মহান বিবাদ

31/46

অধ্যায় ৩০ - ভূতবাদ

মই টপৰোৱা প্ৰতাৰণা দেখিলো। সেই বিভিন্ন রূপৰ মিল থকা চেহেৰা (প্ৰতিমূৰ্ত্তি) বোৰ আমালোকৰ অঅগত আনিবলৈ চয়তানৰ ক্ষমতা আছে যিবোৰ মুজায় কুটুম্ব আৰু বন্ধুবৰ্গ যি লিবাকে এতিয়া যীশুৰ অন্তৰত শুই আছে। এনেকোৱা বুজোৱা হব যেন তেওঁলোকে উপস্থিত আছিল, সেই উক্ত কথাবোৰ যেতিয়া ইয়াত আছিল, যি বোৰৰ সৈতে আমি চিনাকি আছিলো, সেইটো কোৱা হব, আৰু একেই প্ৰকৃতিৰ মাত যিটো তেওঁলোকৰ জীয়াই থকা অৱস্থাত আছিল সেইটোৱে কানৰ ওপৰত পৰিব। এই গোটেই খিনি হৈছে জগতক প্ৰতাৰণা কৰিবলৈ আৰু তেওঁলোকক এই প্ৰতাৰণাৰ বিশ্বাসেৰে ফান্দত পেলাবলৈ। GCam 156.1

মই দেখিলো যে বর্তমান সত্যৰ সম্পূৰ্ণ জ্ঞান সিদ্ধ পুৰুষ বিলাকৰ থাকিবই লাগিব, যিটো ধৰ্ম্মশাস্ত্ৰৰ পৰা তেওঁলোকক সাব্যস্ত কৰিব লাগিব। মৃতকসকলৰ অৱস্থা তেওঁলোকক অবশ্যেই জানিব লাগিব কাৰণ ভূতবিলাকৰ আত্মা তথাপিও আবির্ভূত হৈ প্রিয় বন্ধু আৰু কুটুম্ব সকল বুলি খুলাখুলিকৈ ঘোষণা কৰিব, যি বিলাকে তেওঁলোকৰ ওচৰত অধৰ্ম্ম শাস্ত্রীয় শিক্ষা সমূহ প্রকাশ কৰিব। সহানুভূতি উত্তেজিত কৰিবলৈ, আৰু তেওঁলোকৰ আগত আশ্চৰ্য্য কামবোৰ কৰি, তেওঁলোকে যি প্ৰকাশ কৰে সেইটো সাব্যস্ত কৰিবলৈ তেওঁলোকৰ ক্ষমতাত থকা সকলো খিনিয়ে তেওঁলোকে কৰিব। বাইবেলৰ সত্যৰে ঈশ্বৰৰ মানুহ বিলাকক এই আত্মাবোৰক বাধা দিবলৈ অবশ্যেই প্রস্তুত হৈ থাকিব লাগিব, যি মৃতক সকলে একোৱে নে জানে আৰু তেওঁলোকেই হৈছে ভূতবোৰৰ আত্মা। GCam 156.2

মই দেখিলো যে আমাৰ আশাৰ ভিতখন আমাক ভালদৰে পৰীক্ষা কৰিব লাগিব কাৰণ প্ৰতাৰণা বিস্তাৰ হবলৈ দেখিম আৰু ইয়াৰ সৈতে আমাক মুখামুখিকৈ প্রতিদ্বন্দ্বিতা কৰিব লাগিব। যদি আমি ইয়াৰ বাৱে প্ৰস্তুত ন হও, আমাক ফান্দত পেলোৱা হব আৰু পৰাজিত হব। কিন্তু আমাৰ আগত থকা বিবাদৰ বাৱে আমাৰ যি কৰিবলগীয়া সেইটো আমি কৰিলৈ ঈশ্বৰ তেখেতৰ ভূমিকা পালন কৰিব আৰু তেখেতৰ সৰ্ব্ব শক্তিমান বাহু আমাক ৰক্ষা কৰিব। তেওঁলোকক চয়তানৰ মিছলীয়া আশ্চৰ্য্য কামেৰে প্ৰতাৰিত আৰু আগুৱাই লৈ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ তেখেতে বিশ্বস্ত প্রাণীবোৰৰ চাৰিওকাষে বেৰা দিবলৈ তেখেতে ততলিকে গৌৰবৰ ভিতৰৰ পৰা প্ৰতিজন দূতক পঠিয়াব। GCam 157.1

