মহান বিবাদ

4/46

অধ্যায় ৪ - যীশুৰ প্ৰথম আবিৰ্ভাৱ

তাৰ পিছতে মই সেই সময়লৈ আহিলো যেতিয়া যীশু মানুহলৈ ৰূপান্তৰিত হব ধৰিছে, আৰু চয়তানৰ লোভৰ যন্ত্ৰণা ভোগ কৰিছে। GCam 10.1

তেওঁৰ জন্ম হৈছিল এটি আস্তাবলত কোনো সাংসাৰিক জাকজনক অবিহনে। স্বৰ্গৰ পৰা দেবদূত বিলাকে যীশুৰ আবিৰ্ভাৱৰ কথা মেষপালক সকলক জনাইছিল আৰু ভগৱানৰ পৰা অহা পোহৰ আৰু মহিমা ̶̶ ̶ তেওঁলোকৰ কথাৰ প্ৰমাণ দিছিল। নষ্ট পৃথিবী খনৰ শুধৰনিৰ বাৱে পুত্ৰৰ এই আবিভাৱক ভগৱানে আদৰনি জনাইছিল আৰু দেবদূত বিলাকে তেওঁক পূজা কৰিছিল। GCam 10.2

ভগৱানৰ দেবদূত বিলাকে তেওঁৰ শৰণ লগোৱা কাৰ্য্যৰ চাৰি কাষে ভৰি ফুৰিছিল আৰু পবিত্র আত্মা কপৌ চৰাইৰ ৰূপত নামি আহি তেওঁৰ ওপৰত দ্যুতিছটিয়াই দিছিল যত থিয় হৈ থকা মানুহ সকল আচৰিত হৈ গৈছিল। তেতিয়াই প্ৰিয় পুত্ৰৰ বাৱে উদ্বেলিত হৈ উঠা ভগৱানৰ স্বৰ স্বৰ্গৰ পৰা শুনা গৈছিল। GCam 10.3

জন নিশ্চিত নাছিল যে ত্রাণকর্তাৰ তেওঁৰ ওপৰত শৰণাপন্ন হবলৈ জনত আহিছিল। কিন্তু ভগৱানে তেওঁক এটা চিন দিব বুলি প্ৰতিজ্ঞা কৰিছিলে যাৰ দ্বাৰা তেওঁ মেষবালকক জানিব পাৰে। স্বৰ্গীয় কপৌ চৰাইৰ ৰূপত সেই চিনটো যীশুৰ ওপৰত ভৰ কৰিছিল আৰু ভগৱানৰ মহিমা তেওঁৰ চাৰিওকাষে উজ্জ্বল হৈ দেখা দিছিল। জনে যীশুকে নির্দেশ কৰি তেওঁ হাতখন বশেই দিছিল আৰু তীব্র স্বৰে চিঁয়ৰি উঠিছিল, চোৱা এই মেষপালকেই পৃথিবীৰ পৰা পাপ উঠাই লব। GCam 10.4

জন তেওঁৰ শিষ্য সকলক জনাইছিল যে যীশু হৈছে প্ৰতিজ্ঞাবদ্ধ নেচিয়া, পৃথিৱীব ত্ৰাণকৰ্তা। যেতিয়া তেওঁৰ কাম শৈষলৈ আহি আছিল তেতিয়া তেওঁ শিষ্য সকলক যীশুৰ কালে চোৱাৰ কথা শিকোইৱাইছিল আৰু তেওঁক এজন মহান শিক্ষক হিচাবে অনুসৰণ কাৰ কথা কৈছিল। জনৰ জীৱনত আনন্দ নাছিল। তেওঁ যীশুৰ প্ৰথম আবিভাৱৰ কথা ঘোষণা কৰিছিল যদিও তেওঁক আশ্চৰ্য্য ঘটনাবোৰৰ সাক্ষ্য হবলৈ আৰু তেওঁৱে প্ৰদৰ্শন কৰা ক্ষমতাৰ উপভোগ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। GCam 11.1

