শান্তিৰ সন্ধানত

13/14

সংশয় আঁতৰ কৰা

যিসকলে খ্রীষ্টিয়ান জীৱনৰ অভিজ্ঞতাৰ গভীৰতালৈ প্ৰৱেশ কৰা নাই, এনেকুৱা অনেক লোক আত্মিক জড়তাৰ প্ৰভাৱত পৰি, প্রায় সময়ত সংকটৰ সন্মুখীন হয়। ধর্মশাস্ত্রত অনেক বিষয়বোৰ আছে, যিবোৰ সহজে বুজিব আৰু ব্যাখ্যা কৰিব নোৱাৰি ; আৰু চয়তানে এই দুর্বলতার সুযোগ লৈ, ধর্মশাস্ত্রখন ঈশ্বৰৰ প্রকাশিত বাক্য নহয়— এই ভাৱৰ সন্দেহ জন্মাই তেওঁবিলাকৰ বিশ্বাসক জোকাবি পেলায় । আৰু তেওঁবিলাকে ওলটাই প্রশ্ন কৰে— “মই সত্য পথ কেনেকৈ জানিম ? আৰু বাইবেলখন যদি প্রকৃততেই ঈশ্বৰৰ নিশ্বাসিত বাক্য হয়, তেন্তে তাক বুজিবৰ কাৰণে মোৰ মনৰ এই সন্দেহ আৰু কিংকত্তবিমূঢ়তাৰ পৰা কেনেকৈ মুক্তি পাম ?” SCAsm 74.1

যিহৰ ওপৰত আমাৰ বিশ্বাস স্থাপিত হ’ব, তাৰ কাৰণে ঈশ্বৰে আমাক সম্পূর্ণ প্রমাণ নিদিয়ালৈকে তাত ভাৰষা কৰিবলৈ কেতিয়াও কোৱা নাই । তেওঁৰ অস্তিত্ব, তেওঁৰ ঐশ্বৰিক মহানতা, তেওঁৰ নিশ্বাসিত বাক্যৰ সত্যতা, এই আটাইবোৰেই প্রত্যক্ষ প্রমাণৰ দ্বাৰাই যুক্তিৰ স্থিৰতা সাব্যস্ত কবে, আৰু এই প্রমাণ বা সাক্ষ্যই বিশ্বাসৰ কাৰণে যুক্তি যুক্ত । তথাপিও সন্দেহব সম্ভাৱনাক নুই কৰিব নোৱাৰে বুলি ঈশ্বৰে কোৱা নাই। আমাৰ বিশ্বাস সাক্ষ্যৰ ওপৰত স্থাপিত হ’ব লাগে, কোনো আৱেগ-অনুভূতিৰ দ্বাৰাই নহয় । যিসকলে স্বৰূপেই সত্যক জানিবলৈ আগ্রহী তেওঁবিলাকে যথেষ্ট পৰিমাণে ইয়াৰ সাক্ষ্য প্রমাণ পাব, যিহৰ ভিত্তিত তেওঁবিলাকৰ বিশ্বাস স্থিতি হ’ব । SCAsm 74.2

আমাৰ ক্ষুদ্ৰ মন আৰু জ্ঞানেৰে মহান জনাৰ আটাই নীতি-নিয়ম, কার্যপ্রণালী সম্পূর্ণকৈ জনা অসম্ভৱ । জগতৰ মহাজ্ঞানী আৰু শিক্ষিত, দার্শনিক পণ্ডিত আদি লোকৰ মনত, পৱিত্ৰ আৰু সর্বশক্তিমান জনা সদায়েই ৰহস্যাবৃত হৈ থাকিব । “তুমি অনুসন্ধান কৰি ঈশ্বৰৰ তত্ব পাব পাৰা নে ? তুমি সর্বশক্তিমান জনাব সম্পূর্ণ তত্ব লাভ কৰিব পাৰা নে ? সেয়ে আকাশ মণ্ডলৰ নিচিনা ওখ ; তুমি কি কৰিব পাৰা ? সেয়ে চিয়োলতকৈ অগাধ ; তুমি কি জানিব পাৰা ?” ধর্মশাস্ত্রব ইয়েব ১১:৭ আৰু ৮ পদব এই বাক্যটিয়েই ইয়াৰ সত্যতা প্রমাণিত কৰে । SCAsm 74.3