মই সেই বেগ দেখিলো যাৰ দ্বাৰা এই প্ৰতাৰণা বিস্তাৰ কৰি আছিল। মটৰ গাঢ়ীৰ এটা শ্ৰেণী মোক দেখুওৱা হল যিটো বজ্ৰৰ বেগেৰে গৈ আছে। দূতে মোক যত্নেৰে দৃষ্টি দিবলৈ নিৰ্দেশ দিলে। মই শ্ৰেণীটোৰ ওপৰত মোৰ স্থিৰ দৃষ্টি দিলো। গোটেই জগৎ খন তাৰে ওপৰত থকা যেন লাগিল। তাৰ পিচত তেওঁমোক দেখালে পৰিচালকক, যাক এজন প্রতাপান্বিত সুশ্রী ব্যক্তিৰ নিচিনা দেখালে, যাৰ ওপৰত সকলো যাত্ৰীৱে নিৰ্ভৰ কৰিল আৰু সন্মান কৰিল। মই বিমোৰত পৰিলো আৰু মোৰ সৈতে থকা দূতজনক সোধিলো এঁও কোন আছিল। তেওঁ কলে, এই হৈছে চয়তান। এজন পোহৰৰ দূত হিচাপে সিৱেই হৈছে পৰিচালক জগতক সি বন্দীয়াৰ কৰি লয়। তেওঁলোকক তীব্ৰ প্ৰতাৰণাত ৰাখা হয় এটা মিছা কথা বিশ্বাস কৰিবলৈ যে তেওঁলোকে নৰকভোগৰ শাস্তি পাব পাৰে, তাৰ প্রতিনিধি, তেওঁৰ পিচতেই পৰ্যায়ত সর্বোচ্চ, হৈছে যন্ত্ৰচালক আৰু তাৰ প্ৰতিনিধিবোৰৰ আন সকল, বিভিন্ন পদত নিযুক্ত, যেনে তেওঁলোকক তাৰ প্ৰয়োজন, আৰু তেওঁলোক সকলোৱে বজ্ৰ বেগেৰে চিৰ দুঃখ ভোগলৈ গৈ আছে। মই দূত জনক সোধিলো কোনোৱে বাকী আছিল নে নাই। তেওঁ মোক বিপৰীত দিশত দেখিবলৈ নিৰ্দেশ দিলে আৰু মই দেখিলো এটা আৰু দলে এটা ঠেক পথত ফুৰি আছে। সকলোকে দৃঢ়তাৰে একেলগ হোৱা আৰু সত্যেৰে বন্ধনত আবদ্ধ হোৱা যেন লাগিল। GCam 157.2

এই সৰু দলটোক উদ্বেগপূর্ণ দেখালে, যেন তেওঁলোকে অত্যন্ত যাতনা আৰু বিবাদ বোৰৰ মাজেদি পাৰ হৈছিল। অৰু এইটো যেন লাগিল যে ডাৱৰৰ পাচফলেৰ পৰা এইমাত্র বেলিৰ আবিৰ্ভাৱ হৈছিল আৰু তেওঁলোকৰ চেহেৰাত উজলিল, আৰু তেওঁলোকক জয়োল্লাসিত দেখোৱাটো ঘটালে, যেন তেওঁলোকৰ জয় লাভ কৰাটো প্ৰায় হৈ গৈছিল। GCam 158.1

মই দেখিলো যে ফান্দটো আবিস্কাৰ কৰিবলৈ জগতক প্ৰভুৱে সুযোগ দিছিল। খ্রীষ্টান সকলৰ বাৱে এই বিষয়টো যথেষ্ট প্রমাণ আছিল যদিও আন কোনো প্রমাণ নে থাকে। বহুমূলীয়া আৰু অধমৰ মাজত কোনো প্রভেদ কৰা নহয়। GCam 158.2

