভীৰ চেকা একমাত্র খ্রীষ্টৰ তেজেৰেহে ধুই শুচি কৰি পুনৰাই আমাৰ অন্তৰ তেওঁৰ নিচিনাকৈ শুদ্ধ, শুচি আৰু পৱিত্ৰ হ’ব পাৰে । SCAsm 23.1

দানিয়েল ভাৱবাদীলৈ পঠোৱা স্বগীয় বার্ত্তাবাহক জনব প্রতাপে যেতিয়া তেওঁক আগুৰি ধৰিলে, তেতিয়া তেওঁ নিজৰ দুর্বলতা আৰু ত্রুটিপূর্ণ দিশবোৰ দেখি শিয়ঁৰি উঠিছিল । এই আচবিত দৃশ্যৰ প্ৰভাৱ ব্যাখ্যা কৰি তেওঁ কৈছিল, “... তাতে মোত (শৰীৰত) একো বল (শক্তি) নাথাকিল ; কিয়নো মোৰ সুৰূপ গুচি কুরূপ হ’ল আৰু মোৰ গাত শক্তি নাইকিয়া হ’ল।” দানিয়েল ১০:৮। যেতিয়াই এইদৰে খ্রীষ্টৰ ধার্ম্মিকতাই অন্তৰ স্পর্শ কবে, তেতিয়াই পাপীজনে তেওঁ স্বার্থপৰতা, লোভ-মোহ এই সকলোবোৰক ঘিণ কৰি ঈশ্বৰৰ বিধানৰ বশীভূত হ’ব। SCAsm 23.2

পৌলে কৈছিল, “.... আৰু বিধানৰ ধার্ম্মিকতাব সম্বন্ধে নির্দ্দোষী।” ফিলিপীয়া ৩:৬ পদ । তেওঁ বাহ্যিক ৰূপেৰে ধর্ম-কর্ম কৰি নিজকে নির্দ্দোষী বুলি ভাবিছিল ; কিন্তু যেতিয়াই তেওঁ বিধানৰ আত্মিক দিশটোলৈ দৃষ্টি নিক্ষেপ কৰিলে, তেতিয়াই নিজকে এজন পাপী বুলি জানিব পাৰিলে । এতিয়ালৈকে তেওঁ বিধান। পালনৰ দ্বাৰাই নিজকে পাপৰ পৰা আঁতৰাই প্রকৃত ধর্ম-কর্ম কৰিছিল বুলি গৌৰৱবোধ কৰিছিল ; কিন্তু পৱিত্ৰ বিধানৰ গভীবতালৈ লক্ষ্য কবোঁতে নিজকে নম্ৰ কৰি, নিজৰ দোষ স্বীকাৰ কৰি কৈছিল, “আৰু পূর্বে বিধানব বিনে মই জীয়াই আছিলো; কিন্তু পাছত সেই আজ্ঞা আহিলত, পাপ পুনৰাই জীলে, মই মৰিলো ।” ৰোমীয়া ৭:৯ পদ । বিধানৰ আত্মিক দিশটোৱে তেওঁৰ পাপ প্রকাশ কৰি দিয়াত জাগতিক দৃষ্টিভংগীৰে কৰা স্বধার্মিকতা নাইকিয়া হ’ল । SCAsm 23.3

মানুহৰ বিচাৰ-বুদ্ধি পক্ষপাতমূলক আৰু অসম্পূর্ণ, কিন্তু ঈশ্বৰে আটাই বস্তুকে প্রকৃত মূল্যাঙ্কণ কৰে । মদাহীক অৱজ্ঞা কৰা হয় আৰু তাক কোৱা হয় তেওঁৰ পাপে তেওঁক ঈশ্বৰৰ পৰা পৃথক কৰিছে ; কিন্তু আনহাতে গর্ব, স্বার্থপৰতা ধনলোভ ইত্যাদিক প্রশ্রয় দিওঁ । কিন্তু এনেধৰণৰ পাপ বিলাকে বিশেষকৈ ঈশ্বৰৰ দৃষ্টিত ঘিণলগীয়া ; কিয়নো এইবিলাক হৈছে ঈশ্বৰৰ দয়াশীলতাৰ বিৰুদ্ধ, সেই নিঃস্বার্থ প্ৰেমৰ, যিটো পতিত জগতৰ পৰিস্থিতি। কোনো লোকে নিজৰ পাপক জানি লাজ আৰু নিচলা অৱস্থা অনুভৱ কৰে আৰু খ্ৰীষ্টৰ অনুগ্রহ বিচাৰে ; আত্মগর্বই বাধা দিয়ে আৰু তেতিয়াই খ্ৰীষ্টৰ অহিত তেওঁৰ হৃদয়ৰ দুৱাৰ জাপ খায় আৰু খ্রীষ্টে দিবলৈ খোজা অনন্ত আশীর্বাদৰ পৰা বঞ্চিত হয়। SCAsm 24.1

