মহান বিবাদ

7/46

অধ্যায় ৭ - খ্রীষ্টব বিশ্বাসঘাতকতা

ইয়াৰ পাছত মই আহিলো সেই সময়লৈ যেতিয়া যীশু তেওঁৰ শিষ্যসকলৰ সৈতে নিশা ভোজন গ্ৰহণ কৰিছিল। চয়তানে জুদাকে ফাঁকি দিছিল আৰু তেওঁক চিন্তা কৰিবলৈ আগুৱাই নিছিল যে তেওঁ যীশুৰ প্ৰকৃত শিষ্যসকলৰ এজন আছিল। তেওঁ যীশুৰ মন্ত্রীসভা কালত গোটেই সময় তেখেতৰ লগত আছিল আৰু সমান হৈছিল শক্তিশালী প্রমাণবোৰৰ যে তেখেত আছিল মেচিয়া, কিন্তু তেওঁ আছিল ধনলোভী। যীশুৰ ওপৰত বহু মূলীয় মলম বৰ্ষণ হোৱাত তেওঁ ক্ৰোধত ভজৰ দিছিল। মেৰী তাইৰ প্রভুক ভাল পাইছিল। তেওঁ মাফ কৰি দিছিল তাইৰ অসংখ্য পাপ বোৰক আৰু মৃত্যুৰ স্থান পৰা তাইৰ অতি প্ৰেমধন্য ভাইয়েকে উত্থান কৰিছিল। তাই অনুভব কৰিছিল যে যীশুক প্রদান কৰাৰ বাৱে একোৱে বৰকৈ মৰগীয়া নাছিল। দুখীয়া চামৰ বাৱে জুদাচৰ অকনো যতন নাছিলে কাৰণ তেওঁ আছিল স্বাৰ্থপৰ। তেওঁ যীশুৰ আবশ্যকতাবোৰৰ ফালে মনোযোগী নাছিল। GCam 23.1

জুদাচৰ হৃদয়লৈ প্ৰৱেশৰ বাৱে চয়তানৰ প্ৰলোভনৰ পথ প্রস্তুত হৈছিল। ইহুদী সকলে যীশুক ঘৃণা কৰিছিল কিন্তু মানুহৰ জাঁক তেওঁৰ জ্ঞানৰ বাণী শুনাৰ আৰু আশ্চৰ্য্য কামবোৰৰ চোৱাৰ বাৱে তেওঁক চাৰি কাষে ঘেৰি ধৰিছিল। মুখ্য শাসকসকলৰ বহুতো যীশুক বিশ্বাস কৰিছিল, কিন্তু এয়া স্বীকাৰ কৰাৰ বাৱে ভীত আছিল এই ভাবি যে সিহতক ইহুদী উপাসনা ঘৰৰ পৰা ওলিয়াই দিয়া হব। পূৰোহিত আৰু বয়ক সকল ভয় কৰিছিল যে মানুহ সকল তেওঁৰ ওপৰত বিশ্বাস কৰিব। সিহঁতে নিৰাপত্তাহীনতাত ভুগি সিদ্ধান্ত লৈছিল যে সিঁহতৰ পদ হেৰুৱাব লাগিব নহয় যীশুক মৃত্যু মুখত পেলাব লাগিব। যীশু মৃতাবস্থাৰ পৰা লেজাৰক উত্থান কৰিছিল। সিঁহতে ভয় কৰিছিল যে সিহতে যীশুক হত্যা কৰিলে লেজাৰক তেওঁৰ আশ্চৰ্য্য ক্ষমতাৰ প্ৰমাণ দিব। মানুহৰ জাক মৃতাবস্থাৰ পৰা উঠি অহা এই জনক চাবলৈ আহি আছিল আৰু শাসক সকল ঠিক কৰিল লেজাৰক মাৰি পেলোৱাৰ উত্তেজনা কাবৰ বাৱে, সিঁহতে যীশুক অকলসীয় অবস্থাত হত্যা কৰিবলৈ সম্মত হৈছিল। GCam 23.2