টমাচ পেইন, যাৰ শৰীৰ ধউলিত ক্রমে ধ্বংস হৈছে, আৰু ১০০০ বছৰৰ শেষত যাক মাতি আনা হব, দ্বিতীয় পুনৰুত্থানত তেওঁৰ পুৰস্কাৰ গ্ৰহণ কৰিবলৈ আৰু দ্বিতীয় মৃত্যু ভোগ কৰিবলৈ, তেওঁক চয়তানৰ দ্বাৰা বুজোৱা হব স্বৰ্গত আছে বুলি আৰু আতাত যেন অতিশয় প্রশংসিত। চয়তানে তেওঁক পৃথিৱীত ব্যবহাৰ কৰিল যেতিয়া লৈ সি পাৰিলে। আৰু এতিয়া সেই টমাচ পেইনক পোৱাৰ ছলেৰে একেই কাম চলাই গৈছে যে তেওঁ ইমানেই প্রশংসিত আৰু সন্মানিত, আৰু যেনে সি পৃথিৱীত শিকোৱালে, চয়তানে এইটো বুজাই আছে যে সি স্বৰ্গত শিকোৱাই আছে। আৰু পৃথিৱীত কিছুমানে যি বিলাকে তেওঁৰ জীৱন ও মৃত্যুৰ ফালে, আৰু যেতিয়া তেওঁ জীয়াই আছিল তেওঁৰ ভ্ৰষ্ট শিক্ষা সমূহৰ ফালে ঘৃণাৰে দৃষ্টি দিছে, এতিয়া তেওঁৰ দ্বাৰা শিক্ষা প্রাপ্ত হবলৈ সৈমান হৈছে, যি মানুহ বিলাকৰ মাজতে আটাইতকৈ অধম আৰু অত্যন্ত অনাচাৰী আছিল, এনেকোৱা এজন যি ঈশ্বৰ আৰু তেখেতৰ বিধিক হেয় কৰিলে। সি যি জন হৈছে মিছামাতৰ পিতৃ, ধৰ্ম প্ৰচাৰক বিলাকৰ হৈ কথা কোৱাৰ বাৱে তাৰ দূত বিলাকক পঠিওৱাৰে জগতক নে দেখা আৰু প্ৰতাৰণা কৰে আৰু এইটো বুজায় যে তেওঁলোকে নুই কৰে যি তেওঁলোকে পৃথিবীত থকা অৱস্থাত কৈছিল, যিটো পবিত্র আত্মাৰ দ্বাৰা হুকুম কৰা হৈছিল। এই মিছলীয়া দূতবিলাকে ধৰ্মপ্ৰচাৰকসকলক তেওঁলোকৰ নিজৰ শিক্ষা সমূহ দূষিত কৰিবলৈ বাধ্য কৰায় আৰু সেইবোৰ অপকৃষ্ট বুলি ঘোষণা কৰে। সেইটো কৰি সি জনা বুজা খ্ৰীষ্টান সকলক, যিবিলাকৰ জীয়াই থাকিবলৈ এটা নাম আছে কিন্তু মৃত, আৰু গোটেই জগৎ খনক ঈশ্বৰৰ কথাৰ বিষয়লৈ অনিশ্চয়তাত নিক্ষেপ কৰে, কাৰণ সেইটো পোনে পোনে তাৰ বাটৰ ভিতৰৈ দি যায়, আৰু সম্ভবপৰ তাৰ পৰিকল্পনাবোৰ বিফল কৰিব। এতেকে সে তেওঁলোকক বাইবেলৰ স্বৰ্গীয় উৎপত্তিটো সন্দেহ কৰিবলৈ আগ বঢ়ায় আৰু তাৰ পিচতে নাস্তিক টমাচ পেইনক থিয় কৰায়, যেন তেওঁক স্বৰ্গলৈ আবঢ়াই নিয়া হল যেতিয়া তাৰ মৃত্যু হল, আৰু সেই পবিত্ৰ ধৰ্ম প্ৰচাৰক বিলাকৰ সৈতে পৃথিবীত যি সকলক সি ঘৃণা কৰিল, একেলগ হয় আৰু জগতক শিক্ষা দি আছে যেন লাগ। GCam 159.1