দৰিদ্ৰ কৰতোলাজনে প্রার্থনা কৰিছিল, “হে ঈশ্বৰ, পাপী যি মই, মোলৈ প্রায়চিত্তৰ দ্বাৰাই প্রসন্ন হওক।” লুক ১৮:১৩ পদ। তেওঁ নিজকে এজন মহাপাপী বুলি জানিছিল ; আন লোকেও তেওঁক তেনেকুৱাই বুলি জানিছিল । কিন্তু তেওঁ ঈশ্বৰৰ সন্মুখত আহি তেওঁৰ নিজৰ পাপৰ ভাৰৰ পৰা মুক্ত হ’বলৈ ঈশ্বৰৰ দয়া ভিক্ষা কৰিলে । তেওঁ শুদ্ধ অন্তঃকৰণেৰে সৈতে নিজৰ পাপ আৰু ভুল-ভ্রান্তিবোৰ ঈশ্বৰৰ আগত স্বীকাৰ কৰি পাপৰ বন্ধনৰ পৰা মুক্তি পাবলৈ ঈশ্বৰৰ আত্মৰ প্রতি হৃদয়ৰ দুৱাৰ মুকলি কৰি দিলে । আনহাতে ফৰীচীজনৰ আত্মগৌৰৱ, অহঙ্কাৰ মনোভাৱেবে কৰা প্রার্থনাই দেখুৱায় যে, পৱিত্র আত্মাৰ শক্তিৰ বিৰুদ্ধে তেওঁৰ হৃদয়ৰ দুৱাৰ বন্ধ আছিল । তেওঁ ঈশ্বৰৰ পৰা আঁতৰি থকাত, নিজৰ অশুচিতাৰ পবা ঐশ্বৰিক পৱিত্ৰতাৰে শুচি আৰু সিদ্ধ হ’বলৈ কোনো প্রয়োজন বোধ নকৰিছিল । SCAsm 24.2

যদি আপুনি আপোনাৰ পাপময় অৱস্থা দেখিছে, তেন্তে পলম নকৰি এই পাপময় ৰোগৰ পৰা সুস্থ হ’বলৈ খ্রীষ্টৰ ওচৰলৈ আহক। অনেকে ভাৱে তেওঁলোক খ্রীষ্টৰ ওচৰলৈ অহাৰ যোগ্য নহয় আৰু ইচ্ছাও নকবে, কাৰণ তেওঁলোকে জাগতিক ধর্ম-কর্ম আৰু নানা যুক্তি দৰ্শনৰ দ্বাৰাই পাপৰ পৰা মুক্তি পাব বুলি ভাবে ; কিন্তু ঈশ্বৰে শাস্ত্ৰত কি কৈছে চাওক, “কুচীয়া লোকে (ঈথিওপিয়াবাসী) জানো নিজৰ ছাল, বা নাহৰফুটুকী বাঘে জানো নিজৰ গাৰ ফুটুকা-ফুটুকবোৰ সলনি কৰিব পাৰে ? যদি পাৰে, তেন্তে কু-কর্মত অভ্যাস থকা যি তোমালোক, তোমালোকেও সৎকর্ম কৰা সম্ভৱ ।” যিৰিমিয়া ১৩:২৩ পদ । তেনেস্থলত ঈশ্বৰেহে একমাত্র আমাৰ আশ্রয়স্থল । আমি জগতৰ ৰীতিনীতিৰ দ্বাৰাই প্ৰভাৱান্বিত হৈ কোনো ভাল বিশ্বাসযোগ্য, ভাল সুযোগ, বা প্রবোচক কথালৈ বাট চাব নালাগে ; কিয়নো আমি নিজকে নিজে একো কৰিব নোৱাৰোঁ, বৰং যি দশাত বা অৱস্থাত আছে ঠিক তেনে ভাৱেই আমি খ্রীষ্টৰ ওচৰলৈ আহোঁহক । SCAsm 24.3

