মহান বিবাদ

5/46

অধ্যায় ৫ - যীশুৰ মন্ত্ৰী সভা

চয়তানে তাৰ তীব্র প্ৰলোভনত ব্যর্থ হলেও সি আগ্ৰহৰে বাট চাই আছিল যীশুৰ মন্ত্ৰীসভাৰ কাল লৈ। এতিয়াও সি তেওঁৰ ওপৰত কত্তৃত্ব স্থাপন কৰিবলৈ আশা কৰি আছিল সেই সকলক তেওঁৰ বিৰুদ্ধে লগাই দি যি সকলে যীশুক গ্ৰহণ ন কৰিব তেওঁক ঘৃণা আৰু নাশ ৰ বাৱে। চয়তান আৰু তাৰ দেবদূত সকলে স্থিৰ কৰিছিল যে পৃথিৱীৰ পৰিত্ৰাতা হিচাবে তেওঁৰ নিজৰ মানুহ বিলাকৰ মাজত অবিশ্বাসৰ সৃষ্টি কৰিলে যীশুক তেওঁৰ লক্ষ্যৰ পৰা অতৰাব পৰা যাব। GCam 15.1

ঘনে ঘনে যেতিয়া যীশুৱে মানুহবিলাকৰ পাপক গ্লানি দি চোকা সত্য কৈছিল, চয়তান আৰু তাৰ, দেবদূত সকল উত্তেজিত হব খুজিছিল। চয়তান আৰু তাৰ দেবদূত সকল উত্তেজিত হব খুজিছিল। চয়তান আৰু তাৰ দেবদূত সকল তেওঁলোকক ভগৱান পুত্ৰৰ জীৱন লবলৈ টানি ধৰিছিল। এবাৰ তেওঁলোক শিল তেওঁৰ ওপৰত নিয়ে নিক্ষেপ কৰিবলৈ লৈছিল। কিন্তু দেবদূত সকল তেওঁক পহৰাদি মানুহৰ জাৰ পৰা আঁতৰাই নিৰাপদ ঠাইলৈ লৈ গৈছিল। আকৌ যেতিয়া তেওঁৰ ওঠৰ পৰা সৰল সত্য উলাই আহিছিল, মানুহৰ জাক তেওঁক ধৰি সৰু পৰ্ব্বতৰ দাঁতিত লৈ গৈছিল তলত পেলাই দিয়াৰ লক্ষ্যত। এই সময়তো দেবদূত সকল তেওঁক তেওঁলোকৰ লক্ষ্যত। এই সময়তো দেবদূত সকল তেওঁক তেওঁলোকৰ চকুৰ পৰা অতঁৰাই নি নিজ পথেৰে অগ্ৰসৰ কৰাই দিছিল। GCam 15.2

চয়তানে এতিয়াও আশা কৰি আছিল যে মুক্তিৰ মহা পৰিকল্পনা না টো ব্যর্থ হব। মই বুজিছিলো যে যীশুৰ ভগৱানৰ পুত্ৰ হিচাবে মানি লোৱা দু’জন থকা হলেও তেওঁলোকৰ আত্মা ৰক্ষাৰ বাৱে তেওঁক বিশ্বাস কৰিলে তেওঁ পৰিকল্পনাটো সফল কৰিব পাৰিলে হেঁতেন। যন্ত্রণা ভোগ মানুহ বিলাকৰ ওপৰত থকা চয়তানৰ ক্ষমতা ভ(ৰে যীশু তেওঁৰ কামৰ আৰম্ভনি কৰিছিলে। যি সকলে তাৰ অনিষ্টকাৰী ক্ষমতাৰে কষ্ট পাইছিল। যীশুৱে সেই সকলোক আৰোগ্য কৰিলে। তেওঁ মৃত কৰ জীৱন দান দিলে আৰু তেওঁলোকক ভগৱানক মহিমান্বিত কৰিলে তেওঁৰ শক্তি প্ৰদৰ্শনৰ বাৱে। GCam 16.1

