মহান বিবাদ

35/46

অধ্যায় ৩৪ - চিক্রৰ

মই দেখিলো দূতবিলাকে স্বৰ্গত ইফালে সিফালে লৰালৰি কৰিছে। তেওঁলোকে পৃথিৱী লৈ নামিছে আৰু আকৌ স্বৰ্গলৈ উঠিছে, কিছুমান গুৰুত্বপূর্ণ ঘটনাৰ পুৰোৱাৰ বাৱে প্ৰস্তুত হৈছে। তাৰ পিচত মই দেখিলো আৰু এজন পৰাক্রমী দূতক পৃথিৱীলৈ পঠিওৱা হল, আৰু তৃতীয় দূতৰ সৈতে তেওঁৰ মাত একে লগ হল। আৰু তেওঁৰ বাণীত ক্ষমতা আৰু প্ৰভাৱ প্ৰদান কৰিলে। অতিকৈ ক্ষমতা আৰু গৌৰৱ দূত জনক দিয়া হল। আৰু যেনে তেওঁ নামিল, পৃথিবী তেওঁৰ গৌৰৱত আলোকিত হল। তেতিয়া দূতজনে উচ্চস্বৰে ঘোষণা কৰিল, বৰ বেবিলন পতিত হৈছে। এয়া ভূতবোৰৰ আবাস, গোটেই অশুচি আত্মাৰ কাৰাগাৰ আৰু গোটেই অশুচি আৰু ঘৃণনীয় চৰাইৰ সঁজা হৈ পৰিছে। বেবিলন পতনৰ খবৰ, যেনে দ্বিতীয় দূতৰ দ্বাৰা প্ৰদত্ত হল, আকৌ দিয়া হল, সেই অনাচাৰবোৰ যোগ কৰি যিটো ১৮৪৪ চনৰ পিচৰ পৰা গীৰ্জাঘৰবোৰত প্রৱেশ কৰি আহিছে এই দূতৰ কামটো সঠিক সময়ত আহে আৰু তৃতীয় দূতৰ খবৰত শেষ ডাঙৰ কামত যোগ দিয়ে, যেনে এয়া এটা উচ্চস্বৰে উত্থাপন কৰা হয়। আৰু যতে ততে ঈশ্বৰৰ মানুহবিলাকক সেই প্ৰলোভনৰ (ণত থিয় হবলৈ উপযুক্ত কৰা হয় যি সোনকালেই তেওঁ লোকই সাক্ষাৎ কৰিব। মই দেখিলো। তেওঁলোকৰ ওপৰত অতিকৈ পোহৰ থিতাপি লৈছে। আৰু তেওঁলোক খবৰ টোত একেলগে হল, আৰু সহসেৰ তৃতীয় দূতৰ খবৰটো ঘোষণা কৰিল। GCam 183.1

স্বৰ্গৰ পৰা পৰাক্রমী দূতক সহায় কৰিবলৈ দূতবিলাকক পঠিওৱা হল। আৰু মই মাতবোৰ শুনিলো যি যতে ততে বোজা যেন লাগিল, আৰু মোৰ মানুহসকল, তাৰ পৰা ওলাই আহা, যাতে তাৰ পাপত ভাগ নলোৱা আৰু তাৰ আপদীয়া বস্তুবোৰ নোপোৱা। কাৰণ তাৰ পাপ আকাশলৈ বিস্তৃত হৈছে আৰু ঈশ্বৰ তাৰ অপৰাধবোৰ মনত ৰাখিছে। এই খবৰটো তৃতীয় খবৰটোৰ প্ৰতি এটা সংযোজন যেন লাগিল আৰু ইয়াক জোৱা দিলে। ঈশ্বৰৰ মহিমা ধৈৰ্য্যশীল, ৰৈ থকা সিদ্ধ পুৰুষ সকলৰ ওপৰত থিতাপি ললে, আৰু তেওঁলোকে বেবিলনৰ পতনৰ ঘোষণা কৰিল, তাৰ মাজৰ পথা ঈশ্বৰৰ মানুহবিলাকক ওলাই আহিবলৈ আহ্বান কৰিল। নিৰ্ভয়েৰে শেষ ভক্তিপূৰ্ণ সতর্কীকৰণ প্ৰদান কৰিল, যাতে তেওঁলোক তাৰ ভয়ানক অদৃষ্ট এৰাব পাৰে। GCam 184.1

যি পোহৰ বৈ থকা সকলৰ ওপৰত পৰিনত হল যতে ততে ভেদ কৰিলে আৰু গীৰ্জাঘৰবোৰত যিবিলাকৰ কোনো পোহৰ আছিল, যি সকলে তিনিটা বাণী শুনা আৰু অগ্রাহ্য কৰা নাছিল, আহ্বানত সহাঁৰি দিলে আৰু পতিত গীৰ্জাঘৰবোৰক এৰি দিলে। এই বাণীবোৰ প্ৰদান কৰা আৰু তেওঁলোকৰ ওপৰত পোহৰ জ্বলি উঠাৰ পিছৰে পৰা বহুতেৱে বহুবছৰৰ দায়বদ্ধতাত আহিছিল, আৰু তেওঁলোকৰ জীবন বা মৃত্যু বাচি লোৱাৰ বিশেষ সুবিধা আছিল। কিছুমানে জীৱন বাচি ললে আৰু প্ৰভুৰ বাৱে ৰৈ থকা সকলৰ সৈতে তেওঁলোকৰ অস্থান ললে, যিবিলাকে তেখেতৰ সকলো বিধি মানি চলিছিল। তৃতীয় বাণীটো ইয়াৰ কাম কৰিব, সকলোৱে ইয়াৰ ওপৰত পৰীক্ষিত হব, আৰু বহুমূলীয়া সকলক ধাৰ্ম্মিক দলবোৰৰ পৰা ওলাই আহিবলৈ আহ্বান কৰা হব। GCam 184.2

