মহান বিবাদ

40/46

অধ্যায় ৩৯ - পৃথিৱীৰ সমাপ্তি

মই তাৰপিচত পৃথিবীখন দেখিলো। দুষ্টবোৰ মৰিগলি আৰু তেওঁলোকৰ শৰীৰসমূহ পৃথিৱীৰ ওপৰিভাগত অৱস্থান কৰি আছিল। সাজোটা শেষ আঘাতত পৃথিৱীৰ অধিবাসী সকল ঈশ্বৰৰ ক্ৰোধ ভোগ কৰিছিল। বেদনাত তেওঁলোকে তেওঁলোকৰ জিহ্বা কুটিছিল আৰু ঈশ্বৰক শাপ দিছিল। মিছলীয়া মেষপালক বোৰে জেহোক্ভাৰ ৰোষৰ বিশেষ বস্তু আছিল। তেওঁলোকৰ চকুবোৰ সেই বোৰৰ গাঁতত আৰু তেওঁলোকৰ জিহ্বা তেওঁলোকৰ মুখত খাই পেলোৱা হৈছিল যেতিয়া তেওঁলোকে তেওঁলোকৰ ভৰিৰ ওপৰত থিয় হ’ল। GCam 207.1

ঈশ্বৰৰ মাতেৰে সিদ্ধপুৰুষ সকল উদ্ধাৰ পোৱাৰ পিচত, দুষ্ট মানুহৰ জাকৰ ৰোষ পৰস্পৰৰ বিৰুদ্ধে ওভতালে, পৃথিবীখন তেজেৰে ডুবি যোৱা, আৰু শববোৰ পৃথিবীৰ ইমূৰৰ পৰা সি মুৰলৈ আছে যেন লাগিল। GCam 207.2

