মহান বিবাদ

21/46

অধ্যায় ২০ - ধৰ্ম্ম সংস্কাৰ

নানা বিধৰ উৎপীড়ন আৰু সিদ্ধ পুৰুষ সকলক মৃত্যু মুখত ঠেলি দিয়া হলেও জীয়া সাক্ষ্য সমূহক প্ৰতিখন ঠাইতে উত্থান কৰোৱা হৈছিল। ঈশ্বৰৰ দূতবিলাকে এন্ধাৰ হোৱা ঠাই বোৰত আন্ধাৰৰ পৰাই প্রকৃত সমানুহবিলাকক মনোনীত কৰি আছিল। তেওঁলোকে ভুলত মেৱাই থাকিলেও ঈশ্বৰ তেওঁলোকক বাছি ললে যেনে তেখেতে চালক বাছিছিল ততোখতৰ পাত্ৰ হিচাপে সত্য বহন কৰিবলৈ, তেখেতৰ হৈ প্ৰচাৰ কৰা মানুহ বিলাকৰ পাপৰ বিৰুদ্ধে আওয়াজ উঠাবলৈ। ঈশ্বৰৰ বাণীৰ জীয়া প্ৰমানটোত জোৰ দিবলৈ ঈশ্বৰৰ দূতবিলাকে মার্টিন লুথাৰ, মেলাংকথন আৰু আন সকলক বিভিন্ন ঠাইত লৰাই দিলে। শত্ৰু আহিছিল বানপানীৰ দৰে আৰু তাক বাধা দিবলৈ স্তৰটো অবশ্যেই বঢ়াব লাগিছিল। লুথাৰক মনোনয়ন কৰা হৈছিল। সাহসেৰে পতিত গীৰ্জাঘৰৰ ৰোষৰ বিৰূদ্ধে। থিয় দিবলৈ আৰু তেওঁলোকৰ পেচাৰ প্ৰতিবিশ্বস্ত সেই কম সংখ্যকৰ শক্তি বঢ়াবলৈ। তেওঁ সদায়ে ঈশ্বৰক অপমান কৰিবলৈ ভয় কৰিছিল। তেওঁকামৰ যোগেদি ঈশ্বৰৰ অনুগ্রহ পাবলৈ চেষ্টা কৰিল, কিন্তু তেওঁ সন্তুষ্ট নাছিল যেতিয়ালৈ এটা স্বৰ্গীয় পোহৰ তেওঁৰ মনৰ পৰা এন্ধাৰ গুচাই দিলে আৰু তেওঁক বিশ্বাস কৰাবলৈ আণ্ডাই নিলে, কামবোৰত নহয় কিন্তু খ্রীষ্টৰ তেজৰ গুণবোৰৰ আৰু ঈশ্বৰৰ ওচৰত নিজকে অহাৰ বাৱে, কোনো পোপ বা অনুগামীৰ যোগেদি নহল অকল যীশু খ্ৰীষ্টৰ যোগেদিহে কিমান মহামূল্য আছিল লুথাৰৰ এই জ্ঞান! এই নতুন জ্ঞানৰ যোগেদি আটাইতকৈ ও শক্তিশালী সাংসাৰিক সম্পত্তিৰ পৰাও ওপৰত থকা তেওঁৰ কুসংস্কাৰক গুচাই দিছিল। সৌন্দৰ্য্য আৰু জীৱন ন থকা বুলি ভাৰি পবিত্র গ্রন্থখনক ভয় কৰিলেও একোৱে তেওঁক এইখন পঢ়াৰ পৰা দূৰত ৰাখিব নোবাৰিলে। তেওঁ মৃত্যুক ভয় কৰিছিল। কিন্তু ঈশ্বৰৰ বাণীটো পঢ়াৰ পিছত তেওঁৰ সকলো শংকা দূৰ হল আৰু ঈশ্বৰৰ প্ৰশংসা তেওঁৰ সকলো সন্দেহ দূৰ হল আৰু ঈশ্বৰৰ প্ৰশংসা কৰি তেওঁৰ প্ৰেমত পৰিল। তেওঁ নিজৰ বাৱে ঈশ্বৰৰ বাণীটো অনুসন্ধান কৰিল। তেওঁ ইয়াৰ পৰা মূল্যবান সম্পদবোৰ উপভোগ কৰিল। আৰ পিচলৈ এয়া গীর্জাঘৰখনৰ বাৱে অনুসন্ধান কৰিল। তেওঁ সেই সকলৰ পাপ সমূহ লৈ বিৰক্ত হৈছিল। যি সকলক তেওঁ মুক্তিৰ বাবে বিশ্বাস কৰিছিল। তেওঁ বহুতোকে একেই এন্ধাৰত ঘেৰি থকা দেখিলে যিটোৱে তেওঁক ঢাকি থৈছিল। তেওঁ উৎকণ্ঠিত হৈ তেওঁলোকক যীশু খ্ৰীষ্টলৈ যোৱাৰ নিৰ্দেশ দিয়াৰ এটা সুযোগ বিচাৰিলে কাৰণ তেখেতেই অকল জগত্ৰ পাপ সমূহ আতঁৰ কৰিব পাৰে। তেওঁ ঈশ্বৰৰ মহিমাৰ প্ৰকৃত ঐশ্বৰ্য্যবোৰ তেওঁলোকৰ মনত খুলি দিবলৈ আৰু যীশু খ্রীষ্টৰ যোগেদি মুক্তিৰ উৎকৰ্ষ সাধন কৰিবলৈ ইচ্ছা জাহিৰ কৰিল। তেওঁ পবিত্র আত্মাৰ ক্ষমতাকে গীর্জাঘৰৰ নেতা সমূহৰ বিৰূদ্ধে চলি থকা পাপৰ বাৰে চিঞৰি উঠিল আৰু পুৰোহিত বিলাকৰ পৰা প্ৰচণ্ড বিৰোধিতাৰ GCam 98.1