ঈশ্বৰৰ অনুগ্রহ অগ্রাহ্য কৰিলেও ঈশ্বৰে তেওঁৰ মহান প্রেম আৰু দয়াৰে আমাক উদ্ধাৰ কৰিবই, এনে মনোভাৱ লৈ কোনেও নিজকে ভ্রান্ত নকৰক ; যিহেতু কেৱল ক্রুচৰ জ্যোতিৰ ভিত্তিতহে পাপৰ মূল্য বিবেচিত হয় । মানুহ যেতিয়া পাপৰ ভাৰত জৰ্জৰিত হয়, তেতিয়া তেওঁ কালবাৰীৰ ক্রুচলৈ দৃষ্টি নিক্ষেপ কৰক । কাৰণ ইয়াৰ বাহিৰে মানুহে পাপৰ পৰা উদ্ধাৰ পোৱাৰ আৰু আন কোনো বিকল্প পথ নাই । খ্রীষ্টৰ এই আত্মবলিদান অবিহনে মানুহ পাপৰ পৰা মুক্তি পোৱা আৰু ঈশ্বৰৰ সৈতে পুনৰ মিলন হোৱাটো একেবাৰে অসম্ভৱ । SCAsm 25.1

মন পৰিৱর্ত্তন নকৰা অনেক লোকে আনৰ দোহাই দি নিজৰ উত্তমতা প্রকাশ কৰে, তথাপিও সিবিলাকৰ পাপ, অপৰাধবোৰৰ পৰা কোনোমতে ৰক্ষা নাপাব ; কাৰণ ঈশ্বৰে আমাক নিঃসহায় আৰু ভ্রান্ত মানুহৰ আৰ্হিৰ অনুগামী হ’বলৈ দিয়া নাই । দীর্ঘসূত্রিতা অর্থাৎ পাছলৈ কৰিম এনে মনোভাৱৰ পৰা সাৱধান হওক । কাৰণ পলম কৰা মানেই আপোনাৰ পতন অনিবার্য্য। কিন্তু ত্রাণকৰ্ত্তা যীচুখ্রীষ্টৰ যোগেদি আপোনাৰ অন্তৰৰ অশুচিতা দূৰ কৰি পৱিত্র মন কৰিবলৈ ৰৈ নাথাকিব । আজি সহস্ৰজনে জগতৰ যুক্তি-তর্ক, দর্শন বিদ্যাৰ কবলত পৰি ভ্ৰান্ত হৈ অনন্ত জীৱন হেৰুৱাইছে। SCAsm 25.2

ঈশ্বৰে নিষিদ্ধ কৰা ফলটো খাই তেওঁৰ ঘোষণা কৰা পাপৰ ভয়ানক পৰিণাম অতি সাধাৰণ যেন জ্ঞান কৰি আদম আৰু হাৱাই নিজকে প্ৰৰোচিত কৰিলে । কিন্তু এই সাধাৰণ যেন লগা ঘটনাটোৱেই ঈশ্বৰৰ অপৰিৱৰ্ত্তনীয় আৰু পৱিত্ৰ বিধান লঙ্ঘন কৰালে। ফলত মানুহক ঈশ্বৰৰ পৰা পৃথক কৰি জগতলৈ অবর্ণনীয় দুখ-যাতনা আৰু মৃত্যুৰ প্লাৱনৰ সোঁত বোৱালে । তেতিয়াৰে পৰা, যুগ যুগ ধৰি এতিয়ালৈকে, আমাৰ এই জগতখনৰ পৰা দুখ-যন্ত্রণাৰে জৰ্জৰিত মানৱ ক্রন্দনৰ স্বৰ একে লেঠাৰিয়ে শুনা গৈ আছে, আৰু ঈশ্বৰৰ সৃষ্টিখনেও মানুহৰ অবাধ্যতাৰ পৰিণাম স্বৰূপে যন্ত্রণা আৰু বেদনাত কেঁকাই আছে । ঐশ্বৰিক বিধান উলম্বন কৰি তাৰ পৰিণাম পাপৰ পৰা উদ্ধাৰ পাবলৈ কালবাৰীৰ মহা বলিদান এক সোঁৱৰণ স্বৰূপ স্তম্ভ। এতেকে পাপক আমি সাধাৰণ ভাৱে নলওঁহক। SCAsm 25.3

