শান্তিৰ সন্ধানত

10/14

কর্ম্ম আৰু জীৱন

সমগ্র বিশ্বৰ জীৱন আৰু জ্যোতি, আৰু আনন্দৰ উৎস হৈছে ঈশ্বৰ । তেওঁৰ স্বগীয় আশীর্বাদ সূৰ্যৰ পোহৰৰ ৰেঙণিৰ দৰে আৰু ভুমুকৰ পৰা উথলি পৰা নিজৰাৰ পানীৰ দৰে প্রৱাহিত হৈ তেওঁৰ সৃষ্টিৰ আটাই প্রাণীলৈ প্লাৱিত হয়। এতেকে ঈশ্বৰৰ জীৱনময় আত্মা যেতিয়াই মানুহৰ হৃদয়ত স্থিতি লয়, তেতিয়াই তেওঁ আনৰ প্রতি দয়া আৰু আশীর্বাদ স্বৰূপ হৈ নির্গত হ’ব । SCAsm 55.1

পতিত মানৱক তুলি উদ্ধাৰ কৰাটোৱেই আমাৰ ত্ৰাণকৰ্ত্তা জনাৰ আনন্দ। কিয়নো, ইয়াৰ কাৰণে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি অনেক লাজ, অপমান, যন্ত্রণা আদি ক্ৰচলৈকে সহন কৰিলে । খ্রীষ্টৰ প্রেমে হৃদয়ত যেতিয়া মধুৰ সুবাসেৰে পৰিপূৰ্ণ হয়, ই তেতিয়া গুপ্ত হৈ থাকিব নোৱাৰে ; বৰং আমি ইয়াৰ সান্নিধ্যলৈ অহা প্ৰত্যেকজন ব্যক্তিয়ে ইয়াৰ পৱিত্ৰ সৌৰভ ঘ্রাণ কৰি এক ঐশ্বৰিক প্ৰভাৱ অনুভৱ কৰিম । হৃদয়ত বাস কৰা খ্ৰীষ্টৰ আত্মা মৰুভূমিত পানীৰ নিজৰা বৈ যোৱা স্বৰূপ ; যিবিলাকে সেই পানী পান কৰিব খোজে, তেওঁবিলাকে পান কৰি তৃপ্ত হ’ব আৰু তৃষ্ণাতুৰ হৈ মৃত্যুমুখী হোৱা তেনেলোককো পুনৰ সজীৱ কৰি তুলিব পাৰে । SCAsm 55.2

যীচুৰ দৰে মানুহৰ হিতৰ কাৰণে কর্ম কৰিবলৈ বাঞ্ছা কৰা প্ৰত্যেকজন ব্যক্তিয়েই নিজ নিজ কাৰ্য্যৰ যোগেদি তেওঁৰ প্রতি প্ৰেম প্ৰকাশ কৰিব। যীচুৰ জাগতিক পৰিচৰ্যা কৰা কালছোৱাত তেওঁৰ জীৱন সুখৰ বা আত্ম-প্রশংসিত নাছিল ; বৰং হেৰুৱা মানৱ জাতিৰ মুক্তিৰ অৰ্থে অক্লান্ত, একাগ্রতা আৰু নিবিচ্ছিন্ন ভাৱে পৰিশ্ৰম কৰিছিল । তেওঁ গৰু গোহালীৰ দান-পাত্ৰৰ পৰা গল্ গথা পাহাৰলৈ গোটেই জীৱন ত্যাগ স্বীকাৰ কৰি, নিঃস্বার্থ পৰিচর্যাৰে এক কন্টকময় পথেৰে গতি কৰিছিল । তেওঁ মানৱ জাতিৰ অসহায় আৰু নিঃস্ব অৱস্থা দেখি কৈছিল, “কিন্তু যিদৰে মানুহৰ পুত্ৰই সেৱা-শুশ্রুষা পাবলৈ নহয়, সেৱা-শুশ্রুষা কৰিবলৈ, আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্রাণ দিবলৈহে আহিল ।” মথি ২০:২৬ পদ। এয়াই তেওঁৰ জীৱনব মুখ্য উদ্দেশ্য আছিল । স্বার্থ আৰু স্বার্থপৰতা তেওঁৰ কাৰ্যৰ পৰিপন্থী আছিল । SCAsm 55.3

