শান্তিৰ সন্ধানত

14/14

প্রভুত আনন্দ কৰা

ঈশ্বৰৰ সন্তান বিলাকক খ্রীষ্টৰ ৰাজদূত বুলি কোৱা হয়, কাৰণ তেওঁবিলাকে ঈশ্বৰৰ অনুগ্রহ, দয়া আদি আটাই সদ্ গুণসমূহ জগতক প্রকাশ কৰে । পিতৃ ঈশ্বৰৰ ন্যায় আৰু পৱিত্র গুণ যীচুৱে যিদৰে আমালৈ প্ৰকাশ কৰিলে, সেইদৰে আমিও খ্রীষ্টৰ দয়া, মৰম, প্রেম জগতত বুজি নোপোৱা আৰু নুশুনা, নজনা লোকৰ আগত প্রকাশ কৰোঁহক। যীচুৱে কৈছিল, “তুমি যেনেকৈ মোক জগতলৈ পঠালা, ময়ো তেনেকৈ তেওঁলোকক জগতলৈ পঠালো ইয়াক জগতে শ্বাস কৰিবলৈ তুমি যেনেকৈ মোত, আৰু মই যেনেকৈ তোমাত, তেওঁবিলাকো তেনেকৈ যেন আমাত হয়।” যোহন ১৭:১৮,২১-২৩ পদ চাওক। সাধু পৌলে যীচুৰ অনুগামী সকলক কৈছিল— “আৰু সকলো মানুহে জনা পঢ়া আমাৰ পত্র তোমালোকেই হৈছা ; তোমালোক খ্রীষ্টৰ পত্ৰ স্বৰূপে প্রকাশিত হৈছা ;” ২ কৰিন্থীয়া ৩:২,৩ পদ। খ্রীষ্ট বিশ্বাসী প্রত্যেকজন সন্তানেই জগতলৈ পঠোৱা একো একোজন জীৱন্ত পত্রস্বৰূপ । নিজৰ পৰিয়াল, ওচৰ-চুবুৰীয়াৰ মাজত থকা ঈশ্বৰৰ মাত নুশুনা এনে লোক বিলাকৰ আগত আপুনি যীচুৰ প্রকৃত ৰাজদূত স্বৰূপ হৈ অন্ধকাৰত ভ্ৰমি ফুৰা লোক বিলাকক আপোনাৰ সাক্ষ্যৰ যোগেদি তেওঁক পোহৰলৈ আনক। SCAsm 82.1

ঈশ্বৰৰ সন্তান বিলাকক স্বর্গীয় পথৰ জ্যোতি প্রকাশক বুলি কোৱা হয় । তেওঁ বিলাকৰ ওপৰত পৰা খ্রীষ্টৰ পোহৰ অন্ধকাৰময় জগতৰ আগত প্রতিফলিত কৰিব দিয়া হৈছে আৰু সেই পোহৰত তেওঁবিলাকৰ শুচি জীৱন, সৎগুণবোৰ আনে দেখি খ্রীষ্টৰ বিষয়ে এটি শুদ্ধ ধাৰণা উপলব্ধি কৰিব আৰু তেওঁৰ পৰিচৰ্যাৰ প্রতিও আগ্রহী হ’ব। SCAsm 82.2

যি খ্রীষ্টিয়ানে অন্তৰত অসুখী আৰু বেজাবৰ বেদনা কঢ়িয়াই দুর্বল জীৱন অতিবাহিত কৰে, তেওঁবিলাকে ঈশ্বৰৰ পথ আৰু খ্রীষ্টিয়ান জীৱন বিকৃত ৰূপত প্রকাশ কৰে । ঈশ্বৰৰ সন্তান-বিলাকক যেতিয়া চয়তানে অবিশ্বাস আৰু নিৰাশাৰ পথত চলায় লৈ যায়, তেতিয়া সি বৰ উল্লাসিত হয় ; ঈশ্বৰৰ শাসন প্রণালী অতি কঠোৰ, তেওঁৰ বিধি-বিধান নমনা লোকক অর্থাৎ পাপীক নিষ্ঠুৰ যন্ত্রণা দি শাস্তি প্রদান কৰে ইত্যাদি বিৰুদ্ধ ভাৱ মানুহৰ অন্তৰত সুমুৱাই দি বিপথগামী কৰাই অতি আনন্দ পায় । আৰু আমিও অনেক সময়ত চয়তানৰ ফুচুলনিত ভোল গৈ ঈশ্বৰক অসম্মান কৰি তেওঁৰ বিৰুদ্ধে কওঁ । আজি অনেকে হৃদয়ত দুখ-কষ্ট, হতাশ-নিৰাশাৰ ভাৰ বহন কৰি SCAsm 82.3