পৌলে আশ্চৰ্য প্ৰকাশ কৰি কৈছে — “ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ ! তেওঁৰ বিচাৰবোব বোধৰ কেনে অগম্য ! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য !” ৰোমীয় ১১:৩৩ পদ ; দায়ুদেও কৈছে— “মেঘ আৰু অন্ধকাৰ তেওঁৰ চাৰিওফালে আছে ; ধার্মিকতা আৰু ন্যায় বিচাৰেই তেওঁৰ সিংহাসনৰ ভিত্তিমূল।” গীতমালা ৯৭:২ পদ । ওপৰোক্ত শাস্ত্ৰপদবোৰে প্রমাণ কৰা তেওঁৰ অস্তিত্ব, তেওঁ আমাৰ প্রতি কৰা ন্যায় আচৰণ, আৰু কাৰ্য্যত পৰিণত কৰি দেখুওৱা প্ৰমাণবোৰেৰে ইমানখিনিলৈ বুজি পোৱা যায় যে, তেওঁত আমাৰ প্রতি অপৰিসীম প্রেম, দয়া, শক্তি নিহিত হৈ আছে । তেওঁৰ ইচ্ছানুসাৰে আমাৰ প্রতি যিখিনি ভাল, ইয়ালৈকেহে জানিব পাৰো ; আৰু ইয়াৰ অতিৰিক্ত, দয়াবান- সর্বশক্তিমান জনাৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব । SCAsm 75.1

ঈশ্বৰৰ বাক্য, ঈশ্বৰীয় অধিকৰ্ত্তা জনাৰ দৰেই সহজভেদ্য নহয় যে, ক্ষুদ্র মনুষ্যই এইবোৰৰ সম্পূর্ণ তত্ব বা ৰহস্য ভেদ কৰিব পাৰে নাইবা কৰিব পাৰিব। জগতলৈ পাপৰ প্ৰৱেশ, খ্রীষ্টৰ জন্ম, পুনৰোত্থান, আৰু এনে অনেক গভীব বিষয়সমূহ বাইবেলত উল্লেখ আছে যিবোৰ বহস্যজনক আৰু নিগূঢ় । মানুহৰ জ্ঞান-বিদ্যাৰে এইবোৰৰ তত্ব বুজা আৰু উৎঘাটন কৰা সহজ নহয় । সেয়ে তেওঁ প্ৰদান কৰা বিধি-বিধানৰ ৰহস্য বুজি নাপাও বুলিয়েই আমি তেওঁৰ বাক্যৰ প্রতি সন্দেহ প্রকাশ কৰিমনে ? এনে নহওক । প্রাকৃতিক জগতখনত, আমি গমিব নোৱাৰা এটা অবুজ ৰহস্যৰে আবৃত হৈ আছো । অতি ক্ষুদ্র জীৱ এটাবো ৰহস্যভেদ কৰিবলৈ মহাজ্ঞানী পণ্ডিত, দার্শনিকসকল বিস্ময়েবে অপাৰগ । চৌদিশে বিস্ময়েৰে ভৰপূৰ যিবিলাক আমাৰ জ্ঞান পৰিধিৰ আয়ত্বাধীন নহয়; তেনেহলে আমি আত্মিক জগতৰ ৰহস্যও ভেদ কৰিব নোৱাৰোঁ বুলি হতাশাত ভুগিব লাগিব নেকি ? মানুহৰ মনৰ দুর্বলতা আৰু সংকীর্ণতাই এই কাঠিন্যৰ মূল প্রতিবন্ধক স্বৰূপ । ঈশ্বৰে শাস্ত্ৰত আমাক ঐশ্বৰিক বিষয়ক সবিশেষ বিৱৰণেৰে যথেষ্ট প্রমাণ দিছে । আৰু এতিয়া তেওঁৰ বিধি-বিধানৰ ৰহস্য বা তত্ববোৰ বোধগম্য নহয় বুলি সন্দেহ বা সংশয় ভাৱ ৰখাৰ কোনো থল নাই। SCAsm 75.2