তাৰ দূতবিলাকৰ প্ৰতিজনক চয়তানে তেওঁলোকৰ নিজৰ নিজৰ কাম কৰিবলৈ নিৰ্দেশ কৰে। সি তেওঁলোকক ফুট মনিয়াৰ, টেম্বৰ আৰু সিয়ান হবলৈ আদেশ দিয়ে। তেওঁলোকৰ কিছু মানক সি ধৰ্মপ্ৰচাৰক বিলাকৰ ভাও লবলৈ আৰু তেওঁলোকৰ হৈ কথা কবলৈ, যেতিয়া আন সকলক নাস্তিক আৰু দুষ্ট মানুহ বিলাকৰ ভাও লবলৈ নিৰ্দেশ দিয়ে, যি বিলাকে ঈশ্বৰক শাপ দি মৰিল, কিন্তু এতিয়া বৰ ধাৰ্ম্মিক যেন লাগে। অত্যন্ত পবিত্র ধৰ্ম প্ৰচাৰক বিলাক আৰু আটাইতকৈ নাস্তিকৰ মাজত কোনো প্ৰভেদ ৰাখা ন হয়। তেওঁলোকে উভয়কেই একেই বিষয়ত শিক্ষা দিবলৈ আগ বঢ়োয়া হয়। এইটো কোনো কথায়ে ন হয় কাক চয়তানে কবলৈ আগ বঢ়ায়, মাথোন যদি তাৰ উদ্দেশ্যে সিদ্ধি হয়। পৃথিৱীৰ ওপৰত পেইনৰ সৈতে ইমানেই অন্তৰস্থ হৈ লগ লাগিল আৰু এনেকৈ তাক সহায় কৰিল যে, ঠিক কোন কথাবোৰ সি ব্যৱহাৰ কৰিল আৰু তাৰ অনুৰক্ত সন্তানবোৰৰ এজন, যে বিশ্বস্তরূপে তাৰ সেৱা কৰিল, আৰু এনে ভালদৰে তাৰ উদ্দেশ্যে বোৰ সিদ্ধ কৰিল। ঠিক তাকেই হাতৰ লেখা জনা তাৰ বাৱে এটা উজু কথা। চয়তানে তাৰ লেখসমূহৰ বেছিৰ ভাগেই আজ্ঞা কৰিল। আৰু এতিয়া তাৰ দূতবিলাকৰ যোগেদি ভাবৰ হুকুম কৰা, আৰু সেইটো টমাচ পেইনৰ যোগেদি আহে বুলি যেন লগা এটা উজু কথা, যি তাৰ অনুৰক্ত সেৱক আছেল যেতিয়া জীয়াই আছিল। কিন্তু এইটো হৈছে তাৰ উৎকৃষ্ট ৰচনা কোম্য। এই বোৰ শিক্ষা ধৰ্ম প্ৰচাৰক বিলাক, সিদ্ধ পুৰুষ সকল আৰু দুষ্ট মানুহবিলাকৰ পৰা যেন বুজোৱা হয় যি বিলাকৰ মৃত্যু হৈছে, পোনে পোনে তাৰ পিশঁচিয়া গৌৰৱৰ পৰা আহে। GCam 160.1

এইটো চয়তানৰ সকলো ঢাকখোৱা, নিগুঢ় কামবোৰৰ প্ৰতি প্রত্যেক মনৰ পৰা আৱৰণখন আঁতৰাই লবলৈ যথেষ্ট হোৱা উচিত। যে সি এনেকোৱা এজনক পাইছে যাক সিমানেই ভাল পাইছিল, আৰু যি ইমান সম্পূর্ণরূপে ঈশ্বৰক, পবিত্ৰ ধৰ্ম্ম প্ৰচাৰক বিলাক আৰু গৌৰৱত থকা দূত বিলাকৰ সৈতে ঘৃণা কৰিল, কাৰ্য্য মতে জগৎ আৰু নাস্তিক বিলাকৰ উদ্দেশ্যে কৈছে, তুমি কেনেকোৱা দুষ্ট সেইটো কোনো কথা নহয়(, কোনো কথায়েইন হয় তুমি ঈশ্বৰ বা বাইবেলত বিশ্বাস কথা নে নহয়, বা অবিশ্বাস কৰা, যেনে ইচ্ছা জীৱনটো চলাই যোৱা, স্বৰ্গ হৈছে তোমাৰ ঘৰ(, কাৰণ প্ৰত্যেকেই বুজিব পাৰে যে যদি টমা পেইন স্বৰ্গত আছে আৰু এনেকৈয়ে প্রশংসিত হৈ আছে, তেওঁলোকে নিশ্চয়ই তাত পাবগৈ। এইটো ইমানেই স্পষ্ট যে তেওঁলোকে বিচাৰিলেই দেখিব পাৰে, টমাচ পেইনৰ নিচিনা ব্যত্তিবোৰৰ যোগেদি তাৰ পতনৰ পিচৰ পৰা সি যিটো কৰি আহিছে চয়তানে এতিয়া সেইটোৱে কৰি আছে। সি তাৰ ক্ষমতা আৰু মিছলীয়া বিষ্ময়েৰে খ্রীষ্টানবিলাকৰ অশাৰ ভিতখন ছিঙি দিছে, আৰু সেই বেলি খন নুমাই দিছে যিটো স্বৰ্গলৈ যোৱা সৰু পথত তেওঁলোকক পোহৰ দিব। সি জগতখনক বিশ্বাস কৰোৱাইছে যে বাইবেল কোনো অদৈবাদিষ্ট গল্প কিতাপৰ পৰা অলপো শ্ৰেষ্ঠতৰ নহয়, যেতিয়া তাৰ স্থান লবলৈ, কিবা এটা আগ বঢ়াই দিয়ে, যেনে পাৰমাৰ্থিক প্রকাশসমূহ ! GCam 161.1