যিসকল ব্যক্তি খ্রীষ্টৰ অনুগ্রহৰ সহভাগী হ’ল, তেওঁবিলাকেও নিঃস্বার্থ ভাৱে এই স্বর্গীয় বৰ আনৰ সৈতে সমভাগী হ’ব লাগে, কাৰণ তেওঁবিলাকৰ নিমিত্তেও যীচুৱে নিজৰ প্ৰাণ আহুতি দিলে । আমি যেতিয়া খ্রীষ্টৰ ধার্মিকতাৰ সাজ পিন্ধি আৰু আমাৰ হৃদয়ত বাস কৰা পৱিত্র আত্মাব আনন্দেৰে পৰিপর্ণ হৈছো, তেন্তে সেই বিমল স্বর্গীয় আনন্দ আৱদ্ধ কৰি ৰাখিব নোৱাৰোঁ । এতিয়া প্রভুৰ যি মহিমা দেখিলো, ইয়াৰ আস্বাদ পালো, আনৰ আগত প্ৰকাশ কৰিবই লাগিব ; যিদৰে ফিলিপে প্ৰভুক লগ পাওঁতে আন লোককো তেওঁৰ ওচৰলৈ আনিলে । আমিও তেনে লোকবিলাকক খ্রীষ্টলৈ আৰু নতুন পৃথিৱীৰ অদৃশ্য বাস্তৱতালৈ আকর্ষিত কৰিব পাৰোঁ । কিয়নো আজি আমাৰ চাৰিওফালে অনেক লোকে আত্মিক ভোক আৰু পিয়াহ নিবাৰণৰ অনুসন্ধান কৰি আন্ধাৰত খেপিয়াই ফুৰিছে, তেনে লোকবিলাকেও ‘জগতব পাপ নিওঁতা ঈশ্বৰৰ মেৰ পোৱালীক’ (যোহন ১:২৯ পদ) যেন দেখা পায় । SCAsm 56.1

ঈশ্বৰে তেওঁৰ শুভবাণী প্রচাৰৰ আৰু প্ৰেমৰ আটাই পৰিচর্য কার্য স্বগীয় দূত বিলাকক সঁপি দিব পাৰিলেহেঁতেন। নাইবা এই একে উদ্দেশ্য বাবে। আন ব্যৱস্থা কৰিব পাৰিলেহেঁতেন । কিন্তু ঈশ্বৰে তেওঁৰ অসীম প্ৰেমৰ কাৰণে আমাক খ্রীষ্ট আৰু স্বর্গদূতৰ সৈতে তেওঁৰ সহকর্মী হৈ নিঃস্বার্থ পৰিচৰ্যাব দ্বাবাই আত্মিক বৰ, শক্তি, আনন্দ আদি সৎগুণবোবেকে আনব সৈতে সমভাগী হ’বলৈ মনোনীত কৰিলে । নিস্বার্থ ভাৱে আনব প্রতি কৰা প্রত্যেকটো সৎকর্মই আত্মাক প্ৰেৰণা যোগায় আৰু জগতৰ মুক্তিদাতা জনাৰ সৈতে অর্থাৎ খ্রীষ্টৰ দৰিদ্ৰতাৰ দ্বাবাই ধনী হোৱা, এই নিমিত্তে তেওঁ ধনী হৈয়ো দৰিদ্ৰ হ’ল ।” (২ কৰিন্থীয়া ৮:৯ পদ)। কেৱল এই একেই উদ্দেশ্যৰ অৰ্থে আমি আমাৰ এইখন ধৰাতেই জীৱনত আশীর্বাদপ্রাপ্ত হ’বলৈ এনে ঐশ্ববিক উদ্দেশ্য সফল কৰিব পাৰিম । SCAsm 56.2

ঈশ্বৰীয় কার্যত এলাহ নাইবা স্বার্থপবতাৰ কোনো স্থান নাই । যিহেতু খ্রীষ্টৰ অনুগ্ৰহৰ দ্বাৰাই তেওঁৰ কার্যত অগ্রসব হৈ যাব পাৰি । ইয়াক সিদ্ধ কৰিবলৈ পথ মাত্র এটাই। সেয়া খ্রীষ্টই আমাৰ ওপৰত দায়িত্ব আৰোপ কৰা আনৰ প্ৰতি কল্যাণমূলক কার্য সাধন, প্রয়োজন অনুসাৰে সাহায্য প্রদান ইত্যাদি কার্যত নিঃস্বার্থ ভাৱে ব্রত হোৱা । যি মানুহে নিজৰ হাত-ভৰি লৰচৰ কৰি থাকিব নোখোজে তেনে মানুহৰ কর্মশক্তি সোনকালে হ্রাস পায় ; ঠিক তেনেকৈ যি খ্রীষ্টিয় লোকেও ঈশ্বৰ-প্রদত্ত শক্তি ব্যৱহাৰ কৰিবলৈ অপাৰগ হয়, সেই ব্যক্তি অকল অকামিলাই নহয়, তেওঁ পোৱা আটাই শক্তিয়েই হেৰুৱায় পেলাই। খ্রীষ্টক নজনা লোক বিলাকৰ আগত আমি ধৰুৱা । যিহেতু মানৱ জাতিলৈ খ্রীষ্টৰ প্ৰকাশিত প্রেম তেওঁবিলাকৰ আগত বিলোৱা নাই । সেই প্রেম কেৱল আমাৰ নিমিত্তে নহয়, আনৰ আগত প্ৰকাশ কৰিবলৈ দিয়া হৈছে। SCAsm 56.3