পাঁচনি পিতৰে কৈছে, “পৱিত্র শাস্ত্ৰত কোনো কোনো বুজিবলৈ টান কথা আছে ; অজ্ঞান আৰু চঞ্চল মানুহবিলাকে নিজৰ বিনাশ আনে ...।” ২ পিতৰ ৩:১৬ পদ । সন্দেহী আৰু অবিশ্বাসী মনৰ মানুহবিলাকে বাইবেলৰ বিৰুদ্ধে অহেতুক তর্ক-বিতর্ক কৰিবলৈ উচটনি দিয়ে ; অথচ তেওঁবিলাকৰ এনে নেতিবাচক প্রক্রিয়াই শাস্ত্ৰৰ ঐশ্বৰিক বিষয়বোৰ কি উপায়েৰে হৃদয়ঙ্গম কৰিব পাৰি তাবেহে এক তৰল যুক্তি দিয়াৰ পৰিলক্ষিত হয়। যদি শাস্ত্রখনত ঈশ্বৰৰ বিষয়ে একো উল্লেখ নাথাকিলেহেঁতেন, তেতিয়াহ’লে ইয়াক অতি সহজে বুজিব পাৰিলোঁহেঁতেন । যদি তেওঁৰ শ্ৰেষ্ঠতা আৰু ৰাজস্বীকতা ক্ষুদ্র মনৰ মানুহৰ দ্বাৰাই বোধগম্য হ’লহেঁতেন, তেতিয়াহ’লে বাইবেল শাস্ত্রই ঐশ্বৰিক শক্তিৰ অভ্রান্ত সাক্ষ্য নিদিলেহেঁতেন । উক্ত বিষয়ৰ যি মহত্ব আৰু ৰহস্য আছে ই ঈশ্বৰৰ বাক্যক বিশ্বাস কৰিবলৈ অনুপ্রাণিত কৰে । SCAsm 76.1

মানহৰ হৃদয়ৰ প্ৰয়োজন আৰু হাবিয়াস কৰা মতে বাইবেল শাস্ত্রে অতি সৰল আৰু শুদ্ধ প্রণালীৰে ঈশ্বৰৰ সত্য প্রকাশ কৰে ; যিবোৰ দেখি, শুনি অতি উচ্চ শিক্ষিত মস্তিস্কৰ ব্যক্তিয়েও আশ্চর্য বোধ কৰে ; কিন্তু অতি নম্ৰ আৰু অশিক্ষিত লোকক, মুক্তিব পথ চিনিবলৈ, দৃষ্টি প্রদান কৰে । পৰিতাপৰ বিষয়, ইমান সৰল ভাৱে প্ৰকাশ কৰা সত্যটো মানুহৰ বোধগম্য নহয় । তথাপিও ঈশ্বৰে তেওঁৰ সন্তানবিলাকে পৰিত্রাণ পোৱাৰ আঁচনি মুকলি কৰি ৰাখিছে ; যেন সিবিলাকে অনুতাপেৰে খ্ৰীষ্টৰ ওপৰত ভাৰষা ৰাখি তেওঁৰ ওচৰলৈ চাপি আহে । তেওঁবিলাকে যিমানেই ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিব, সিমানেই তেওঁবিলাকৰ ধর্মীয় অনুভূতি জাগৃত হৈ উঠিব ; যিহেতু এইয়া জীৱিত ঈশ্বৰৰ নিশ্বাসীত বাক্য। ঐশ্ববিক প্রতাপব প্রকাশিত বাক্যৰ আগত মানুহৰ যুক্তি-তর্কই নতি স্বীকাৰ কৰিবই লাগিব । SCAsm 76.2