ইয়াত আছে এটা পদ্ধতি যিটো সম্পূর্ণরূপে তাৰ নিজৰ প্রতি সমৰ্পিত, তাৰ নিয়ন্ত্ৰণৰ অধীনত, আৰু সি যেনে বিচাৰে। জগতক কৰিব পাৰে। যি পুস্তকখন তাক আৰু তাৰ শিষ্যবিলাকক বিচাৰ কৰিব, ঠিক যত সি বিচাৰে, এন্ধাৰত পাচলৈ হৈছে। জগতৰ ত্ৰাণকৰ্ত্তাক সি এজন সাধাৰণ ব্যক্তিৰ পৰা বেচি কিবা যেন নু বজায়, আৰু যেনে ৰোমীয় চৌকিদাৰ যি যীশুৰ কৱৰক পহৰা দিলে, সেই অপ্রকৃত আৰু মিছা প্রতিবেদনখন বিস্তাৰ কৰিল যে। মুখ্য পুৰোহিত বিলাক আৰু বয়স্ক সকলে তেওঁলোকৰ মুখত ৰাখিল, তেনেকেই কৰে এই ফাঁকি দিয়া পাৰমাৰ্থিক প্রকাশবোৰৰ প্ৰতাৰক শিষ্যবিলাকে দোহাৰিব, আৰু এইটো বুজোৱালৈ চেষ্টা কৰিব, যে ত্ৰাণকৰ্ত্তাৰ জন্ম, মৃত্যু আৰু পুনৰুত্থানত আশ্চৰ্য্যজনক একোৱেই নাই( অৰু তেওঁলোকে বাইবেলৰ সৈতে যীশুক সেই এন্ধাৰত ৰাখে, যত তেখেতে থাকা বুলি তেওঁলোকে বিচাৰে, তাৰ । পিচত তেওঁলোকে জগতক তেওঁলোকৰ ফালে, তেওঁলোকৰ মিছলীয়া অদ্ভুত কামবোৰ আৰু আশ্চৰ্য্য ঘটনাবোৰৰ ফালে দৃষ্টি দিবলৈ বাধ্য কৰায়, যিটো তেওঁলোকে খ্রীষ্টৰ কামবিলাককো চেৰ পেলাই যায়, এইদৰে জগতক ফান্দত পেলোৱা হয় আৰু নিৰ্ভয়তাত নিচুকাই দিলে, তেওঁলোকৰ ভয়লগা প্ৰতাৰণা বিচাৰি নো পোৱাৰ বাৱে, যেতিয়া ন লৈ সাতোটা আপদীয়া বস্তু নিগৰোৱা হয়। চয়তানে হাঁহে যেনে সি দেখে তাৰ পৰিকল্পনা ইমান ভাল দৰে সফল কাম হয়। আৰু গোটেই জগতখনক তাৰ ফান্দত পেলোৱাই GCam 162.1

ইক্লেজিয়েজটেজ ৯:৫( জন ১১:১-৪৫( ২ থেচেলোনিয়াচ ২:৯-১২( দৈববাণী ১৩:৩-১৪ দেখক। GCam 163.1