অসফলতা আৰু ভ্ৰান্তিৰ যোগেদি নিজ নিজ জীৱন পথেৰে লক্ষ্যভ্রষ্ট হৈ ধ্বংসৰ পথত অগ্ৰসৰ হৈ গৈ আছে। এইখিনিতে এটা ঘটনা উল্লেখ কৰিব খোজোঁমই ইউৰোপত থকা সময়ত এগৰাকী ভগ্নীয়ে তেওঁৰ মনৰ দুখ-বেদনা মোলৈ পত্রযোগে লিখি জনাই শান্তি পাবৰ অৰ্থে মোক তেওঁৰ কাৰণে প্রার্থনা কৰিবলৈ অনুৰোধ কৰিছিল । তেওঁৰ পত্ৰখন পঢ়াৰ দ্বিতীয় নিশা মই সপোনত দেখিলো যে— মই এখন ফুলৰ বাগিছাৰ মাজত আছে। বাগিছাখনৰ গৰাকীজনীয়ে তাতে মোক তেওঁৰ লগত ফুৰাই আছে । মই বাগিছাৰ ফুল ছিঙি তাৰ সুগন্ধি উপভোগ কৰাত মগ্ন হৈ আছে । তেনেতে, বাগিছাৰ গৰাকীজনীয়ে মোৰ মন তেওঁৰ ফালে আকর্ষণ কৰি কিছুমান অশুৱনি বনৰীয়া কাইটীয়া গোলাপ ফুল তেওঁৰ আগত থকা দেখুৱালে। সেই কাইটীয়া ফুলবোৰৰ মাজত প্রাথনাৰ সহায় বিচাৰি চিঠি লিখা ভগ্নী গবাকী ক্রন্দন আৰু বিলাপ কৰি থকা দেখা পালো । তেওঁ বিলাপ কৰি ক’লে— এই ধুনীয়া বাগিছাখন কাঁইটেৰে নষ্ট কৰা শোভা নাপায় । তেতিয়া বাগিছাৰ গৰাকীজনীয়ে ক’— প্রথমে কাইটবোৰ সাৱধানে আঁতৰাই লওক। সেইবিলাকে আপোনাক কেৱল বিন্ধি আঘাত কৰিব পাৰে । তাৰপিছত সুগন্ধি গোলাপ ফুলবোৰ ছিঙক । SCAsm 83.1

আপোনাৰ জীৱনতো নিশ্চয় এনে পৰিস্থিতিয়ে দেখা দিব পাৰে, যদিহে উজ্জ্বল ৰেঙণি আপোনাৰ দৃষ্টিগোচৰ হোৱা নাই। আপোনাৰো এনে কিছুমান মূল্যবান সময় আছিল, যি সময়ছোৱাত ঈশ্বৰৰ আত্মাৰ সঁহাৰি পাই আপোনাৰ অন্তৰাত্মা আনন্দত উথলি উঠিছিল, নহয়নে ? যেতিয়া আপোনাৰ জীৱনৰ অতীত অধ্যায়বোৰত উভতি দৃষ্টি কবে, তেতিয়া তাৰ কোনোবা পৃষ্ঠাত কিছুমান সুখ আনন্দৰ বিষয় উল্লেখ থকা নাপায়নে ? ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰ আপোনাৰ কাষৰ উভয়ফালে ফুলি উঠা সুগন্ধি ফুলৰ দৰে নহয়নে ? এই ফুলৰ সৌন্দর্য আৰু সুবাসে আপোনাৰ অন্তৰ আনন্দেৰে পৰিপূৰ্ণ নকৰিৰ নে ? SCAsm 83.2

বনৰীয়া কাইটীয়া গোলাপে আপোনাক কেৱল আঘাত কৰি কষ্ট দিব পাৰে ; আৰু এইবোৰ গোটাই আনক উপহাৰ দিয়া মানে, ঈশ্বৰৰ সাধুতা আৰু মঙ্গলতাক আপুনি অৱজ্ঞা কৰাৰ উপৰিও, আপোনাৰ অবিবেচক কার্যই আপোনাৰ চাবিওফালে থকা লোকবিলাকক প্ৰভুৰ পথত চলাব পৰা আঁতৰাই ৰখা নাইনে ? SCAsm 84.1