জুদাচ জানিছিল যে সিঁহতে কিমান উৎসাহৰে যীশুক পোৱাৰ বাৱে বাট চাই আছিল আৰু কেইটা মান ৰাপৰ টুকুৰাৰ বাৱে তেওঁক বিশ্বাস ঘাতকতা ৰ প্ৰস্তাব দিছিল, মুখ্য পূৰোহিত আৰু বয়ঃক সকলক তেওঁ ধনলোভৰ বাৱে তেওঁৰ প্ৰভুক তেওঁৰ ঘোৰতম শত্ৰুৰ হাতত গতাই দিবলৈ স্থিৰ কৰিছিল। চয়তানে জডাচৰ যোগেদি সৰাসৰি কাম কৰি আছিল আৰু শেষ নিশা ভোজ প্রভাবপূর্ণ দৃশ্যৰ মাজত সি পৰিকল্পনা ৰচনা কৰি আছিল যীশুক বিশ্বাসঘাতকতা কৰ। যীশু দুখেৰে তেওঁৰ শিষ্যসকলক কৈছিল যে চয়তানৰ বাৱে সিঁহতৰ সকলোৰে অসুবিধাৰ সম্মুখীন হব। কিন্তু পিটাৰ দৃঢ়তাৰে কৈছিল যে তেওঁ ইয়াৰ চিকাৰ নহয়। একো নহ’লেও তেওঁৰ প্ৰতি চয়তানৰ আকাঙ্খ থকা বুলি যীশু তেওঁৰ শক্তি বৃদ্ধিৰ বাৱে প্ৰাৰ্থনা জানাইছিল। মই তাৰ পাছত বাগিচাত যীশুক তেওঁৰ শিষ্যসকলৰ সৈতে দেখিছিলো। যীশু জানিছিল যে সিঁহতৰ বিশ্বাসৰ পৰীক্ষা হিব আৰু সিঁহতৰ প্ৰয়োজন হব সকলো শক্তিৰ যিখিনি সিঁহতে পাব পাৰে ঘনিষ্ট পৰ্য্যবেক্ষণ আৰু বিনীত প্রার্থনাৰ দ্বাৰা ইয়াৰ পাছত যীশুৱে তেওঁৰ পিতাক তীব্র ক্রন্দনৰে প্ৰাৰ্থনা জানাইছিল সিঁহতৰ শুভেচ্ছাৰ বাৱে। এইটো অবস্থাত তেওঁৰ মুখৰ পৰা তেজৰ দৰে ঘামৰ ডাঙৰ টোপোলাবোৰ ওলাই আহিছিল। মাটিৰ ওপৰত পৰিছিল। ঠাইখনত দেবদূত বিলাকে ঘেৰি আছিল এই দৃশ্যখন চাই। যত মাত্ৰ এজনকৈ পঠোৱা হৈছিল ভগৱানৰ পুত্ৰক শক্তিশালী কৰাৰ বাৱে তেওঁৰ এই দূৰ্দাত। স্বৰ্গত দেবদূত বিলাকে গভীৰ আগ্ৰহৰে মনে মনে যীশুক চাই আছিলে। স্বৰ্গত কোনো আনন্দ নাছিল। সিঁহত ভগৱান পুত্ৰৰ চাৰি কাষে থাকিব বিচাৰিলেও ক্ষমতাশালী দেবদূত বিলা বাৱে পৰা নাছিল। কাৰণ এই বিশ্বাসঘাতকতা দেখা হলে সিঁহতে যীশুক সেৱা আগ বঢ়ালে হেতেন আৰু তেওঁলোকৰ পূৰ্ব্ব পৰিকল্পিত কামটো সফল নহল হেতেন। GCam 24.1