এটা বাধ্য কৰা ক্ষমতা সৎ ব্যক্তি সকলক লৰচৰ কৰায়, যেতিয়া ঈশ্বৰৰ ক্ষমতাৰ প্ৰদৰ্শন আত্মীয় আৰু বন্ধ বৰ্গক ভয়তে আত্ম সংযমত ধৰি ৰাখে, আৰু সিঁহতে, তেওঁলোকক বাধা দিবলৈ সাহস ন কৰে। সেইটো কৰিবলৈ সিঁহতৰ সেই ক্ষমতাও নাই, তেওঁলোকক যিবিলাকে তেওঁলোকৰ ওপৰত ঈশ্বৰৰ আত্মাৰ কামটো অনুভব কৰে। শেষ আহ্বানটো আন কি দাস বিলাকৰ । ওচৰত লৈ যোৱা হয় আৰু তেওঁলোকৰ মাজৰ ধাৰ্ম্মিক বোৱে, বিনীত প্ৰকাশেৰে, তেওঁলোকৰ উদ্ধাৰৰ আশাত তেওঁলোকৰ বৰ আনন্দৰ গীতবোৰ মেলি ধৰে, আৰু তেওঁলোকৰ প্ৰভুবিলাকে, ভয় আৰু বিষ্ময়ত তেওঁলোকক নিবাক হবলৈ বাধা দিব নোৱাৰে। পৰাক্রমী আশ্চৰ্য্য কামবোৰ সম্পন্ন কৰা হয়, বেমাৰী বোৰে সুস্থ হৈ উঠে, আৰু চিনবোৰ আৰু অদ্ভূত ঘটনা বোৰ বিশ্বাসী সকলক অনুসৰণ কৰে। ঈশ্বৰ কামটোৰ মাজতে আছে, আৰু প্ৰতি জন সিদ্ধ পুৰুষে পৰিনাম বোৰৰ কথালৈ নিৰ্ভীক হৈ, তেওঁৰ নিজৰ বিবেক শক্তি অনুসৰণ কৰে, আৰু তেওঁলোকৰ সৈতে একেলগ হয় যি বিলাকে ঈশ্বৰৰ সকলো আজ্ঞা মানি চলিছে, আৰু তেওঁলোকে ক্ষমতাৰে চাৰি ও কাষে বাণীটো প্ৰকাশ কৰে। মই দেখিলো যে মাজনিশাৰ ঘোষণাক বহুদূৰলৈ চেৰ পেলাই ক্ষমতা আৰু বলেৰে তৃতীয় বাণীটোৰ সমাপ্তি হব। GCam 185.1

ঈশ্বৰৰ দাস বিলাকে ওপৰৰ পৰা ক্ষমতা সম্পন্ন হৈ তেওঁলোকৰ মুখ উজালিল আৰু পবিত্ৰ উৎসৰ্গৰ দ্বাৰা তেওঁলোকৰ কামটো পুৰা কৰিবলৈ আৰু স্বৰ্গৰ পৰা বাণীটো ঘোষণা কৰিবলৈ আগুৱাই যায়। ধাৰ্ম্মিক দলবোৱলৈ বিস্তাৰ হৈ থকা আত্মাবোৰে আহ্বানটোত সহাঁৰি দিলে। আৰু বহুমুলীয়া সকলক শাপ গ্রস্ত গীর্জা ঘৰবোৰৰ পৰা লৰালৰিকৈ তলাই লোৱা হল যেনেকৈ বিনাশৰ আগত লটক চেডমক লৰালৰিকৈ ৱলাই লোৱা হৈছিল। ঈশ্বৰৰ মানুহবিলাকক সেই উৎকৰ্ষ গৌৰবেৰে উপযুক্ত আৰু মজবুত কৰা হল, যিটোৰ ভালেমানখিনি তেওঁলোকৰ ওপৰত পৰিল, তেওঁলোকক প্ৰলোভনৰ ক্ষণটো সহ্য কৰিবলৈ প্ৰস্তুত কৰিল। এটা মানুহৰ জাকত মই বহুতোমাত শুনিলো, ইয়াত সেই সিদ্ধ পুৰুষ সকলৰ ধৈৰ্য্য দেখা যায়, যি সকলে ঈশ্বৰৰ আজ্ঞা আৰু যীশুৰ বিশ্বাস মানি চলে। GCam 186.1

আদি গ্রস্ত অধ্যায় ১৯( দৈববাণী ১৪:১২(১৮:২-৫ দেখক GCam 186.2