প্ৰতিটো উলংঘন কাৰ্য্য আৰু খ্রীষ্টৰ অনুগ্রহক অগ্রাহ্য কৰা কাৰ্য্যই আমাৰ ওপৰত বিৰূপ প্রতিক্রিয়া সৃষ্টি কবে ; ই আমাৰ হৃদয় কঠিন কৰে ; ইচ্ছাশক্তিক দুর্বল কবে, বোধশক্তি হ্রাস কৰে আৰু ঈশ্বৰৰ পৱিত্র আত্মাৰ আকুল আহ্বানৰ প্রতি সঁহাৰি নজন্মায় । সিবিলাকে মনতে ভাৱে ঈশ্বৰৰ অনুগ্রহৰ আত্মাক অগ্রাহ্য কৰি জগতৰ সুখ-আনন্দত মতলীয়া হৈ থাকিলেও বিপদ সন্নিকট বুলি জনাৰ লগে লগে পলকতে মন পৰিবর্ত্তন কৰি ল’ব; কিন্তু, প্রিয় পাঠক-পাঠিকা, ই কেতিয়াও সম্ভৱ নহয় । জগতৰ আধুনিক শিক্ষা আৰু জ্ঞান-বিদ্যাই মানুহৰ জীৱনত যিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে, ইয়াব কবলৰ পৰা খুউৱ কমসংখ্যক লোকেহে উদ্ধাব পাই খ্রীষ্টৰ প্ৰতিমূৰ্ত্তিত পুনৰায় প্রতিষ্ঠিত হ’ব পাৰে । দয়াৰ আমন্ত্রণক, তুচ্ছ জ্ঞানেৰে, তেওঁবিলাকব ইচ্ছামতেই কুকাৰ্য্য ত্যাগ কৰি, নিজৰ পৰিবৰ্ত্তন আনিব পাৰে বুলি নিজৰ অসুস্থ বিবেকক বৃথা শান্তনা দিয়ে । পাপক তুচ্ছ জ্ঞান কৰাৰ বিৰুদ্ধে, বাইবেলে এই সতর্কবাণী শুনাইছে, “দুষ্টক নিজ অপৰাধেই ধবা পেলায় ; সি নিজ পাপৰূপ জৰীত বান্ধ খায় ।” হিতোপদেশ ৫:২২ পদ। SCAsm 26.1

খ্রীষ্টই আমাক পাপৰ পৰা মুক্তি দিবলৈ যুগুত হৈ আছে। কিন্তু, তেওঁ কাকো, এই কাৰ্য্যত বলপূর্বক ভাৱে বাধ্য নকৰে ; আৰু আমি এই মহৎ সত্যৰ কথা জানিও যদি পাপতেই মগ্ন হৈ থাকো, উদ্ধাৰৰ বাবে কোনো চেষ্টাই নকৰোঁ, তেওঁৰ মহৎ অনুগ্রহক হেয়জ্ঞান কৰোঁ, তেন্তে তেওঁ ইয়াতকৈ আমালৈ আৰু কি কৰিব পাবে ? ববং আমি তেওঁৰ প্ৰেমৰ প্ৰতি আকোৰগোজ মনোভাৱ পোষণ কৰি নিজৰ পতনহে ঘটাইছো । কিন্তু ঈশ্বৰৰ বাক্যই কৈছে, “.... চোৱা, এতিয়া পৰম গ্রাহ্যকাল, চোৱা, এতিয়া পৰিত্ৰাণৰ দিন ;” ২ কৰিন্থীয়া ৬:২ পদ। “আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেন্তে .... তোমালোকৰ হৃদয় কঠিন নকৰিবা;” ইব্রী ৩:৭,৮ পদ। SCAsm 26.2

“কিয়নো মানুহে যেনেকৈ চায় যিহোৱাই তেনেকৈ নাচায় ...... কিন্তু যিহোৱাই মনলৈ দৃষ্টি বাখে,” ১ চমুৱেল ১৬:৭ পদ। মানুহৰ হৃদয় সুখ-দুখৰ, চিন্তাক্লিষ্ট মনোভাৱ, আবেগ-অনুভূতি, অস্থিৰ স্বভাৱ, অবাধ্য, সকলো প্ৰকাৰৰ অশুচি আৰু প্ৰৱঞ্চনাৰ বাসস্থান মাথোন। অন্তর্যামী ঈশ্বৰে আমাৰ এই আটাইবিলাক দুর্বলতা জানে, সেয়ে আপুনি এনে অশুচি অৱস্থাবেই সংকোচ নকৰাকৈ তেওঁৰ গুৰিলৈ আহক আৰু আপোনাৰ হৃদয়ৰ দুৱাৰ মুকলি কৰি দি গীত ৰচক দায়ুদৰে সৈতে গাওক, “হে ঈশ্বৰ, মোৰ বুজ-বিচাব লৈ মোৰ মন জানা, মোক পৰীক্ষা কৰি মোৰ কল্পনা বুজা ; আৰু মোত দুষ্টতাৰ কোনো পথ আছে কি নাই, তাক চোৱা, আৰু অনন্ত পথত মোক গমন কৰোৱা।” গীতমালা ১৩১:২৩,২৪ পদ। SCAsm 26.3