খ্রীষ্ট জীৱন দয়া, সহানুভূতি আৰু মমতাৰে পূৰ্ণ আছিল। মানুহৰ জাক শৰীৰে তেওঁৰ স্বৰ্গীয় ক্ষমতাৰ প্ৰমাণ বহন কৰিছিল। অথচ তেওঁলোকৰ মাজতে বহুতো কামখিনি শেষ হৈ যোৱাৰ পিছত এই বিনীত অথচ পৰাক্রমী শিক্ষকৰ বাৱে লজ্জিত বোধ কৰিছিল। কাৰণ শাসনকর্তা সকলে তেওঁৰ ওপৰত আস্থা ৰাখা নাছিল, তেওঁলোক যীশুৰ সৈতে যন্ত্ৰণা ভোগ কৰাত ইচ্ছুক নাছিল। আকৌ বহুতো ভগৱান পুত্ৰক অনুসৰণ কৰি তেওঁযে দিয়া নির্দেশ শুনিছিল। তেওঁৰ বাণী অর্থপূর্ণ হলেও ইমানেই সৰল আছিল যাতে দূৰ্ব্বৰ্তম ব্যক্তি ও বুজিব পাৰে। GCam 16.2

চয়তান আৰু তাৰ অনুৰবিলাক চকু বন্ধ কৰি ইহুদীসকলৰ জ্ঞানৰ পোহৰক ওলোমাই দিছিল। সিহত যীশুক তেওঁলোকৰ ওচৰত আনিবলৈ কৰ্মচাৰী পঠাইছিল, কিন্তু যীশুৰ ওঠৰ পৰা জ্ঞানৰ বাণী শুনি ইমানেই মুগ্ধ হৈছিল যে তেওঁলোকে তেওঁৰ ওপৰত হাত দিব পৰা নাছিল। খালি হাতেৰে ঘুৰি অহাৰ কাৰণ সোধা হলে তেওঁলোক প্ৰত্যক্ষ কৰা আচৰিত ঘটনা বোৰৰ কথা উল্লেখ কৰিছিল, আৰু মানুহে কেতিয়াও এই মানুহৰ নিচিনা কথা কোৱা নাছিল। মুখ্য পুৰোহিত সকল সিঁহতক প্রবঞ্চনা কৰা বুলি দোষীসাব্যস্ত কৰিছিল। মই বুজিছিলো যে বহুতো বিচাৰ কৰ্ত্তা আৰু বয়স্ক মানুহ বিলাকে যীশুক বিশ্বাস কৰিছিল, কিন্তু চয়তানে তেওঁলোক ভগৱানতকৈ ও সমূহ ৰাইজৰ গৰিহনাক বেচি ভয় কৰিছিল। GCam 17.1

এতিয়ালৈ চয়তানৰ ধূর্ততা আৰু ঘৃণাৰ মুক্তিৰ পৰিকল্পনাটো ভঙ্গ কৰিব নোৱাৰিছিল। চয়তান আৰু তাৰ দেবদূতে সকলে ভাবিছিল যে খ্রীষ্টৰ নিজৰ জাতিটোক তেওঁৰ বিৰুদ্ধে লগাই দিলে এই আচৰণত তেওঁ নিজৰ নম্ৰতা আৰু বিনয় ৰক্ষা। কৰিব নোৱাৰিব। GCam 17.2

যেতিয়া চয়তান তাৰ পৰিকল্পনা কৰিছিল, যীশুৱে তেওঁৰ শিষ্য সকলক কৈ আছিল যে তেওঁক যন্ত্রণা ভোগৰ মাজেৰে পাৰ হবই লাগিব। তেওঁক ক্রশবিদ্ধ হব লাগিব আৰু তৃতীয় দিনতেই আকৌ তেওঁৰ উত্থান হব। কিন্তু তেওঁলোকৰ জ্ঞান আছিল সীমিত আৰু তেওঁ কোৱা কথা তেওঁলোকে বুজিব পৰা নাছিল। GCam 17.3