খ্রীষ্টৰ অনুগামী সকলে কর্মমুখৰ হোৱা হ’লে আজি এজনৰ ঠাইত সহস্ৰজনে অসাৰ দেৱ-দেৱতাক সেৱা-পূজা কৰা দেশসমূহত খ্রীষ্টৰ শুভবার্ত্তা ঘোষণা কৰিলেহেঁতেন ; আৰু যিসকলে ব্যক্তিগত ভাৱে এই কার্যত নিজকে জড়িত কৰিব নোৱাৰে, তেওঁবিলাকেও আন উপায়েৰে, সহানুভূতিৰে, বা প্রার্থনাৰে সহায়-সহযোগ আগবঢ়াব পাৰিলেহেঁতেন । জগতৰ অধিকাংশ খ্রীষ্টিয়ান দেশসমূহেও পাপময় অন্ধকাৰত হেৰাই যোৱা আত্মাৰ ৰক্ষার্থে অধিক যত্নপৰ হৈ উঠিলহেঁতেন । SCAsm 57.1

প্রয়োজনবোধে আমি যদি পৰজাতিৰ অর্থাৎ সত্য ঈশ্বৰক নজনা লোকৰ দেশলৈ খ্রীষ্টৰ শুভবার্ত্তা ঘোষণাৰ বাবে যাবই লাগে, সেয়া অন্য এক প্রসঙ্গ। কিন্তু ঈশ্বৰৰ সাক্ষ্য নিজ ঘৰ-পৰিয়ালত, মণ্ডলীত, আমি যি সকলক লগ লওঁ, আৰু যিবিলাকৰ সৈতে ব্যৱসায় সম্বন্ধ আদি ৰাখোঁ, তেনে লোক বিলাকৰ আগতে সাক্ষ্য প্রদান কৰিব পাৰোঁ । SCAsm 57.2

জগতত আমাৰ ত্রাণকৰ্ত্তা যীচুৰ জীৱনৰ অধিককাল ধৈৰ্য্য সহকাৰে নাচৰতৰ কাঠমিস্ত্রীৰ কর্মশালাত কাম কৰি সময় অতিবাহিত কৰিছিল । নীহ, অচিনাকি, শ্রমিক আৰু খেতিয়ক লোকবিলাকৰ লগত কথোপকথন, আহ-যাহ কৰি সম্বন্ধ ৰাখোতে জীৱনদায়ক প্ৰভুৰ পৰিচর্যাকারী স্বর্গদূত তেওঁৰ কাষত উপস্থিত আছিল । তেওঁ নিজৰ ক্ষুদ্ৰ ব্যৱসায়ত ব্যস্ত থাকিও নানা প্রকাৰৰ ৰোগীক সুস্থ কৰি, আনকি গালীল সাগৰৰ ঢৌৰ ওপৰেদি খোজ কাঢ়ি, নিজৰ কার্য বিশ্বস্ত রূপে সম্পন্ন কৰি গৈছিল । এতেকে আহক, আমিও যীচুৰ পদচিহ্নত খোজ দি নিজকে নম্র আৰু শান্ত কৰি তেওঁৰে সৈতে কার্য কৰি যাওঁহক । SCAsm 57.3