আমাৰ অতীতৰ অশুচি জীৱনত কৰা আটাই কু-কর্মবোৰ খেদিত আৰু অনুতাপিত চিত্তেৰে ত্যাগ কৰি নতুন জীৱনত প্ৰৱেশ কৰোঁহক । কাৰণ আমাৰ অশুচি জীৱনে আমাক ঈশ্বৰৰ পথৰ অনুসন্ধান দিব নোৱাৰে। ফল স্বরূপে অন্ধকাৰতে ভ্রমি থাকি আনৰ প্ৰতিও প্রতিবন্ধক স্বৰূপ হৈ পৰোঁ । SCAsm 84.2

যেতিয়া আমি ঈশ্বৰৰ প্ৰেমৰ প্রতি সন্দেহ আৰু তেওঁৰ মুখৰ বাক্যৰ প্রতি অবিশ্বাস প্রদর্শন কৰোঁ, তেতিয়া আমি তেওঁক আৰু তেওঁৰ পৱিত্র আত্মাকো অপমান কবো । যিগৰাকী স্নেহময়ী মাতৃয়ে শিশু অৱস্থাৰে পৰাই নিজৰ বুকুৰ উমেৰে সন্তানৰ কোনো ক্ষতি নোহোৱাকৈ মৰম-চেনেহৰে প্রতিপাল কৰি ডাঙৰদীঘল কৰিলে ; এতিয়া ডাঙৰ হৈ সেই সন্তানে যদি তাৰ সেই স্নেহময়ী মাতৃৰ প্রতি নির্দয় ব্যৱহাৰ কৰে, তেতিয়া সেই মাতৃ গৰাকীয়ে তেওঁৰ অন্তৰত কেনেকুৱা অনুভৱ কৰিব বুলি আপুনি ভাৱে ? কোনোবা পিতৃ-মাতৃয়ে নিজক সন্তানৰ পৰা এনে দুর্ব্যৱহাৰ আশা কৰিব পাৰে নে ? সেই একেদৰে আমাৰ যিজনা স্বর্গীয় পিতৃয়ে আমাক প্রেম করা হেতুকে আমাক জীৱনদান দিবলৈ তেওঁৰ একমাত্র পুত্রক জগতলৈ পঠালে, সেইজনা মৰমীয়াল স্বর্গীয় পিতৃৰ প্ৰতি যদি অবিশ্বাস প্রদর্শন কৰোঁ, তেতিয়া তেওঁ আমাৰ প্ৰতি কি মনোভাৱ ল’ব । পাঁচনি পৌলে লিখিছে- “যিজনাই নিজৰ পুত্ৰকো মবম নকৰি আমাৰ আটাইৰে কাৰণে তেওঁক সোধাই দিলে, সেইজনাই আমাক অনুগ্রহ কৰি তেঁৱে সৈতে সকলো নিদিবনে ?” ৰোমীয়া ৮:৩২ পদ। তথাপিও অনেক অকৃতজ্ঞলোকে কথা আৰু কৰ্মৰে ঈশ্বৰৰ দয়া, মমতা দেখ-দেখকৈ অগ্রাহ্য কবে। SCAsm 84.3

এনেবোৰ কথা আৰু কর্মই আপোনাৰ অন্তৰৰ দুর্বলতা প্রকাশ কৰি অনিষ্ট সাধন হে কৰে । আপোনাৰ প্ৰত্যেকটো সন্দেহব কথাই চয়তানৰ কুঅভিসন্ধিক আমন্ত্রণ জনাই সন্দেহী মনোভাৱক আৰু প্ৰৱল কৰি ঈশ্বৰৰ বিৰুদ্ধ কৰি তুলে। তাৰ কু-প্ৰৰোচনাৰ প্ৰতি আকর্ষিত হলেই আপোনাৰ হৃদয় ঈশ্বৰৰ প্রতি অবিশ্বাস আৰু বিদ্ৰোহৰ ভাৱেৰে পৰিপূৰ্ণ কৰিব । আপুনি হয়তো হৃদয়ত খেদ আৰু অনুতাপ কৰি চয়তানৰ কবলৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব । কিন্তু আপোনাৰ অতীত জীৱনৰ কু-প্রভাৱৰ দ্বাৰাই আক্রান্ত হৈ অনেকে অপথে গুচি গ’ল, তেওঁবিলাকে কেনেকৈ মন পালটন কৰি ৰক্ষা পাব, অলপ ভাবি চাইছেনে ? সেয়ে, আমি, আনলৈ উজুটি খোৱা মুঢ়া স্বৰূপ নহৈ, সকলো সময়তে আত্মিক বিষয়ত সতর্ক হৈ থাকোহঁক। SCAsm 84.4

