মহান বিবাদ

23/46

অধ্যায় ২২ - উইলিয়াম মিলাৰ

মই দেখিলো যে ঈশ্বৰ তেখেতৰ দূত পঠালে এজন খেতিয়কৰ মনটো লৰাবলৈ যি জনে বাইবেলত বিশ্বাস কৰা নাছিল আৰু ভবিষ্যদ্বাণী বোৰ সন্ধান কৰিবলৈ তেওঁক আগুৱাই নিলে। ঈশ্বৰৰ দূতবিলাকে বাৱে বাৱে তেওঁ লৈ আহি ভবিষ্যতবাণীৰ জ্ঞানৰ দুৱাৰ খন খুলি দিলে যিটো ইমান দিনলৈ ঈশ্বৰৰ মানুহ সকলৰ ওচৰত এন্ধাৰ হৈ আছিল। যিবোৰ কথা তেওঁ অনুপ্ৰেৰণাহীন বুলি ভাবিছিল সিবোৰেই এতিয়া সৌন্দৰ্য্য আৰু গৌৰৱেৰে তেওঁৰ দর্শনৰ আগত খুলি গল। তেওঁ দেখিল যে শাস্ত্রর এটা অংশ আনটোক ব্যাখ্যা কৰিছে। তেওঁ ঈশ্বৰৰ কথাক আনন্দ আৰু অতিকৈ সন্মানেৰে বিবেচনা কৰিল। GCam 106.1

তেওঁ ভবিষ্যদ্বাণী বোৰ অনুসরণ কৰতে দেখিল যে পৃথিবীৰ অধিবাসী সকলে জগত্ৰ বুৰঞ্জীৰ শেষৰ দৃশ্যবোৰত বাস কৰি আছিল আৰু তেওঁলোক এইটো জনা নাছিল। তেওঁ গীর্জাঘৰবোৰৰ দুনীতি লৈ দৃষ্টি দি দেখিল যে যীশুৰ পৰা তেওঁলোকৰ প্ৰেম আঁতৰাই লোৱা হৈছে আৰু জগতৰ সংস্থাপিত হৈছে। তেওঁলোকে ঈৰীয় সম্মানৰ পৰিবর্ত্তে সাংসাৰিক সন্মান বিচাৰি আছিল। তেওঁ সৰ্ব্বত্রই ভণ্ডামি এন্ধাৰ আৰু মৃত্যুৰ দেখা পালে। তেওঁৰ ভিতৰৰ আত্মাটো লৰি উঠিল। ঈশ্বৰ তেওঁক মাতি তেওঁৰ খামাৰ এৰিব কলে যেনে এলিচাক কৈছিল তেওঁৰ যাঁঢ় আৰু খেতি পথৰে খন হবে এলিজাক অনুসৰণ কৰিবলৈ। কঁপি কঁপি মানুহবিলাকৰ আগত উইলিয়াম মিলাৰে ঈশ্বৰৰ ৰাজত্বখনৰ ৰহস্যবোৰ খুলিবলৈ আৰম্ভ কৰিল। প্ৰতিখন প্রচেষ্টাৰ সৈতে তেওঁ শক্তি লাভ কৰিল। যেনে জন মানুহ বিলাকৰ আগত যীশুৰ প্ৰথম আবিৰ্ভাবৰ কথা কৈছিল, ঠিক তেনেদৰেই উইলিয়াম মিলাৰে ঈশ্বৰৰ পুত্ৰৰ দ্বিতীয় আবির্ভাৰৰ কথা ঘোষণা কৰিল। GCam 106.2

ঈশ্বৰে তেখেতৰ প্ৰিয় জনক এটা বিশেষ কাম সম্পন্ন কৰিবলৈ দিছিল। চয়তানে এই কামটোত বাধাদিবলৈ আৰু জনক। ধ্বংস কৰাৰ বাৱে তাৰ দাসবোৰক আগুৱাই নিলে। কিন্তু ঈশ্বৰৰ তেখেতৰ পঠিৱাই বিষ্ময়েৰে তেওঁক ৰক্ষা কৰিল। যি সকলে জনৰ মুক্তি ঈশ্বৰৰ মহা ক্ষমতাৰ প্ৰদৰ্শন হোৱা সাক্ষ্য কৰিল, আচৰিত হৈ গল আৰু বহুতোৱে অশ্বস্ত হল যে ঈশ্বৰ তেওঁৰ লগত আছিল আৰু তেওঁ বহন কৰা যীশু সম্বন্ধীয় প্রমাণটো আছিল শুদ্ধ। যি সকলে তেওঁক ধ্বংস কৰিব বিচাৰিল আকৌ তেওঁলোকে তেওঁৰ জীৱন লোৱাৰ চেষ্টা কৰিবলৈ ভীত হল। তেওঁক যীশুৰ বাৱে যাতনা ভোগ কৰিবলৈ অনুমতি দিয়া হৈছিল। শত্ৰুবিলাকে তেওঁক মিছাকৈ দোষাৰোপ কৰাৰ ফলত এটা নিৰ্জন দ্বীপত তেওঁৰ নিবাসিত হৈছিল। যত প্ৰভুৱে তেখেতৰ দূতক পঠিৱালে তেওঁৰ ওচৰত সেই কথাবোৰ প্ৰকাশ কৰিবলৈ যিবোৰ পৃথিবীৰ বুকুত সংঘটিত হব আৰু গীৰ্জাঘৰৰ অৱস্থা শেষলৈ কেনেকুৱা হব আৰু এৱা ঈশ্বৰক সন্তুষ্ট কৰা হলে এটা বিশেষ স্থান গ্রহণ কৰি জয়ী হব। স্বৰ্গৰ পৰা প্ৰতাপেৰ অহা দূত জনৰ ওচৰত ঈশ্বৰৰ গীৰ্জাঘৰ সম্বন্ধীয় গভীৰ আকর্ষনীয় দৃশ্য বোৰ প্ৰকাশ কৰিল আৰু তেওঁৰ আগত ক‘লে বিপদ জনক সংঘর্ষবোৰৰ কথা যি বোৰ তেওঁলোকক সহ্য কৰিব লাগিব। দূতজনৰ চেহেৰা খন আনন্দেৰে জ্বলি উঠিল আৰু তেওঁ অত্যাধিক গৌৰৱান্বিত হল যেতিয়া তেওঁ জনক ঈশ্বৰৰ গীৰ্জাঘৰৰ শেষ বিজয় দেখালে। এই বিজয়েৰে বৰকৈ আনন্দিত আৰু গৌৰবান্বিত হৈ জন ভক্তি আৰু শ্ৰদ্ধাৰে দূতজনৰ ভৰিব ওপৰত পৰি তেওঁক পূজা কৰিল। দূতে ততালিকে তেওঁক মৃদু তিৰস্কাৰ দি কলে, চোৱা, এনেবিধৰ কাম ন কৰিবা, মই তোমাৰ সহসেৱক আৰু তোমাৰ যি ভ্রাতৃসকল যীশুৰ সাক্ষ্যধৰি ৰাখে তেওঁলোকৰ ও সহসেৱক। ঈশ্বৰক পূজা কৰা কাৰণ যীশুৰ যি সাক্ষ্য সেইটোৱে ভবিষ্যদ্বাণীৰ আত্মা। দূতে তাৰ পিছত জনক ইয়াৰ সকলো ঐশ্বৰ্য্য আৰু উজ্জ্বল গৌৰৱেৰে স্বৰ্গীয় নগৰ খনক দেখলে। এয়া চাই জনে বৰকৈ অভিভূত হৈ গল। GCam 107.1