হয়, আমি স্বীকাৰ কৰো যে, বাইবেলৰ নিগূঢ় তত্ববোৰ আমাৰ দৰে সীমিত জ্ঞান-বুদ্ধি থকা মানুহে কেতিয়াও সম্পূর্ণরূপে বুজি পাব নোৱাৰোঁ ; নাইবা সর্বজ্ঞানীজনাৰ মহিমাও গমিব নোৱাৰোঁ । কাৰণ, তেওঁবিলাকে অর্থাৎ অবিশ্বাসী আৰু বিধর্মীবিলাকে ঈশ্বৰৰ বাক্যৰ নিগূঢ় তত্ববোৰৰ আত্মিক দিশৰ ভাৱ গধুৰ অৰ্থবোৰ বুজি নোপোৱাত ইয়াক অগ্রাহ্য কৰে ; আনকি বাইবেল শাস্ত্ৰখনৰ কথা বিশ্বাস কৰিছো৷ বা কৰোঁ বুলি কোৱা সকলেও ওপৰত উল্লেখ কৰা সন্দেহৰ উৰ্দ্ধত নহয় । ইয়াকেই জানি পৌলে কৈছে- “হে ভাইবিলাক, সাৱধান, কিজানি কেনেবাকৈ জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ তোমালোকৰো কোনেজনৰ অবিশ্বাসী দুষ্ট হৃদয় হ’ব ।” ইব্রী ৩:১২ পদ। শাস্ত্ৰত থকা “ঈশ্বৰৰ গভীৰ কথাবোৰ” (১ করিন্থীয়া ২:১০ পদ) প্রার্থনাৰ সহিত অতি মনোযোগেৰে অধ্যয়ন কৰি বুজাত যত্নপৰ হ’ব লাগে। এইখিনিতে এটা কথা মনত ৰখা উচিত যে, “নিগূঢ় বিষয়বোৰ আমাৰ ঈশ্বৰ যিহোৱাৰ অধিকাৰ .... প্রকাশিত বিষয়বোৰ আমাৰ আৰু আমাৰ সন্তান বিলাকৰ যুগে যুগে অধিকাৰ আছে ।” ২য় বিৱৰণ ২৯:২৯ পদ। তেওঁৰ বাক্যৰ প্ৰতি ধাউতি থকা ইচ্ছুক শক্তিক বিপথে পৰিচালিত কৰাই চয়তানৰ মুখ্য উদ্দেশ্য । কোনো কোনো লোকে বাইবেল শাস্ত্র অধ্যয়ন কৰিলেও আত্মগৌৰৱ মিহলি ভাৱ পৰিলক্ষিত হয়, কাৰণ শাস্ত্ৰৰ বাক্যবোৰ তেওঁবিলাকৰ স্বার্থ জড়িত ইচ্ছাৰে ব্যাখ্যা কৰিব নোৱাৰাত অধৈর্য আৰু অসমর্থ বোধ কৰে । আনহাতে ঈশ্বৰৰ নিশ্বাসিত বাক্য বুজি নোপোৱাত আৰু তাৰ প্রকৃত অর্থ ব্যাখ্যা কৰিবও নোৱাৰাত, এই অসমর্থতা স্বীকাৰ কৰিবলৈও তেওঁবিলাকৰ মানত অতি হীনমন্যতা ভোগা যেন বোধ হয় । ঈশ্বৰৰ পৰা হোৱা প্রকাশিত সত্যলৈ তেওঁবিলাকে ধৈর্যৰে অপেক্ষা কৰিব নোৱাৰে । পৱিত্র শাস্ত্ৰৰ কথাবোৰ বুজি পাবলৈ মানুহৰ নিজ জ্ঞান-বিদ্যাই যথেষ্ট ; আৰু যেতিয়াই তেনে স্বভিমান ভাৱ উপলব্ধি হয়, তেতিয়াই ইচ্ছাকৃত ভাৱে বাক্যৰ ন্যায়সঙ্গত ক্ষমতা অস্বীকাৰ কৰে । এইটো সর্বজনীন ভাৱে বিদিত বুলি ধৰি লোৱা হয় যে-- নানা শাস্ত্রীয় মতামত বাইবেলৰ পৰাই বিস্তাবিত হৈছে, কিন্তু এইবোৰৰ সত্যতাৰ কোনো শাস্ত্রীয় ভিত্তি নায়েই, বৰং ঐশ্বৰিক শিক্ষাৰ পৰিপন্থী মাথোন । এনেবোৰ খেলি-মেলি শিক্ষাই অনেকৰ মনত সন্দেহ আৰু বিশৃঙ্খলতাৰ সৃষ্টি কৰে । অদ্য পৰিমিতি যিয়েই নহওক কিয়, ইয়াৰ বাবে ঈশ্বৰৰ বাক্যক কোনোপধ্যেই দোষাৰোপ কৰিব নোৱাৰি বৰং ভুল আৰু অবৈধ ব্যাখ্যাৰ বাবে মানুহেই দায়ী। SCAsm 76.3