হতাশ নিৰাশাৰ কথাৰ দ্বাৰাই আপোনাৰ প্রতিবেশীক বিচলিত নকৰিব ; বৰং আটাই চিন্তাৰ ভাৱ প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰক জনাই দিয়ক । আপোনাৰ কথা-বতৰা, চলন-ফুৰণ, আচাৰ-ব্যৱহাৰৰ দ্বাৰাই অনেকৰ জীৱনত শান্তিৰ আৰু আনন্দৰ জোঁৱাৰ আনিব পাৰে, কাৰণ “কোনেও নিজৰে নিমিত্তে নিজীয়ে ।” ৰোমীয়া ১৪:৭ পদ চাওক। যীচুৰ জীৱন চৰিত্ৰৰ বিষয়ে অনেকৰ এক ভ্রমাত্মক ভাৱ পোষণ কৰা দেখা যায় । সিবিলাকে ভাৱে যে, যীচু কোনো দয়া-মমতা নথকা, উদ্দীপনাহীন আৰু আনন্দহীন লোক আছিল । সেয়ে এনে ভ্রান্তমূলক মনোভাৱ প্ৰায়েই সমস্ত ধর্মীয় অনুভূতিক এক নৈৰাশ্যজনক ভূমিকাৰেৰহণ সনা হয় । SCAsm 85.1

প্রায়ে কোৱা হয় যে, যীচুৱে ক্রন্দন কৰিছিল, কিন্তু কেতিয়াবা হাঁহিছিল বুলি জনা নাযায়। অৱশ্যে আমাৰ ত্ৰাণকৰ্ত্তা শোক-সন্তাপৰ মানৱ আছিল । এতিয়াও নানান দুখ-কষ্ট আৰু যন্ত্রণাত জৰ্জৰিত হোৱা লোকবিলাকে যদি তেওঁৰ ফালে দৃষ্টি কৰে, তেওঁ সেই আটাই বিলাকৰ দুখত সমভাগী হয় ; কাৰণ তেওঁৰ অভ্যন্তৰীণ শক্তি কেতিয়াও পৰাভূত নহয় । তেওঁৰ মুখ মণ্ডলত কেতিয়াও দুখবেজাৰৰ চিন দেখা নগৈছিল ; বৰং এক শান্ত, নিম্মল, সৌম্য মূৰ্ত্তিহে প্ৰতিফলিত হৈছিল । SCAsm 85.2

আমাৰ ত্রাণকৰ্ত্তা জনা প্রয়োজন বিশেষে অতিকৈ ভাৱ-গম্ভীৰ আৰু একনিষ্ঠ ভাৱে স্থিৰ সংকল্প মনৰ আছিল । কিন্তু কেতিয়াও বিষন্ন আৰু হতাশনিশাত পৰাজিত হোৱা নাছিল । যি সকলে তেওঁৰ অনুকৰণ কৰিব, তেওঁবিলাক আটায়েই নিজ নিজ জীৱনৰ প্ৰকৃত লক্ষ্যত উপনীত হোৱাৰ উপৰিও ব্যক্তিগত দায়িত্ববোধৰ এক গভীৰ উপলব্ধিৰ জ্ঞান হ’ব। বৃথা অভিমান অসাৰ আনন্দ নাইকীয়া হ’ব । কিন্তু যীচুৰ শিক্ষাই প্রত্যেকৰ জীৱনত শান্তিৰ নৈ বোৱাই আনিব। আনন্দৰ জ্যোতিৰ ম্লান নহ’ব । কেৱল আনন্দ আৰু আনন্দইহে বিৰাজ কৰিব । খ্রীষ্ট সেৱা-শুশ্রুষা পাবলৈ নহয়, কিন্তু আনৰ সেৱা-শুশ্রুষা কৰিবলৈহে আছিল ; আৰু যেতিয়াই এনে মনোভাৱেৰে আমি প্ৰভাৱান্বিত হম, তেতিয়াই তেওঁৰ আদর্শত চলিবলৈ অনুপ্রাণিত হম SCAsm 85.3