তেওঁৰ লক্ষ্য পূৰণৰ বাৱে তেওঁপিতা-কৰ কাষ চাপি থকা নাছিল। পৰিনামৰ ভয় ন কৰি তেওঁ পাপৰ নিন্দা কৰিছিল আৰু যীশুৰ বাৱে ৱাট মোকোলাই দিছিল। জনৰ শক্তিশালী আৰু চোকা কথা শুনি হেৰদৰ মনত লাগিচিল, গভীৰ আগ্ৰহৰে সি ৱাট চাই আছিল তেওঁৰ শিষ্য হোৱাৰ বাৱে। জন এই কথাটো জানিছিল যে সি যি কৰিবলৈ ওলাইছিল তাৰ ভায়ে ঘৈনিয়েকক তাইৰ গিৰিয়েক জীয়াই থকা অৱস্থাত তেতিয়া তেওঁ হেৰদক কৈছিল যে সেইটো বিধিসম্মত নহয়। সি তাৰ ভায়েকৰ নৈনীয়েককেবিয়া ব্ৰাইছিল আৰু তাইৰ যোগেৰে জনক কাৰাবন্দী কৰিছিল। শিষ্যসকলে তেওঁক যীশুৰ বাণী শুনাই আশ্বস্ত কৰাৰ পিছতে হেৰদৰ ঘৈনিয়ে কৰ প্ৰভাৱেৰে জনৰ শিৰশ্ছেদ হৈছিল। যীশুৰ অনুসৰণকাৰী কম সংখ্যক শিষ্যসকল এই আশ্চৰ্য্য ঘটনাৰ সাক্ষী হৈ আছিল আৰু তেওঁৰ ওঠৰ পৰা ও লোৱা সাতনা কৰ বাণী শুনিছিল যিটো শৰণকাৰী জনতকৈও বেশী গুৰুত্ব পূৰ্ণ আছিল। সেই বাৱে তেওঁলোক বেশী সম্মানিত বোধ কৰিছিল আৰু তেওঁলোকৰ জীৱনত আছিল বেশী আনন্দ। GCam 11.2

যীশুৰ প্ৰথম আবির্ভাব ঘোষণা কৰাৰ বাৱে এলিজা’ৰ আত্মা আৰু ক্ষমতাৰ ৰূপত জন আহিছিল। ক্রোধৰ দিন আৰু যীশুৰ দ্বিতীয় আবিৰ্ভাৱৰ প্ৰচাৰ কৰিবলৈ এলিজাৰ ৰূপ অনুসৰণ কৰা সকলোক জন প্রতিনিধিত্ব কৰিছিল। GCam 12.1

জর্দনত যীশুৰ শৰণ লগোৱা হৈ যোৱাৰ পিছত তেওঁক আত্মায়ে চয়তানৰ লোভৰ প্ৰকোপত অহাৰ কাৰণে হাবিত লৈ গেছিল। তাৰ বাৰে তেওঁক পবিত্র আত্মায়ে যোগ্য কৰি তুলিছিল। চল্লিশ দিন ধৰি তেওঁ চয়তানৰ প্ৰকোপত পৰি একোৱাই খোৱা নাছিল। তেওঁ বন্য পশু সকল আৰু চয়তানৰ সৈতে এটা নির্জন ঠাইত আছিল। উপবাস আৰু যন্ত্ৰণাৰ মাজত থাকিলেও লক্ষ্যৰ পৰা ভগবানৰ পুত্ৰ বিচ্ছিন্ন হোৱা নাছিল। GCam 12.2

চয়তানে ভগৱান পুত্ৰৰ যন্ত্ৰণাৰ পৰা সুবিধা লৈ তেওঁৰ ওপৰত বিজয়ী হোৱাৰ আশা কৰিছিল, কিন্তু স্বৰ্গীয় ক্ষমতাৰে যীশু তাৰ সকলো প্ৰকাৰৰ প্ৰচেষ্টা ব্যর্থ কৰিছিল। তেওঁৰ ভগৱানৰ পুত্ৰ হোৱা লৈ চয়তান যীশুৰ সৈতে বিবাদত লিপ্ত হবলৈ বিচাৰি আছিল। তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাৰ প্ৰতি মই বৰ সন্তুষ্ট ̶ ̶ এই কথা খিনি যন্ত্ৰণাৰ মাজতো যীশুক আর্থস্ত কৰেছিল। যীশুৰ কত্তৃত্বত অনিচ্ছা প্রকাশ কৰাৰ বাৱে চয়তানক স্বৰ্গৰ পৰা উলিৱাই দিয়া হৈছিল। GCam 12.3