পাৰ্থিৱ মানৱে যদি ঈশ্বৰ আৰু তেওঁৰ আটাই মহৎ কর্মবোৰৰ সম্পূর্ণ জ্ঞান আয়ত্ব কৰি জ্ঞান শিখৰ বিন্দুত উপনীত হলে হয়, তেতিয়াহ’লে তেওঁবিলাকে আৰু সত্যৰ অনুসন্ধান কৰিবৰ একো প্রয়োজন নহ’লহেঁতেন ; আৰু জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ আৱশ্যক, মন আৰু হৃদয়ৰ বিকাশৰ, অৱকাশ হোৱাৰ কোনো গুরুত্ববোধৰ উপলব্ধি নহ’লহেঁতেন। ইফালে ঈশ্বৰ সর্বময় কৰ্ত্তা বুলি গণ্য নহ’লহেঁতেন ; আৰু মানুহেও জ্ঞানৰ শিখৰ বিন্দুত স্থিতি লৈ তাতেই সীমাবদ্ধ হৈ থাকিলহেঁতেন । এতেকে আহক ঈশ্বৰক ধন্যবাদ দিওঁ কিয়নো তেওঁ আমাক এনে পৰিস্থিতিৰ সন্মুখীন হ’ব নিদিলে । ঈশ্বৰ সর্বব্যাপী ; ‘“তেওঁতেই জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে । (কলচীয়া ২:৩ পদ) । মানুহে যুগ যুগ ধৰি জগতৰ জ্ঞান বিদ্যাৰ অধিকাৰী হৈ সেই গুণৰ বলেৰে অনুসন্ধান কৰিলেও তেওঁৰ ক্ষমতা, তেওঁৰ সততা আৰু তেওঁক ঐশ্বৰিক জ্ঞানব তত্ব কেতিয়াও আয়ত্ব কৰিব নোৱাৰে । SCAsm 77.1

জীৱিত কালতেই ঈশ্বৰৰ লোকবিলাকে যেন তেওঁৰ বাক্য বুজি পায়, তেওঁ এনে ইচ্ছা কৰে। তেওঁৰ বাক্য বুজি পোৱাৰ বা আয়ত্ব কৰাৰ পথ মাত্র এটাহে আছে । যি আমাৰ দ্বাৰাই আমালৈ ঈশ্বৰৰ বাণী দিয়া হ’ল, কেৱল সেই আত্মাব শক্তিৰ দ্বাৰাইহে ঈশ্বৰৰ বাক্য বুজাত সহজ সাধ্য হয় ; “ঈশ্বৰৰ কথাও ঈশ্বৰৰ আত্মাত বাজে আন কোনেও নাজানে।” (১ কৰিন্থীয়া ২:১১ পদ) ; “কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই তাক আমাৰ আগত প্ৰকাশ কৰিলে ।” (১ কৰিন্থীয়া ২:১০ পদ) । আৰু যীচুৱেও তেওঁৰ অনুগামী সকললৈ এই প্রতিজ্ঞা কৰিছিল, “কিন্তু সেই সত্যব আত্মাৰ যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব ; কিয়নো তেওঁৰ নিজৰ পৰা নক’ব, কিন্তু যিহকে শুনিব তাকে ক’ব।” যোহন ১৬:১৩, ১৪ পদ। SCAsm 78.1