যদি আমি আমাৰ মনত অহংভাৱ, নির্দ্দয় ও অন্যায় ভাৱবোৰেৰে পৰিপূৰ্ণ কৰি ৰাখোঁ, তেন্তে খ্রীষ্টই আমাক যিদৰে প্ৰেম কৰিলে, আমি সেইদৰে আনক প্ৰেম কৰাটো অসম্ভৱ হ’ব । কিন্তু আমাৰ ভাৱ, চিন্তাধাৰা খ্রীষ্টৰ আচৰিত প্ৰেমৰ ওপৰত প্রতিষ্ঠিত হলে, সেই একে উদ্যমেৰে আমি আনৰ পৰিচৰ্য্যা কৰিব পাৰিম । আমাৰ দুর্বলতা, দোষ-গুণ, অসমর্থতা বিচাৰ কৰি নহয় ; বৰং মানৱীয়তাৰ সহিত নম্ৰতাৰে নিঃস্বার্থভাৱে আনৰ পৰিচৰ্য্যা কৰোঁহক। আৰু সৎগুণে আমাৰ হৃদয়ৰ সংকীর্ণতা, স্বার্থপৰতা গুচাই আমাক মহান আৰু উদাৰ হৃদয়ৰ লোক হিচাবে গঢ়ি তুলিব । SCAsm 86.1

দায়ুদে কৈছে “যিহোৱাত ভাৰসা ৰাখা, আৰু সুকর্ম কৰা ; দেশত বাস কৰা, আৰু বিশ্বস্ততাৰূপ পথাৰত চৰা” (গীতমালা ৩৭৩ পদ) । প্ৰায়ে আমি ইচ্ছাকৃত, নিজ ভুলত, দুখ-কষ্ট ভোগ কৰি তাৰ বাবে ঈশ্বৰকহে দায়ী কৰোঁ ; অবিশ্বাসো কৰো । আমি তেওঁৰ প্ৰতি কৰা এনে ক্রুঢ় আচৰণ উচিত হৈছেনে ? এনে অমূলক চিন্তা-ভাৱধাৰাবোৰক আমাৰ দৈনিক জীৱনত প্ৰৱেশ কৰিব নিদিয়াই শ্রেয়। কাৰণ এইবোৰে আমাৰ আত্মিক জীৱন দুর্বল কৰি ধ্বংসৰ পথলৈ ঠেলি দিয়ে। প্রতিদিনেই আমি বাস কৰা ধৰাখনত ঈশ্বৰৰ প্ৰেমৰ চিন স্বৰূপে তেওঁৰ নানা অনুগ্রহ আশীর্বাদ আনকি আমাৰ দৈনন্দিন জীৱনৰ প্রয়োজনীয় বস্তুবোৰ উপভোগ কৰি থাকিলেও আমাৰ কিছুমানে অহেতুক ভয়, সংশয়ত দিন অতিবাহিত কৰে। এনেদৰে ঈশ্বৰৰ মহান আশীর্বাদক সিবিলাকে অৱজ্ঞা কৰাৰ উপৰিও সিবিলাকৰ মন অবিৰত বিৰক্তিকৰ পৰিস্থিতিৰ মাজেৰে পৰিচালিত হয় আৰু ঈশ্বৰৰ আটাই অনুগ্রহ আৰু আশীর্বাদৰ পৰা নিজকে বঞ্চিত কৰে। সিবিলাকে সন্মুখীন হোৱা দুখ-কষ্টই বা মনত উদয় হোৱা অশান্তি আৰু অসন্তোষেসিবিলাকক ঈশ্বৰৰ কাষলৈ চপাই লৈ যোৱাৰ পৰিবৰ্তে ঈশ্বৰৰ পৰা পৃথকহে কৰায়। SCAsm 86.2

আমি এনেদৰে অবিশ্বাসী হোৱাটো উচিত হৈছেনে ? কিয় আমি অকৃতজ্ঞ আৰু সন্দেহী ভাৱ পোষণ কৰিছো ? আমি নিশ্চিতরূপে জনা উচিত যীচু আমাৰ বন্ধু ; সমগ্ৰ স্বৰ্গই আমাৰ কল্যাণৰ অর্থে আগ্রহী । আমাৰ দৈনন্দিন জীৱনৰ কিংকর্ত্তব্যবিমূঢ়তা, বিৰক্তিকৰ ভাৱবোৰে যাতে আমাৰ মন, প্রাণ আৰু শৰীৰক অৱশ কৰিব নোৱাৰে তাৰ বাবে সজাগ হওঁহক। SCAsm 86.3