পৃথিৱী অত্যাধিক নির্জন অৱস্থাত আছিল। নগৰ আৰু গাওঁবোৰ ভূমিকম্পৰে কঁপি দলত আছিল। পৰ্বতবোৰে নিজ ঠাইৰ পৰা আঁতৰি গৈ ডাঙৰ গাঁত সৃষ্টি কৰে। সাগৰে পৃথিৱীৰ ওপৰত জুৰুলা শিলবোৰ নিক্ষেপ কৰিল আৰু ইয়াৰ উপৰিভাগৰ য’তে ত’তে বিস্তাৰিত আছিল। পৃথিবী এটা জনশূন্য অৰন্যৰ দৰে দেখালে। ডাঙৰ ডাঙৰ গাছবোৰ গুৰিৰ পৰা উঠাই দিয়া হল, আৰু ভূমিৰ ওপৰত ছিটিকাই গল। ১০০০ বছৰ জুৰি, তাৰ অনিষ্টকাৰী দূতবিলাকক লৈ ইয়াত চয়তানৰ আবাস হৈছে। ইয়াত সিঁহতক আবদ্ধ কৰা হব আৰু পৃথিৱীৰ ভাগি যোৱা ওপৰি ভাগৰ তলত ইফলে সিফালকৈ ফুৰিব আৰু ঈশ্বৰৰ বিধিৰ বিৰূদ্ধে তাৰ বিদ্ৰোহৰ প্ৰভাববোৰ দেখিব। শাওৰ সেই প্ৰভাৱবোৰ যিটো সি ঘটাইছে, সি ১০০০ বছৰ জুৰি উপভোগ কৰিব পাৰে। নির্জন পৃ থিৱীত সীমাবদ্ধ হৈ, যি বিলাকে পতিত হোৱা নাই, তেওঁলোকক প্ৰলোভিত আৰু বিৰক্ত কৰিবলৈ, আন গ্ৰহ বোৰত ঘূৰি ফুৰিবলৈ তাৰ কোনো বিশেষ সুযোগ নে থাকে। চয়তান এই সময়ত অত্যন্তৰূপে যাতনা ভোগ কৰে। তাৰ পতনৰ পিচৰ পৰা তাৰ বেয়া বৈশিষ্টবাৰ অবিৰাম ভাবে চৰ্চিত হৈ আহিছে। তেতিয়া সিৱে তাৰ ক্ষমতাৰ পৰা বঞ্চিত আৰু তাৰ পতনৰ সময়ৰ পৰা যি ভূমিকা, সি অভিনয় কৰিছে তাৰ ওপৰত আলোকপাত কৰিছে, সিহঁতক,ঈশ্বৰৰ মহিমাক সাক্ষ্য কৰিব লাগিছিল, যি সিঁহতৰ ওপৰত সাব্যস্ত হ’ল। সিঁহতক তেওঁলোকে মহিমান্বিত ৰূপে দেখিছিল। আৰু গোটেই ভয়াৱহ দৃশ্যবোৰৰ মাজতে তেওঁলোক আনন্দপূর্ণ সঞ্জীতত সিদ্ধপুৰুষ সকলৰ মাতক কোৱা শুনিছিল, এই চোৱা, এখেতেই আমাৰ ঈশ্বৰ, আমি তেখেতৰ বাৱেই ৰৈ আছো, আৰু তেখেতেই আমালোকক ৰক্ষা কৰিব। পৃথিৱী তীব্ৰভাৱে কঁপিল যিনে ঈশ্বৰৰ পুত্ৰৰ মাত শুই থকা সিদ্ধ পুৰুষ সকলক আহ্বান কৰিল। তেখেতৰ আহ্বানত সহাঁৰি জনাই আৰু মহিমান্বিত অমৰত্ব পিন্ধি লৈ, এনেকোৱা ঘোষণা কৰিল, মৃত্যুৰ ওপৰত জয় লাভ হৈছে। মৃত্যু, কোমাৰ হুল কত? মৃত্যু তোমাৰ জয় কত? তাৰ পিচতে জীয়া সিদ্ধ পুৰুষ সকলে আৰু পুনৰুতি সকলে এক দীর্ঘনীয়া প্ৰৱল আবেগত অভিউত হৈজয়োল্লাসেতে মাত দিলে। সেই ৰুগীয়া শৰীৰবোৰ যিবোৰ কবৰত নামি গৈছিল চিৰজীবি সুস্থতা আৰু প্রাণশক্তিতে উঠি আহিলা। জীৱা সিদ্ধ পুৰুষ সকলে এক নিমিষতে, চকুৰ পচাৰতে, ৰূপান্তৰিত হল আৰু পুনৰুখিত ব্যক্তি বিলাকৰ সৈতে মিলিত হল। আৰু একেলগে তেওঁলোকে প্ৰভুৰ সাক্ষাৎ কৰিল। কি দাৰুণ এই মহৎ সাক্ষাৎ, বন্ধুবোৰ যিবিলাকক মৃত্যু বিচ্ছিন্ন কৰিছিল, আৰু বিচ্ছিন্ন নো হোৱাৰ বাৱে একেলগ হল। GCam 207.3

ডাৱৰীয়া ৰথৰ উভয় দিশত আছিল পাখিবোৰ, আৰু ইয়াৰ তলত আছিলা চকাবোৰ( আৰু যেনে ডাৱৰীয়া ৰথ খন ওপৰৰ ফালে বাগৰি গল, চকাবোৰ ঘোষণা কৰিল, পবিত্র, আৰু পাখিবোৰ লৰি যোৱাৰ লগে লগে ঘোষণা কৰিল, পবিত্র, পবিত্র, পবিত্র, প্রভু ঈশ্বৰ সৰ্বশক্তিমান। ডাৱৰত সিদ্ধপুৰুষ সকলে ঘোষণা কৰিল, মহিমা এল্লেলুইৱা। ৰথখন ওপৰৰ ফালে পবিত্র নগৰলৈ বাগৰি গল। পবিত্র নগৰী খনত প্ৰৱেশ কৰাৰ আগত, সিদ্ধ পুৰুষ সকলতকৈ আৰু দূত বিলাকতকৈ ও ভালেখিনি ওখ আছিল। তেখেতৰ মহিমান্বিত গঠন আৰু ধুনীয়া চেহেৰা বর্গক্ষেত্র টোত সকলোৰ দ্বাৰা দেখিব পৰা গৈছিল। GCam 209.1

২ বজাবিলাক ২:১১( ইচাইৱা ২৫:৯( ১ কোৰিন্থীয়ানচ ২৫:৫১-৫৫(১ থেচেলোনিয়ানচ ৪:১৩ -১৭( দৈববাণী ১:১৩ -১৬( ৬:১৪-১৭( ১৯:২৬ দেখক। GCam 209.2