মহান বিবাদ

38/46

অধ্যায় ৩৭ - সিদ্ধপুৰুষৰ মুক্তি

এৱা আছিল মাজনিশা যেতিয়া ঈশ্বৰ তেখেতৰ মানুহ বিলাকৰ বাৱে মুক্তিৰ কথাটো স্থিৰ কৰিল। যেনে দুষ্টবোৰে তেওঁলোকৰ চাৰিওকাষে ইতিকিং কৰি আছিল, হঠাতে বেশি ওলালে, তাৰ শক্তিত চকমকাই, আৰু জেনে নিস্তব্ধ হৈ গল। দুষ্টবোৰে আশ্চৰ্য্যহৈ দৃশ্যখন দেখিল। আচৰিত আৰু অদ্ভুত ঘটনাবোৰ বেগী অনুক্ৰমত অনুসৰণ কৰিল। গোটেই খিনিয়ে তাৰ স্বাভাবিক গতিপথৰ পৰা ওলোটা ৱা যেন লাগিল। ভক্তিপূর্ণ। আনন্দেৰে সিদ্ধপুৰুষ বিলাকে তেওঁলোকৰ মুক্তিৰ চিন্ ৰোৰ দেখিল। GCam 199.1

সোঁত বৈ যাবলৈ ক্ষান্ত হল। এন্ধাৰ, গধুৰ ডাৱৰ বোৰ উঠি আহিল, আৰু পৰস্পৰৰ সৈতে ঠেকা ঠেকি খালে। কিন্তু স্থিৰ গৌৰৱৰ এটা নিৰ্ম্মল স্থান আছিল। যাৰ পৰা, বহুতো জলকৰ নিচিনা ঈশ্বৰৰ মাত আহিল, যি স্বৰ্গ আৰু পৃথিৱীক কঁপাই তুলিলে। প্রবল ভূমিকম্প হল। কবৰবোৰ লৰি খুলি গল আৰু যি বিলাকে তৃতীয় দূতৰ বাণীৰ অধীনত বিশ্রামদিন মানি, বিশ্বাসত ঢুকাইছিল( তেওঁলোকৰ ধূলিময় শয্যাৰ পৰা, গৌৰৱান্বিত হৈ, সেই শান্তিৰ চুক্তি শুনিবলৈ ওলাই আহিল যি ঈশ্বৰে তেওঁলোকৰ সৈতে কৰিবলৈ ধৰিছিল যি বিলাকে তেখেতৰ বিধি মানি চলিছিল। GCam 199.2

আকাশখন খুলিল আৰু বন্ধ হল আৰু আলোড়নত আছিল। পৰ্ব্বত সমূহ বতাহত খাগাৰৰ নিচিনা কঁপিল, আৰু চাৰিওকাষে জুৰুলা শিলবোৰ নিক্ষেপ কৰিল। যেনে ঈশ্বৰ যীশুৰ আগমনৰ দিন আৰু ক্ষণৰ কথা কলে, আৰু তেখেতৰ মানুহবিলাকৰ উদ্দেশ্যে চিৰস্থায়ী চুক্তি অৰ্পণ কৰিল, তেখেতে এটি বাক্য ক‘লে, আৰু তাৰ পিচত (ন্তেক বিৰাম ললে, যেতিয়া কথাবোৰ পৃথিবীৰ মাজেৰে ঘুৰি থাকিছিল। ঈশ্বৰৰ ইজৰাইল বিলাকে ওপৰমুখীয়া দৃষ্টিৰে নিবদ্ধ হৈ থিয় হল। সেই কথাবোৰৰ প্ৰতি কান দিলে যেনে সেই বোৰ জেহোক্ভাৰ মুখৰ পৰা ওলাই আহিল, আৰু পৃথিৱী জুৰি বজাৰ আটাইতকৈ সশব্দ ঢেৰেকনিৰ নিচিনা ঘূৰি থাকিল। এয়া অতিকৈ ভক্তিপূৰ্ণ আছিল। প্ৰতিখন বাক্যৰ শেষত সিদ্ধপুৰুষ বিলাকে উচ্চৈস্বৰত কলে, গৌৰৱ! হাল্লেলুইৱা! তেওঁলোকৰ চেহেৰা ঈশ্বৰৰ গৌৰৱেৰে আলোকিত হল। আৰু সেই বোৰ গৌৰবোৰ সৈতে উজলিল যেনে মোজেচৰ মুখখন হৈছিল যেতিয়া তেওঁ চিনাইৰ পৰা নামি আহিল। মহিমাৰ বাৰে দুষ্টবোৰে তেওঁলোকৰ ওপৰত দৃষ্টি দিব নোৱাৰিলে আৰুযেতিয়া কেতিয়াও শেষ নোহোৱা আশীবাদ তেওঁলোকৰ ওপৰত পৰিল, যিবিলাকে তেখেতৰ বিশ্রামদিন পবিত্ৰভাৱে মানি ঈশ্বৰক সন্মান ঘাটিছিল, পশুৰ আৰু তাৰ প্ৰতিমূৰ্ত্তিৰ ওপৰত জয়লাভৰ এটা প্ৰবল চিঞৰ দিয়া হল। GCam 200.1