এটা কথা অতি স্বাভাৱিক, হয়তো আপোনাৰ ব্যৱসায়ত ক্ষতিগ্রস্ত হ’ব পাৰে, উন্নতিত বাধাপ্রাপ্ত হ’ব পাৰে ; তথাপিও নিরুৎসাহ নহ’ব । আপোনাৰ চিন্তাৰ ভাৰ ঈশ্বৰৰ ওপৰত সোধাই দি— ধীৰ, স্থিৰ হৈ থাকক । ঈশ্বৰৰো ইচ্ছা নহয় যে, তেওঁৰ লোক বিলাকে অনর্থক দুখ-কষ্ট, আৰু যন্ত্রণাৰে ভাবগ্রস্থ হওক। তেওঁ জানে আমি দুখ-কষ্ট, যন্ত্রণাৰে জৰ্জৰিত পৃথিৱীখনত বাস কৰিছোঁ । সেয়ে আমি এইবোৰৰ সন্মুখীন হ’বই লাগিব । এইক্ষেত্ৰত তেওঁৱেই আমাৰ আশ্রয় আৰু ঢাল স্বৰূপ । যীচুৱে আমাৰ কাৰণে এইদৰে প্রার্থনা কৰিছিল— “মই নিবেদন নকৰোঁ যে, তুমি তেওঁবিলাকক জগতৰ পৰা নিয়া, কিন্তু তেওঁবিলাকক পাপ আত্মাৰ পৰা ৰাখা” (যোহন ১৭:১৫ পদ); “জগতত তোমালোকৰ ক্লেশ আছে, কিন্তু নির্ভয় হোৱা ; মইয়েই জগতক জয় কৰিলো।” যোহন ১৬:৩৩ পদ। SCAsm 87.1

যীচুৱে পৰ্বতৰ ওপৰত শিক্ষা দিওঁতে শিষ্য বিলাকক ঈশ্বৰৰ প্রতি বিশ্বাস কৰা গুৰুত্বৰ সম্বন্ধে অমূল্য শিক্ষা প্রদান কৰিছিল । যুগে যুগে ঈশ্বৰৰ বিশ্বাসী সন্তানবিলাকক উৎসাহ উদ্দীপনা আৰু শান্তনা দিয়াৰ অভিপ্রায়ে এই শিক্ষা দিছিল । তেওঁ আকাশৰ চৰাইবোৰলৈ দেখুৱাই শিষ্য বিলাকক কৈছিল, “আকাশৰ চৰাইবোৰলৈ চোৱা ; সেইবোৰে নবয়, নাদায় আৰু মেৰতো নচপায় ; তথাপি তোমালোকৰ স্বগীয় পিতৃয়ে সেইবোৰকে আহাৰ দিয়ে।” এতিয়া যীচুৱে সুধিছে, “তোমালোক সেইবোৰতকৈ অধিক মূল্যবান নোহোৱা নে ?” মথি ৬:২৬ পদ। তেওঁ আকাশৰ পক্ষী, পথাৰৰ পশু আটাইৰে দৈনিক আহাৰ যোগায়। তেনেস্থলত যিজনাত আমাৰ অস্তিত্ব নিহিত হৈ আছে, যিজনাত আমাৰ জীৱন গুপ্ত হৈ আছে, যিজনাই আমাক নিজ সাদৃশ্যৰে সৃষ্টি কৰিলে, সেইজন দয়ালু স্বগীয় পিতৃয়ে আমাক আমাৰ দৈনিক প্রয়োজনীয় বস্তুবোৰ নিদিবনে ? SCAsm 87.2

যীচুৱে তেওঁক শিষ্যবিলাকক পথাৰৰ ফুলবিলাকৰ সৌন্দর্য দেখুৱাই কৈছিল, পথাৰৰ কনাৰি ফুলবোৰ বাঢ়ি প্রকৃতিক সুশোভিত কৰি তোলে। চলোমন ৰজাৰ ধন-সম্পত্তি, বাজকাৰেং আৰু ঐশ্বৰ্য্যৰ সৈতে প্ৰকৃতিৰ শোভাক তুলনা কৰি কৈছে, “চলোমন নিজৰ সকলো ঐশ্বৰ্য্যবে সৈতেও সেইবোৰ এটাৰ নিচিনাও বিভূষিত নাছিল ।” মথি ৬:২৯ পদ। ঈশ্বৰে প্রকৃতিখনক যেনেকৈ অতি সুন্দৰ কৰি সৃষ্টি কৰিলে, পৃথিৱীৰ কোনো দক্ষ চিত্রকবেও তাৰ সেই নিখুঁত ৰূপ দিব নোৱাৰে । যীচুৱে কৈছিল— “এতেকে পথাৰৰ যি বন আজি আছে, কাইলৈ জুইশালত পেলোৱা হয়, তাকো যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেন্তে হে অল্পবিশ্বাসী বিলাক, তেওঁ তাতকৈ তোমালোকক ভূষিত নকৰিব নে ?” মথি ৬:৩০ পদ। এদিনৰ ভিতৰতে মবহি যোৱা ৰং-বিৰঙৰ ফুলবোৰক, ঐশ্বৰিক চিত্ৰকৰ, ঈশ্বৰে যদি ইমান যত্ন লয়, তেন্তে সেই একেজনা ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে নির্ম্মাণ কৰা তেওঁৰ মানৱ সন্তানক আৰু অধিক যত্ন নল’বনে ? অবিশ্বাসী, সন্দেহবাদী, চিন্তাক্লিষ্ট, উদ্বিগ্নতা ইত্যাদি আচৰণ কৰা হৃদয়ৰ প্ৰতি খ্রীষ্টৰ এইয়া চেতনাদায়ক শিক্ষা । SCAsm 87.3