ঈশ্বৰৰ ইচ্ছা মানুহে নিজৰ বিবেক শক্তিক প্রয়োগ কৰি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰক ; কিয়নো আন কোনো অধ্যয়নে বা শিক্ষাই আভ্যন্তৰীণ শক্তি বিকাশত উদ্যমতা নেদেখুৱাই । তথাপিও মানহে নিজৰ দুর্বলতা আৰু অসমর্থতাৰ প্রতি সাৱধানতা অৱলম্বন কৰিব লাগে ; যাতে দুর্বলতাই আমাৰ বিশ্বাসত বাধাগ্রস্ত নহয় । তেওঁৰ মহানতা আৰু বিশালতাৰ আগত আমি নতশিৰে আমাৰ অসমর্থতা স্বীকাৰ কৰোহঁক আৰু সৰক্তিৰে তেওঁৰ ওচৰ চাপোহঁক। ধর্মশাস্ত্ৰৰ যথার্থতা আৰু যুক্তিৰ আধাৰত আমাৰ সীমিত জ্ঞান, বুদ্ধিৰে “মই আছে” জনাৰ দৃষ্টিত অতি নগন্য, ইয়াক স্বীকাৰ কৰোহঁক। SCAsm 78.2

অনেক বিষয় আছে, যিবোৰ কঠিন আৰু অসম্ভৱ বুলি প্রতীয়মান হলেও, যিসকলে ঈশ্বৰৰ বাক্য বুজি সেইবোৰৰ অনুসৰণ কৰিবৰ আগ্ৰহ কৰে ; তেওঁ তেওঁবিলাকলৈ সেই পথ সহজ-সবল ভাৱে প্ৰকাশ কৰি দিয়ে। কিন্তু পৱিত্র আত্মাৰ দ্বাৰাই পৰিচালিত হোৱাৰ অবিহনে আমি শাস্ত্ৰক সেই একেই অর্থ বিকৃত কৰা আৰু ভুল ব্যাখ্যাৰ অৱতাবণা হোৱাৰ সম্ভাৱনাই প্ৰকট হৈ উঠিব । অন্যমনস্ক হৈ বাইবেল শাস্ত্ৰখন অধ্যয়ন কৰা ভাও ধৰিলে, আমাৰ উপকাব হওক ছাবি বহুক্ষেত্ৰত নিশ্চিত ক্ষতি সাধন হোৱাৰ সম্ভাৱনাই প্ৰৱল । যেতিয়া ভক্তিহীন ভাৱে আৰু প্রার্থনা নকৰাকৈ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা হয়, তেতিয়া আমাৰ চিন্তাধাৰা আৰু প্রেম ভাৱ ঈশ্বৰৰ প্রতি দৃঢ় নহয় ; নাইবা তেওঁৰ ইচ্ছাৰ দৰে আমাৰ ইচ্ছা নহয়, তেতিয়াই আমাৰ মন সন্দেহৰ ভাৱৰে আৱৰি ধৰে আৰু আমাৰ আত্মিক জড়তা দৃঢ় হৈ পৰে । ইয়াৰ সুযোগতে, মহাশত্রু চয়তানে আমাৰ ভাৱধাৰাক তাৰ আয়ত্বাধীন কৰি সম্পূর্ণ বিপরীত ভাৱ জগাই তোলে। SCAsm 78.3