ধৰ্ম্ম প্ৰচাৰক আৰু মনুষ্য জাতিয়ে গ্ৰন্থখনৰ প্ৰকাশ কৰা অংশটাক পবিত্র শাস্ত্রখনৰ আন অংশ বোৱতকৈ ৰহস্যময় আৰু কম গুৰুত্বপূৰ্ণ বুলি দৃষ্টি দিলে। কিন্তু মই দেখিলো যে এই গ্ৰন্থখন সঁচাকেই সেই সকলৰ বিশেষ উপকাৰৰ বাৱে দিয়া এটা প্ৰকাশ যি সকলক তেওঁলোকৰ প্ৰকৃত স্থান আৰু কৰ্তব্য নিদ্ধাৰণৰ বাৱে শেষৰ দিন বোৰত বাস কৰিব লাগে। ভবিষ্যতবাণী বোৰলৈ লক্ষ্য ৰাখি ঈশ্বৰ উইলিয়াম মিলাৰক মনটো আগুৱাই নিলে আৰু প্ৰাকশৰ গ্ৰন্থখনৰ বাবে বিশেষ পোহৰ দিলে। GCam 108.1

দেনিয়েলৰ দর্শন বুজিব পৰা হলে মনুষ্য জাতিয়ে আৰু ভালদৰে জনৰ দৰ্শন বুজিব পাৰিলে হেতেন। কিন্তু ঠিক সময়ত, ঈশ্বৰ তেখেতৰ মনোনীত সেৱকেৰে তেওঁৰ স্পষ্টতা আৰু পবিত্ৰ আত্মাৰ ভবিষ্যতবাণী বোৰ মুকলি কৰিল আৰু দেনিয়েল আৰু জনৰ দৰ্শৰ আৰু বাইবেলৰ আন অংশবোৰৰ মাজত থকা একতা দেখুৱালে। তেওঁ আকৌ মানুহ বিলাকক ঈশ্বৰৰ পুত্ৰৰ আগমনৰ বাৱে প্ৰস্তুত হবলৈ সকীয়াই দিলে। এতেকে ধৰ্ম্মচিন্তে মানুহ বিলাক, পাপীসকল আৰু বাকী সকলোৱে বিচাৰ সভাত থিয় হবলৈ প্রস্তুতিকৰণৰ বাৱে প্ৰভুৰ কাষ চাপিল। GCam 109.1

ঈশ্বৰৰ দূতবিলাকে মিলাৰৰ সঙ্গী হল তেওঁৰ নিমিত্য সফল কৰাৰ বাৱে। তেওঁ আছিল দৃঢ় আৰু নিৰ্ভয়। তেওঁৰ আস্থাত থকা বাণীবোৰক তেওঁ সাহসেৰে ঘোষণা কৰিল। যদিও ঘোষণাকাৰী খ্ৰীষ্টান সকল আৰু জগতৰ বিৰোধিতাৰ সন্মুখীন হৈছিল। আৰু চয়তান আৰু তাৰ দূতবিলাকে তেওঁক বিপথে চলা যোৱাৰ চেষ্টা কৰিলেও তেওঁ জনতাক চিৰকালৰ ধৰ্মমত প্রচাৰ ন কৰিল যতেই তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল, তেওঁ চিঞৰি কলৈ, ঈশ্বৰক ভয় কৰা আৰু তেখেতক মহিমা প্ৰদান কৰা কাৰণ বিচাৰৰ সময় আহি গৈছে। GCam 109.2

১ ৰজাবিলাক ১৯১ ডেনিয়েল অধ্যায় ৭-১২, দৈববাণী অধ্যায় ১, ১৪:৭, ১৯:৮-১০, ২২:৬-১০, দেখক। GCam 109.3