ঈশ্বৰে তেওঁৰ আটাই পো-জীক সুখী, আনন্দ আৰু বাধ্য হোৱাটো বাঞ্ছা কৰে । যীচুৱে কৈছে— “মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ ; জগতে যেনেকৈ দিয়ে, মই তেনেকৈ নিদিওঁ । তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক । যোহন ১৪:৭ পদ ; “মোৰ আনন্দ তোমালোকত যেন থাকে, আৰু তোমালোকৰ আনন্দ যেন সম্পূর্ণ হয়, এই নিমিত্তে তোমালোকক এইবোৰ কথা ক’লোঁ।” যোহন ১৫:১১ পদ । SCAsm 88.1

স্বার্থপব আৰু আলস্য মনেৰে খোজা শান্তি-আনন্দ ক্ষণস্থায়ী হোৱাৰ ওপৰিও হৃদয়ত নির্জ্জনতা আৰু অকর্মণ্যতাইহে বিৰাজ কবে, কিন্তু ঈশ্বৰৰ পৰিচৰ্য্যা আৰু সেৱা কার্যত শান্তি আৰু আনন্দ পোৱা যায়। তেওঁ নিজ লোক বিলাকক অপথে গৈ অনর্থক দুখ, কষ্ট আৰু হতাশ-নিৰাশাৰ দোমোজাত পৰিবলৈ এৰি নিদিয়ে । হয়, এই কথাকো আমি হৃদয়ঙ্গম কৰিব পাৰিব লাগিব যে, আশা কৰা মতে এই পার্থিব জীৱনত সুখ-আনন্দ উপভোগ কৰিব নাপালেও, ইয়াতকৈ অধিক বিমল স্বর্গীয় সুখ, আনন্দ নতুন জীৱনত ভোগ কৰিবলৈ পাম, ই নিশ্চিত। SCAsm 88.2

ওপৰোক্ত কথাখিনিৰ দ্বাৰাই আমি মনত নৈশ্য ভাৱ পোষণ নকবোহঁক। কিয়নো, মৰমীয়াল ঈশ্বৰে তেওঁৰ পো-জী বিলাকৰ ওপৰত প্ৰেমৰ জ্যোতি প্রতিফলিত কৰি তেওঁৰ নিত্য উপস্থিতিৰ অনুভৱৰ সান্নিধ্যতাই আমাক এখোজ এখোজকৈ যীচুৰ ওচৰলৈ আৰু চিৰশান্তিৰ স্বগীয় ঘৰলৈ চপাই নিব। এতেকে এইখন ধৰাতেই আমাৰ বিশ্বাস নেহেৰুৱাই আগতকৈ অধিক দৃঢ় মনৰ লোকহওঁহক। কাৰণ “এতিয়ালৈকে যিহোৱাই আমাক সহায় কৰিলে।” (১ চমুৱেল ৭:২২ পদ) আৰু শেষলৈকে কৰি থাকিব । আমি সেই স্মৃতিস্তম্ভ জনালৈ লক্ষ্য কৰি সোঁৱৰণ কৰোহঁক যে, তেওঁ আমাক কিমান দয়া আৰু অনুগ্রহ কৰিলে, চয়তানৰ বন্ধনৰ পৰা মুকলি কৰি আমাক শান্তনা দিলে, আমাৰ চকুলো মচি দিলে, আমাৰ দুখ-কষ্ট, ভয়-সংশয়বোৰ আঁতৰাই, আমাৰ অৱশিষ্ট যাত্ৰাত অগ্ৰসৰ হৈ যাবলৈ আশীর্বাদ কৰি বল-শক্তি যোগালে । SCAsm 88.3