যীশু প্ৰাৰ্থনা জনোৱাৰ পাচত তেওঁৰ শিষ্য সকলক দেখিবলৈ আহিছিল। এই ভয়ানক সময়ত তেওঁৰ অৱস্থা আনকি তেওঁৰ শিষ্য সকল্পৰ দৰেও নাছিল। তেওঁ পিটাৰক তাৰ ঘোষণাৰ কথা। স্মৰণ কৰাই দি কলৈ, তুমি এক ঘন্টা মোৰ লগত থাকি দেখিব নোৱাৰা নে? ভগৱানৰ পুত্ৰ তিনিবাৰকৈ যাতনাৰে প্ৰাৰ্থনা জনাইছিল, তেতিয়া জুদাচে তাৰ গোষ্ঠীৰ সৈতে যীশুক সাক্ষাৎ কৰি তেওঁকঅভিবাদন জনাবলে আহিছিল। গোষ্ঠীটো যীশুক ঘেৰি ধৰাত তেওঁ নিজৰ স্বৰ্গীয় ক্ষমতা প্ৰদৰ্শন কৰাৰ ফলত সিহঁতে পিছকালে মাটিত পৰি গৈছিল। যীশু কামটো এই কাৰণে কৰিছিল যাতে সিঁহতে তেওঁৰ ক্ষমতাৰ অনুমান লগাব পাৰে আৰু তেওঁ বিচাৰিলেই নিজকে উদ্ধাৰ কৰিব পাৰে। GCam 25.1

শিষ্যসকলে মানুহৰ জাকক অস্ত্ৰৰ সৈতে ভূপতিত হোৱো দেখি আশা কৰিবলৈ ধৰিছিল। তেওঁলোকে উঠি আকৌ ভগৱানৰ পুত্ৰক ঘেৰি ধৰিছিল। পিটাৰ তৰোয়ালখন ওলাই এটা কান কাটি দিয়াত যীশুৱে তেওঁক নিৰস্ত্র হবলৈ কৈ আকৌ তেওঁক কৈছিল। তুমি ভাবা নে মই এতিয়া মোৰ পিতাৰ ওচৰত প্ৰাৰ্থনা জনাব নোৱাৰোঁ আৰু বাটা দলত কোনে অধিক দেবদূত মোক প্রদান কৰিব। এই কথা শুনি দেবদূত বিলা চেহেৰা সজীব হৈ উঠিল। তেওঁলোক লগে লগে ভাবিছিল সিঁহতৰ অধ্যক্ষক ঘেৰি ধৰিবলৈ আৰু ক্রোধযুক্ত চকা মানুহ বিলাকক খানবান কৰিবলৈ। GCam 26.1

শিষ্যসকলৰ হৃদয়বোৰৰ আকৌ গভীৰ হতাশাত ডুবি গল, কিয়নো যীশু কষ্টৰ মাজেৰে তেওঁক আগুৱাই নিবলৈ কৈছিল।শিষ্য সকল তেওঁলোকৰ নিজৰ জীৱন লৈ সৰকটত আছিল আৰু একে একে পলাই সাৰিল যীশুক অকল সৰীয়া কৰি। এতেকে বিজয় হল চয়তানৰ! আৰু এৱা হল ভগৱানৰ দূতৰ বাৱে দূখ আৰু দূৰ্দশা। প্রতি দলত এজনকৈ অধ্যক্ষ ধৰি পবিত্ৰ দূতৰ বহুতো দল পঠোৱা হল ভগৱানৰ পুত্ৰণে সহ্য অপমান আৰু নিষ্ঠুৰতাৰ হিচাপ লবলৈ। আৰু যাতনাৰ প্ৰতিখন কীর্তি নলিবদ্ধ যিবোৰ যীশুবে সহা উচিত কৰিল মানুহ মাত্রেই এইটোক চোৱা উচিত জীবন্ত চৰিত্ৰত। মেথিউ ২৬১-৫৬, মার্ক ১৪৪১-৫২ লিউক ২২৪১-৪৬, জন অধ্যায় ১১, ১২৪১-১১, ১৩৪১-১২ দেখক। GCam 26.2