অন্তৰ শুদ্ধ আৰু পৱিত্ৰ নোহোৱাকৈও বাহ্যিক ভাৱে ঐশ্বৰিক ৰূপ ধাৰণ কৰা অনেক লোক আছে। কিন্তু আপোনাৰ প্রার্থনা এইদৰে হওক, “হে ঈশ্বৰ, মোত শুদ্ধ মন সৃষ্টি কৰা ; মোৰ অন্তৰত সুস্থিৰ আত্মা পুনৰাই জন্মোৱা” গীতমালা ৫১:১০ পদ । ভয়ঙ্কৰ বিপদে আগুৰি থকা আপোনাৰ জীৱনৰ প্ৰতি সজাগ হওক, কিয়নো অনন্তকালৰ নিমিত্তে ঈশ্বৰ আৰু আপোনাৰ উভয়ৰে মাজত আপোনাৰ জীৱনৰ একনিশ্চিত সিদ্ধান্ত কৰিবলগীয়া আছে ; হয় আপোনাৰ জীৱন তেওঁত সমর্পণ কৰক ; নহয় চিৰকালৰ নিমিত্তে তেওঁক ত্যাগ কৰি অনন্ত মৃত্যুক আকোৱালি লওক । SCAsm 27.1

ঈশ্বৰৰ বিধান আৰু খ্রীষ্টৰ জীৱনৰ যোগেদি যি সত্য আপোনাৰ আগত প্রকাশ হ’ল, সেই ঈশ্বৰৰ বাক্যৰ মূল উদ্দেশ্য জ্ঞাত হ’বৰ নিমিত্তে আপুনি প্রার্থনা সহিত অধ্যয়ন কৰক । কিয়নো, “পৱিত্ৰতাৰ বিনে কোনেও প্রভু দর্শন নাপাব” ( ইব্রী ১২ : ১৪ ) । “...ঈশ্বৰে খ্রীষ্টত থাকি .... তেওঁৰে সৈতে তেওঁবিলাকৰ মিলন কৰি আছিল,” ২ কৰিন্থীয়া ৫:১৯ পদ । চয়তানে যেতিয়াই তাৰ স্বার্থ সিদ্ধিৰ কাৰণে আপোনাক এজন মহাপাপী বুলি কয়, আপুনি সেই মুহুৰ্ত্ততে আপোনাৰ উদ্ধাৰকৰ্ত্তা জনলৈ দৃষ্টি নিক্ষেপ কৰক ; আপোনাৰ নিজৰ পাপবোৰ স্বীকার কৰক, কিন্তু আপোনাৰ শত্ৰুক হ’লে কওক, “পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে, যীচু খ্রীষ্ট জগতলৈ আহিল” ১ তীমথিয় ১:১৫ পদ। আপুনি তেওঁৰ মহান প্ৰেমৰ দ্বাৰাই যেন উদ্ধাৰ পায়। যীচুৱে চিমোনক দুজন ধৰুৱাৰ বিষয়ে এটা প্রশ্ন সুধিছিল । মহাজনক পরিশোধ কৰিবলগীয়া এজনৰ অলপমান আৰু আনজনৰ অধিক ঋণ আছিল ; কিন্তু সিবিলাকে ঋণ পরিশোধ কৰিব নোৱাবাত, মহাজনে দুয়োবো ঋণ ক্ষমা কৰিলে । এই কথা কৈ যীচুৱে চিমোনক সুধিলে— মহাজনে দুজনৰ কাক বেছি প্রেম কৰিলে ? আৰু চিমোনে উত্তৰ দি ক’ “যিজনৰ অধিক ধাৰ আছিল, তেওঁকেই।” লূক ৭:৪৩ পদ। তদ্রূপ আমিও পাপৰ ধাৰত পোত গৈ থকা অৱস্থাত খ্রীষ্টই কালবাবীৰ ক্রুচত আমাৰ পাপৰ ধাৰ শুজিলে। SCAsm 27.2