হয়, অদূৰত আমালৈ আৰু কি কি নতুন বিপদ-আপদ, বাধা-বিঘিনি ৰৈ আছে যিবোৰ অতিক্ৰম কৰি পাৰ হৈ যাব লাগিব ; সেইবিলাক নাজানো । কিন্তু অতীতলৈ উভতি দৃষ্টিপাত কৰিলেই, আগলৈ আৰু কি কি ঘটিব, তাৰ উমান। পোৱা যায়। কাৰণ “এতিয়ালৈকে যিহোৱাই আমাক সহায় কৰিলে,” “আৰু তোমাৰ আয়ুস যেনে, তোমাৰ শক্তি তেনে হ’ব।” ২য় বিৱৰণ ৩৩:২৫ পদ । আমালোকে সহ্য কৰিব পৰা শক্তি অনুসাৰেহে আমালৈ ফান্দ পৰীক্ষা আহিব। সেয়ে দুখ-যন্ত্রণা বা পৰীক্ষাৰ সমানুপাতক শক্তিৰ ভাৰসাম্য ৰাখিবলৈ প্ৰভুৰ পৰা শক্তি আৰোহণ কৰোহঁক। SCAsm 89.1

ঈশ্বৰৰ সন্তানবিলাকক প্রৱেশ কৰিবলৈ ক্রমান্বয়ে স্বৰ্গৰ দুৱাৰ মুকলি কৰি দিয়া হ’ব, আৰু লগে লগে গৌৰৱৰ ৰজাৰ মুখৰ পৰা অতি মধুৰ স্বৰেৰে শেষ বাণী তেওঁবিলাকে শুনিবলৈ পাব ; “আহাঁ, মোৰ পিতৃৰ আশীৰ্বাদৰ পাত্রবিলাক, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ নিমিত্তে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা।” মথি ২৫:৩৪ পদ । ইয়াৰ পাছতেই নতুন স্বগীয় গৃহত তেওঁবিলাকৰ অৰ্থে আদৰণি পর্ব আৰম্ভ হ’ব । তাত গোটখোৱা প্ৰত্যেকজন পৱিত্ৰ লোক পৃথিৱীত থকা মিছলীয়া, দেৱপূজক, অশুচি আৰু অবিশ্বাসী বিলাকৰ দৰে নহ’ব । কাৰণ, তেওঁবিলাকে চয়তানৰ সকলো প্ৰভাৱ, পৰাক্রম, ফান্দ পৰীক্ষাৰ ওপৰত জয়যুক্ত হ’ল । মেৰ পোৱালীৰ তেজেৰে ধুই শুচি হৈ ঐশ্ববিক মূর্ত্তিত ৰূপান্তৰিত হ’ল । এতিয়া তেওঁৰ শ্ৰেষ্ঠতা, প্ৰতাপৰ উজ্জ্বলতা, যি সূৰ্যৰ পোহৰতকৈও অধিক প্ৰখৰ, তেওঁবিলাকক প্রদান কৰিলে । নিষ্কলংকিত আৰু পৱিত্ৰ হৈ তেওঁ বিলাকে ঈশ্বৰৰ সিংহাসনৰ আগত স্বর্গদূত সমূহৰ সৈতে মর্যাদাসম্পন্ন খ্যাতিৰে থিয় হ’ব । SCAsm 89.2

অৱশেষত তেওঁবিলাক মহাপ্রতাপৰ অধিকাৰী হৈ ঈশ্বৰৰ নিজা লোক হ’ল ; “এতেকে মানুহে নিজৰ প্ৰাণৰ সলনি বা কি দিব ?” মথি ১৬:২৬ পদ । সেই ব্যক্তিসকল জাগতিক ধন, ঐশ্বৰ্য্যৰ ফালৰ পৰা নিঃস্ব আছিল নিশ্চয়, কিন্তু এতিয়া ঐশ্বৰিক ধন-ঐশ্বৰ্যৰ ফালৰ পৰা যেনে স্বচ্ছ হ’ল, তাক জাগতিক মূল্যৰ সৈতে কোনোৰূপে তুলনা কৰিব নোৱাৰে । ঈশ্বৰৰ অতি উত্তম পৰিচৰ্য্যাৰ অর্থে যিসকল ব্যক্তিক পাপৰ পৰা উদ্ধাৰ কৰি শুচি কৰা হ’ল, ই এটা অতি মহৎ অতিক্ৰমণকাৰী বিষয়। এনেতে ঈশ্বৰৰ সাক্ষাতে মেৰ পোৱালীৰ তেজেৰে ধুই পৰিত্ৰাণ পোৱা লোক বিলাকৰ নিমিত্তে দূত বিলাকে মহাউল্লাস আৰু জয়ধ্বনিৰে গীত-গান কৰি আনন্দ প্রকাশ কৰিলে । SCAsm 90.1

-ঃসমাপ্তঃ-