মানুহ যিমানেই শিক্ষিত নহওক কিয়, ঈশ্বৰৰ সৈতে সমন্বয় ৰক্ষা কৰাত তেওঁলোকৰ কথা আৰু কামৰ মাজত সামঞ্জস্য নাথাকিলে শাস্ত্ৰৰ বাক্য ভুলকৈ বুজাতো নিতান্তই স্বাভাৱিক ; আৰু তেওঁ বিলাকে শাস্ত্ৰৰ বাক্য ব্যাখ্যা কৰা অর্থবোৰ নির্ভুল আৰু বিশ্বাসযোগ্য হ’বই নোৱাৰে । যি সকলৰ অন্তৰত আত্মিক দৃঢ়তা একেবাৰে নাই, তেওঁবিলাকে বাইবেল শাস্ত্রখন নেতিবাচক দৃষ্টিভংগীৰে চাই অনৈক্যতাৰহে সৃষ্টি কৰে। প্ৰকৃততে যিবোৰ সবল-সহজ শাস্ত্রীয় বিষয়, তেওঁবিলাকৰ অদূৰদৰ্শীতা আৰু বিকৃত দর্শনে সেইবোৰৰ প্রতি নানা অবিশ্বাস আৰু সন্দেহৰ ভাৱ সৃষ্টি কৰিব । তেওঁ বিলাকে নিজকে যিমানেই ছদ্মবেশেৰে ঢাকি নাৰাখক কিয়, সন্দেহ আৰু অবিশ্বাসৰ মূল কাৰণটোৱেই হ’ল-- পাপক ভালপোৱা বা প্রেম কৰা । অহংকাৰী, গর্বী, পাপক ভালপোৱা অবাধ্য লোকবিলাকে, ঈশ্বৰৰ বাক্যৰ শক্তিব প্রতি সংশয় আৰু সন্দেহৰ ভাৱ লৈ, গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। আমি সত্যক হৃদয়ঙ্গম কৰিবলৈ হ’লে, নিজকে বিনম্র ভাৱে আৰু ইচ্ছুক মনোভাৱেৰে ইয়াৰ বাধ্যতা মানি ল’ব লাগিব। কাৰণ, এই সত্যই আমাক পৰিত্ৰাণৰ পথ চিনি পাবলৈ আত্মিক দৃষ্টি মুকলি কৰি দিব পাৰে । SCAsm 79.1

যীচুৱে কৈছিল— “যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ মনস্থ কৰে, তেন্তে এই উপদেশ ঈশ্বৰৰ পবা হয়..... তেওঁ তাক জানিব ।” (যোহন ৭:১৭ পদ)। শাস্ত্ৰৰ যি বিষয় আপুনি নুবুজে, অনর্থক প্রশ্ন আৰু বাকৰিতণ্ডাৰ সৃষ্টি নকৰি, সেই বিষয়ে বুজিবলৈ বা জানিবলৈ চেষ্টা কৰক ; কিয়নো আত্মিক বিষয়ব সচেতনতা প্রত্যক্ষ প্রমাণ সহিত অতি সুশিক্ষিত আৰু একেবাবে অশিক্ষিত বা নিৰক্ষব জনলৈকো প্রকাশ কৰি বখা হৈছে। ঈশ্বৰে তেওঁৰ হৈ আমাক তেওঁৰ বাক্যৰ আৰু প্রতিজ্ঞাৰ সত্যতার প্রমাণ কৰিবলৈ আমন্ত্রণ জনাই কৈছে “যিহোৱা যে মঙ্গলময়, তাক তোমালোকে আস্বাদন কৰি চোৱা।” (গীতমালা ৩৪:৭ পদ)। আমি আনৰ কথাৰ ওপৰত নিৰ্ভৰ কৰাতকৈ নিজেই পৰীক্ষা কৰি চাওঁহক । তেওঁ কৈছে ‘খোজা, তেহে পাবা’ (যোহন ১৬:২৪ পদ)। তেওঁৰ মুখৰ প্রতিজ্ঞা কেতিয়াও লৰচৰ নহ’ব, নিশ্চয় সিদ্ধ হ’ব। আমি যিমানেই যীচুৰ ওচৰ চাপো, সিমানেই তেওঁৰ প্ৰেমত আৰু আনন্দত পৰিপূৰ্ণ হোৱাৰ ওপৰিও তেওঁৰ পোহৰৰ সন্মুখত আমাৰ আটাই সন্দেহ, আৰু অন্ধকার অন্তর্দ্ধান হৈ যায়। SCAsm 79.2