তাৰ পিচত আৰম্ভ হল ৰাজহুৱা মহোৎসব, যেতিয়া দেশখনে বিশ্ৰাম লব লাগে। মই দেখিলো ধাৰ্ম্মিক দাসে সাফল্য আৰু জয়ত উঠে, আৰু তাক আৱৰি ৰাখা শিকলবোৰ জোকাৰি পেলায়, যেতিয়া তাৰ দুষ্ট প্ৰভু বেমেজালিত থাকে নে জানিল কি কৰিব, কাৰণ দুষ্টাৰ ঈশ্বৰৰ মাতৰ পৰা ওলিওৱা কথাবাৰ বুজিব নোৱাৰিল। সোনকালেই উদয় হল অতিকৈ বগা ডাৱৰ। ইয়াৰ উপৰত বহিল মনুষ্য পুত্র। GCam 200.2

এই ডাৱৰখন যেতিয়া প্রথম দূতৰ উদয় হল বৰ সৰু দেখাল দূতে ক’লে যে এয়া আছিল মনুষ্য পুত্ৰৰ চিন্। যেনে ডাৱৰ খন পৃথিবীৰ ওচৰ চাপিল, আমি যীশুৰ উৎকৰ্ষ গৌৰৱ আৰু প্ৰতাপ দেখিব পাৰিলো যেনে তেখেতে জয় কৰিবলৈ আৰোহন কৰি আহিল। দূতবিলাকৰ এটা পবিত্ৰ পৰিষদ তেওঁলোকৰ উজ্জ্বল, চকমকীয়া ৰাজমুকুট তেওঁলোকৰ মূৰত লৈ, তেখেতক ৰখীয়া হৈ লগ দিলে। দৃশ্যখনৰ গৌৰৱ কোনো ভাষাৰ বৰ্ণনা কৰিবলৈ পৰা নে যায়। প্রতাপৰ জীয়া ডাৱৰ আৰু অনাৰ্তক্রম্য মহিমা, আৰু উচৰ চাপিল, আৰু আমি যীশুৰ সুন্দৰ চেহেৰা খন স্পষ্টকৈ দেখিবলৈ পালো। তেখেতে কাঁইটৰ ৰাজমুকুট পিন্ধা নাছিল। কিন্তু এখন গৌৰৱৰ ৰাজমুকুট তেখেতৰ পবিত্ৰ কপালক বিভূষিত কৰিল। তেখেতৰ পোচাকত আৰু কদনত এটা নাম লিখা আছিল। ৰজাবিলাকৰ ৰজা আৰু প্ৰভুসকলৰ প্ৰভু তেখেতৰ চকু দুটা যেন। আছিল অগ্নি শিখা, তেখেতৰ ভৰি দুখন সুক্ষ্ম পিতলৰ নিচিনা আছিল আৰু তেখেতৰ মাত শব্দ কৰিল অনেক সুশ্ৰাব্য বাদ্য যন্ত্ৰৰ দৰে। তেখেতৰ চেহেৰাখন মধ্যাহৃ বেলিৰ তদ্রুপ উজ্জ্বল আছিল। পৃথিবীখন তেখেতৰ আগত কঁপিল আৰু স্বৰ্গখন কাকতৰ নুৰাৰ দৰে গুচি গল যেতিয়া এয়া একেলগে নুৰীয়া হলে আৰু প্ৰতিখন পৰ্ব্বত আৰু দ্বীপে নিজ নিজ ঠাই সলাই আঁতৰ হল। পৃথিবীৰ ৰজাসকল, মহৎ আৰু ধনী ব্যক্তি বিলাক, প্রধান সেনাধ্য( বোৰ পৰাক্রমী মানুহ বিলাক, প্রতিজন দাস আৰু প্ৰত্যেক স্বাধীন মানুহে, চোং বোৰত আৰু পর্বত সমূহৰ শিলিত নিজ সকলক লুকালে। পর্বত আৰু শিলবোৰক কলে, আমাৰ ওপৰত পৰা, যি জনে সিংহাসনত বহি আছে, তেওঁৰ আগৰ পৰা আৰু মেষ পোৱালিৰ ক্রোধৰ বৰদিন আহি পৰিছে, আৰু কোনে থিয় হৈ থাকিবলৈ পাৰিব? GCam 201.1