চয়তান তাৰ শক্তি প্ৰদৰ্শনৰ বাৱে যীশুক জেৰুজালেমলৈ লৈ গৈছিল আকৌ তেওঁক প্ৰলোভিত কৰিছিল যাতে তেওঁ ভগৱানৰ পুত্ৰ হোৱাৰ প্ৰমাণ দিব পাৰে। চয়তানৰ আকাংখা অনুসাৰে যীশুক তেওঁৰ পিতা কৰা দয়াৰ পৰা আঁতৰাৰ আৰু তেওঁৰ লক্ষ্য পূৰ্ণ হোৱাৰ পূৰ্বেই তেওঁৰ জীৱন দান দিয়াটো বিচাৰিছিল। সি আশা কৰিছিল যে মুক্তিৰ পৰিকল্পনাটো ব্যর্থ হব, কিন্তু মই বুজিছিলো যে এইটো ইমান দূৰলৈ আগবাঢ়ি গৈছিল যে নষ্ট কৰাৰ কোনো প্ৰচেষ্টাই চয়তানৰ বাৱে সম্ভব নাছিল। GCam 13.1

মই এইটো বুজিছিলো যে খ্ৰীষ্টিয় সকল প্ৰলোভিত হোৱাৰ সময়ত বা সিঁহতৰ হকলৈ বিবাদ হলে যীশু উদাহৰণ স্বৰূপ দেখা দিছিল। তেওঁলোকৰ ভবা উচিত নহয় যে ভগৱানৰ শক্তি প্ৰদৰ্শনৰ বাৱে তেওঁৰ কাষ চাপিবলৈ তেওঁলোকৰ অধিকাৰ আছে, আৰু ভগৱানক প্রত্যক্ষ ভাৱে সম্মানিত আৰু মহিমান্বিত কৰা যাব। মই বুজিছিলো যে যীশুৱে চূড়াৰ পৰা নিজক নিক্ষেপ হলে সেইটো তেওঁৰ পিতাক মহিমান্বিত নকৰিলে হেতেন কাৰণ সেই কাৰ্য্যটো চয়তান অৰু দেবদূতৰ বাহিৰে কোনোৱে সাক্ষী না থাকিল হয়। GCam 13.2

চয়তানে তেওঁক এখন উচ্চ পৰ্ব্বতলৈ লৈ গৈ এক মূহুৰ্ততে তেওঁক পৃথিবীৰ গোটেই ৰাজ্য কেই খনক দেখুৱালে। আৰু চয়তানে তেওঁক কলে যে সকলো এই ক্ষমতা আৰু তাৰ গৌৰৱ তেওঁৰে হব যদি তেওঁ চয়তানক পূজা কৰে। তেতিয়া যীশুৰে কলে যে তেওঁ অকল প্ৰভু অর্থাৎ ঈশ্বৰকহে পূজা আৰু সেৱা ৰাৰ বাৱে নিযুক্ত আছে। GCam 14.1

চয়তানে বুজিব পাৰিছিল যে মানুহৰ পুনৰুথানৰ বাৱে যীশুৰ মৃত্যু হলে তাৰ ক্ষমতা শেষ হৈ যাব আৰু তাৰ নাশ হব। সেইবাৱে তাৰ প্ৰচেষ্টা আছিল ভগৱানৰ পূত্ৰই আৰম্ভ কৰা মহান কাৰ্য্যত বিঘিনি ঘটোৱা। মানুহৰ পুনৰুত্থানৰ এই পৰিকল্পনা ব্যর্থ হলে তাৰ দাবী ক্ৰা ৰাজ্যখন পুনৰুদ্ধাৰ কৰিব পাৰিব আৰু স্বৰ্গৰ দেৱতাক বিৰোধ কৰি ৰাজত্ব কৰিব। GCam 14.2

যীশু স্বৰ্গ এৰি আহি তেওঁৰ ক্ষমতা আৰু গৌৰৱ তাতে থৈ অহাত চয়তানে উল্লাসিত হৈছিল। চয়তানে ভাবিলে যে যীশু পিতাকৰ বিৰুদ্ধে তেওঁক প্ৰলোভিত কৰিব পাৰিলে তাৰ উদ্দেশ্য সফল হব। কিন্তু চয়তানৰ সকলো কথাকো আওকান কৰি যীশুৱে যন্ত্ৰণাৰ জীৱন আৰু ভয়ানক মৃত্যুকে বাছি লৈছিল যাতে তেওঁৰ পিতাৰ নিযুক্ত পথেৰে চলি পৃথিৱীৰ আটাই কেইখন ৰাজ্যৰ আইনতঃ উত্ত্বাধিকাৰী হব পাৰে৷ মৃত্যুৰে গ্ৰাস হৈ চয়তানে তেওঁৰ অধীনত আহিব যাতে আৰু কেতিয়াও যীশুক বিৰক্ত কৰিব নোৱাৰে। GCam 14.3