পাঁচনি পৌলে কৈছে, ” তেৱেই আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি, নিজ পুত্রৰ প্রেমৰ ৰাজ্যত স্থানান্তৰ কৰি থলে।” কলচীয়া ১:১৩ পদ । আৰু যিবিলাকে মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল , তেওঁবিলাকে “ঈশ্বৰ যে সত্য এই কথাত তেওঁ মোহৰ মাৰিলে ।” যোহন ৩:৩৩ পদ। তেওঁৰ মাহৰৰ ছাৱ পোৱা জানেই সাক্ষ্য দিছে- “মোৰ অভাৱ খ্রীষ্টই পূৰ কৰিলে, আত্মাৰ ভোক নিবাৰণ কৰিলে ; বাইবেল শাস্ত্ৰখন মোলৈ খ্রীষ্টৰ নিশ্বাসিত আৰু প্রকাশিত বাক্য বুলি জানিলো। আপুনি সুধিছে,.মই কিয় যীচুত বিশ্বাস কৰোঁ ? উত্তৰত মই কওঁ — তেৱেই মোৰ নিমিত্তে একমাত্র ঐশ্বৰিক ত্রাণকৰ্ত্তা। আকৌ সুধিছে— কিয় মই বাইবেল শাস্ত্ৰখন বিশ্বাস কৰোঁ ? পুনৰাই মই কওঁ— এইয়া মোৰ হৃদয়ৰ প্রতি একমাত্র ঈশ্বৰৰ মাত । যীচুৱেই যে ঈশ্বৰৰ পুত্র, বাইবেল শাস্ত্ৰখন যে সত্য, আমি নিজেই ইয়াৰ সাক্ষ্য দিব পাৰোঁ । আমি জানো— মনে সজা, গল্পকথাৰ অসাৰ অনুগামী আমি নহওঁ । ২ পিতব ১:১৬ পদ চাওক । SCAsm 80.1

পিতৰে বিশ্বাসী বিলাকক উৎসাহিত কৰি কৈছে- “প্রভু আৰু ত্রাণকৰ্ত্তাযীচু খ্রীষ্টৰ অনুগ্রহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যোৱা” ২ পিতৰ ৩:১৮ পদ । মানুহ যেতিয়াই ঈশ্বৰৰ অনুগ্রহ আৰু জ্ঞানত বিকাশশীল হয় তেতিয়াই তেওঁৰ বাক্য ফটফটীয়াকৈ বুজিবলৈ সক্ষম হয় আৰু এই নির্ঘাৎ সত্যৰ নতুন জ্যোতি আৰু সৌন্দৰ্য্যৰ মহত্ব বুজি পাব । মণ্ডলীৰ ইতিহাসত এইয়া যুগে যুগে চলি অহা পৰম্পৰা ; আৰু এই পৰম্পৰা শেষলৈকে চলি থাকিব ; ‘দুপৰলৈকে ক্রমে বৃদ্ধি পোৱা অৰুণৰ যি দীপ্তি, ধাৰ্মিকৰ পথ সেই দীপ্তিৰ নিচিনা।” হিতোপদেশ ৪:১৮ পদ । এতিয়া ঈশ্বৰৰ বাক্য বুজাত যি কঠিনতা আৰু দুর্বোধ্যতা পর্যায়ত আছো, তেতিয়া সেইবোৰ বুজিবলৈ সক্ষম হোৱাৰ ওপৰিও শান্তি আৰু আনন্দৰ জীৱন অতিবাহিত কৰাব প্ৰেৰণা পাম । এতিয়া আমি আমাৰ ক্ষুদ্র জ্ঞানেবে আটাই ঐশ্বৰিক জ্ঞান আয়ত্ব কৰা অসম্ভৱ, কিয়নো এতিয়া আমি দাপোনত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছো ; কিন্তু তেতিয়া সন্মুখাসন্মুখিকৈ দেখিম।” ২ কৰিন্থীয়া ১৩:১২ পদ । SCAsm 80.2