যি বিলাকে কিছু সময় আগত ঈশ্বৰৰ বিশ্বস্ত সন্তান বোৰক পৃথিৱীৰ পৰা নাশ কৰিছে, সিহঁতক, ঈশ্বৰৰ মহিমাক সাক্ষ্য কৰিব লাগিছিল, যি সিঁহতৰ ওপৰত সাব্যস্ত হ’ল৷ সিঁহতক তেওঁলোকে মহিমান্বিত ৰূপে দেখিছিল। আৰু গোটেই ভয়াৱহ দৃশবোৰৰ মাজতে তেওঁলোক আনন্দপূর্ণ সঞ্জীতত সিদ্ধপুৰুষ সকলৰ মাতক কোৱা শুনিছিল, এই চোৱা, এখেতেই আমাৰ ঈশ্বৰ, আমি তেখেতৰ বাৱেই ৰৈ আছো, আৰু তেখেতেই আমালোকক ৰা কৰিব। পৃথিৱী তীব্ৰভাৱে কঁপিল যিনে ঈশ্বৰৰ পুত্ৰৰ মাত শুই থকা সিদ্ধ পুৰুষ সকলক আহ্বান কৰিল। তেখেতৰ আহ্বানত সহাঁৰি জনাই আৰু মহিমান্বিত অমৰত্ব পিন্ধি লৈ, এনেকোৱা ঘোষণা কৰিল, মৃত্যুৰ ওপৰত জয় লাভ হৈছে। মৃত্যু, তোমাৰ হুল ক’ত? মৃত্যু তোমাৰ জয় কত? তাৰ পিচতে জীয়া সিদ্ধ পুৰুষ সকলে আৰু পুনৰুখিত সকলে এক দীর্ঘনীয়া প্ৰৱল আবেগত অভিউত হৈ জয়োল্লাসেতে মাত দিলে। সেই ৰুগীয়া শৰীৰবোৰ যিবোৰ কবৰত নামি গৈছিল চিৰজীবি সুস্থতা আৰু প্রাণশক্তিতে উঠি আহিলা। জীৱা সিদ্ধ পুৰুষ সকলে এক নিমিষতে, চকুৰ পচাৰতে, ৰূপান্তৰিত হল আৰু পুনৰুথিত ব্যক্তি বিলাকৰ সৈতে মিলিত হল। আৰু একেলগে তেওঁলোকে প্ৰভুৰ সাক্ষাৎ কৰিল। কি দাৰুণ এই মহৎ সাক্ষাৎ, বন্ধুবোৰ যিবিলাকক মৃত্যু বিচ্ছিন্ন কৰিছিল, আৰু বিচ্ছিন্ন নোহোৱাৰ বাৱে একেলগ হল। GCam 202.1

ডাৱৰীয়া ৰথৰ উভয় দিশত আছিল পাখিবোৰ, আৰু ইয়াৰ তলত আছিলা চকাবোৰ আৰু যেনে ডাৱৰীয়া ৰথ খন ওপৰৰ ফালে বাগৰি গল, চকাবোৰ ঘোষণা কৰিল, পবিত্র, আৰু পাখিবোৰ লৰি যোৱাৰ লগে লগে ঘোষণা কৰিল, পবিত্ৰ, পবিত্ৰ, পবিত্ৰ, প্রভু ঈশ্বৰ সৰ্বশক্তিমান। ডাৱৰত সিদ্ধপুৰুষ সকলে ঘোষণা কৰিল, মহিমা এল্লেলুইৱা। ৰথখন ওপৰৰ ফালে পবিত্র নগৰলৈ বাগৰি গ’ল। পবিত্র নগৰী খনত প্ৰৱেশ কৰাৰ আগত, সিদ্ধ পুৰুষ সকলতকৈ আৰু দূত বিলাকতকৈ ও ভালেখিনি ওখ আছিল। তেখেতৰ মহিমান্বিত গঠন আৰু ধুনীয়া চেহেৰা বর্গক্ষেত্রে টোত সকলোৰ দ্বাৰা দেখিব পৰা গৈছিল। GCam 203.1

২ বজাবিলাক ২:১১( ইচাইৱা ২৫:৯( ১ কোৰিন্থীয়ানচ ২৫:৫১-৫৫( ১ থেচেলোনিয়ানচ ৪:১৩ -১৭( দৈববাণী ১:১৩ -১৬( ৬:১৪-১৭( ১৯:২৬ দেখক। GCam 203.2