পাচনি পৌলে খ্রীষ্টক গ্ৰহণ কৰা প্ৰত্যেকজন লোকক এইদৰে কৈছে“প্ৰতিজন যি অৱস্থাত আমন্ত্রিত হ’ল, তেওঁ সেই অৱস্থাতে ঈশ্বৰে সৈতে থাকক।” ১ কৰিন্থীয়া ৭:২৪ পদ। ব্যৱসায়ীজনে তেওঁৰ ব্যৱসায় কৰ্মৰ যোগেদিয়েই বিশ্বস্ততাৰে প্ৰভুৰ গৌৰৱ প্ৰকাশ কৰি যাব পাৰে । যদি তেওঁ খ্রীষ্টৰ প্রকৃত অনুগামী হয় তেতিয়াহ’লে, মানুহলৈ প্ৰকাশিত হোৱা খ্রীষ্টৰ যি পোহৰ তাক নিশ্চয় আনৰ আগত প্ৰকাশ কৰিব । গালীলৰ পৰ্বতীয়া অঞ্চলত যিজনাই নম্রতাৰে আনৰ প্রতি নিঃস্বার্থ পৰিচৰ্যা আগবঢ়াইছিল, কলা-কৌশলী বিদ্যা জনা লোক এজনেও একাগ্রতা আৰু বিশ্বস্ততাৰে তেওঁৰ প্ৰেমৰ কৰ্মৰ সাক্ষ্য আনৰ আগত প্ৰদান কৰিব পাৰে । খ্রীষ্ট বিশ্বাসী প্রত্যেকজনেই এনে সৎকর্ম কৰা উচিত যে সেই কৰ্ম্ম আনলে সুঘ্রাণ স্বৰূপ হৈ ঈশ্বৰক তেওঁবিলাকেও তেওঁবিলাকৰ সৃষ্টিকর্ত্তা আৰু উদ্ধাৰকৰ্ত্তা বুলি স্বীকাৰ কৰি ঈশ্বৰৰ গৌৰৱ কৰিব পাৰে । SCAsm 58.1

আজি অনেকে নিজ জ্ঞান, বল, বুদ্ধি খ্রীষ্টৰ পৰিচৰ্য্যাত ব্যৱহাৰ নকৰি আঁতৰি থকাৰ নানা অজুহাত দেখুৱাই কয়, সমাজৰ যিবিলাক প্রতিভাসম্পন্ন এক বিশেষ শ্ৰেণীৰ লোকেহে ঈশ্বৰৰ কার্য কৰিব পাৰে । কিন্তু শাস্ত্ৰৰ দৃষ্টান্তবোৰত পোৱা যায় যে, ঘৰৰ গৃহস্থই তেওঁৰ আটাই দাসবিলাকক মাতি সিবিলাকৰ প্রত্যেকজনকে নিজৰ শক্তি আৰু সামর্থ অনুসাৰে কাম কৰিবলৈ আদেশ দিলে, “প্ৰভুৰ পৰা প্রতিদান পাবলৈ (কলচীয়া ৩:২৩ পদ চাওক)। গতিকে ক্ষান্ত আৰু নম্র মনেৰে তেওঁৰ পৰিচর্যা কৰি যাওঁহক । SCAsm 58.2

ঈশ্বৰৰ কার্য কৰিবলৈ কোনো অলৌকিক শক্তি পাবলৈ বা তেনে ধৰণৰ অসম্ভৱ, অ-প্রাকৃতিক ক্ষমতাপ্রাপ্ত হ’বলৈ অপেক্ষা কৰিব নালাগে, যিবোৰ পৰজাতিবিলাকে বিচাৰে বা জগতৰ মানুহে আপোনাক কেনে ধৰণৰ প্রাধান্য দিছে, তালৈ লক্ষ্য কৰিব নালাগে । বৰং আপোনাৰ পৱিত্ৰ জীৱন, ক্ষান্তস্বভাৱ, বিশ্বস্ততা, দৈনিক সাক্ষ্য আদিয়েই প্ৰভুৰ পৰিচৰ্যা আৰু এই সৎকর্মবোৰেই অনেকক তেওঁলৈ আকর্ষিত কৰিব । যীচুৰ শান্ত আৰু নম্র অনুগামী বিলাকেহে আনৰ প্ৰতি আশীর্বাদ স্বৰূপে হ’ব পাৰিব । তেওঁবিলাকে নিজৰ নিজৰ সামর্থ অনুসাৰে পোৱা গাগৰিৰ ধন বৃদ্ধি কৰিবলৈ কৰ্ত্তব্যত নিঃস্বার্থভাৱে শ্ৰম কৰি যাব, ফললৈ আশা নকৰিব । এনেলোকৰ আত্মাই খ্ৰীষ্টৰ প্ৰতিজ্ঞাৰ ওপৰত ভিত্তি কৰি আন একোকে নিবিচাৰিব । SCAsm 58.3