সম্মুখীন হলেও তেওঁৰ সহজ কাম ন গলে। কাৰণ তেওঁ দৃঢ়তাৰে ঈশ্বৰৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰিল আৰু আগ্ৰস্ত হৈ জয়ৰ বাৱে তেখেতক বিশ্বাস কৰিল। তেওঁ সংগ্ৰাম খন আগুৱাই নিয়াত তেওঁ পুৰোহিত বিলাকৰ ৰোষত পৰিল। তেওঁলোকে ধৰ্ম্ম সংস্কাৰটো বিচৰা নাছিল। তেওঁলোকে সীমাহীন আৰাম আৰু আনন্দৰ মাজত থাকি, বেৱা কামবোৰ চলাই থাকি গীর্জাঘৰ খন এন্ধাৰত থকাটোহে বিচাৰিল। GCam 100.1

মই দেখিলো যে লুথাৰে উৎসাহ আৰু সাহসেৰে পাপৰ নিন্দা কৰি সত্যৰ কৰে চাপিলে। তেওঁ বুজিব পাৰিলে যে বদমাচ আৰু দুষ্টমানুহবোৰতকৈও শক্তিশালী এজন তেওঁৰ সৈতে আছিল। তেওঁৰ সকলো বিধৰ গুণ আছিল যদিও ঈশ্বৰ তেওঁৰ ধৰ্ম্ম সংস্কাৰৰ কামত তেওঁক সহায় কৰাৰ বাৱে তেওঁৰ ঠিক বিপৰীত চৰিএৰ মেলাংখনক লগাই দিলে। তেওঁ ঈশ্বৰৰ প্ৰিয় পুত্ৰ আছিল আৰু শাস্ত্ৰত তেওঁৰ বৰকৈ জ্ঞান আছিল। তেওঁৰ বিচাৰ ক্ষমতা আৰু জ্ঞানবোধ আছিল উচ্চখাপৰ। লুথাৰৰ দৰে একেই আছিল ঈশ্বৰৰ কামৰ প্ৰতি তেওঁৰ প্ৰেম। লুথাৰ আৰু মেলাংকথন এই দুয়ো হৃদয়ক প্ৰভুৱে লগ লগোয়াত, এই দু’জনে কেতিয়াও বেলেগ হৈ যাব নোৱৰা মিত্ৰ হৈ গল। এজনে কোনৰ পৰিপূৰক আছিল যত বিপদত এজনে আনজন সহায় কৰিলে। ইয়াৰ পিচলৈ মাক লৈ যোৱা হল ধৰ্ম প্ৰচাৰক সকলৰ দিবোৰত যত মই দেখিলো যে ঈশ্বৰ সঙ্গী হিচাপে ব্যগ্ৰ আৰু উৎসাহী পিটাৰ আৰু নম্র বিনীত জনক মনোনীত কৰিল। কেতিয়াবা উদ্বিগ্ন হৈ উৎসাহ আৰু ব্যগ্ৰতাৰে আগ বাঢ়ি গ’লেও প্ৰেৰক শিষ্যবিলাকে পিটাৰেক প্রায়শঃ দমালেও এইটোৱে তেওঁক শোধন কৰা নাছিল। তেওঁৰ প্রভুক অস্বীকাৰ কৰাৰ পিছত পিটাৰে অনুতপ্ত হৈ ধৰ্মান্তৰিত হৈছিল। এতিয়া তেউৰ প্ৰয়োজন আছিল। অকল জনৰ মৃদু সতর্কীকরণ তেওঁৰ ব্যগ্ৰতা আৰু উৎসাহ জমাবেলৈ। খ্রীষ্টৰ লক্ষ্য সফল ন হল হেতৈন এইটো অকল জনক এৰি দিয়া হল। পিটাৰৰ উংসাহৰ প্রয়োজন আছিল। তেওঁৰ সাহসিকতা আৰু শক্তি প্রায়শঃ তেওঁলোকৰ কষ্টৰ পৰা উদ্ধাৰ কৰি তেওঁলোকৰ শত্ৰু বোৰক শান্ত কৰিলে। জন আছিল মনেমোহা। তেওঁ খ্রীষ্টৰ লক্ষ্যলৈ বহুতোকে সহায় কৰিলে তেওঁৰ ধৈর্যশীল সহিষ্ণুতা আৰু গভীৰ আসক্তিৰে। ৰোমীয় গীর্জা ঘৰ খনত চলি থকা পাপসমূহ বিৰোধিতা কৰাৰ বাৰে ঈশ্বৰে মানুহবিলাকক থিয় কৰালে আৰু ধৰ্ম্মসংস্কাৰৰ কামটো আগুৰাই নিলে। চয়তানে এই জীয়া সাক্ষ্য বোৰক নাশ কৰিবলৈ বিচাৰিলে কিন্তু ঈশ্বৰে তেওঁলোকত চাৰিও কাষে এটা বেৰা লগাই দিলে। কিছু সংখ্যকে চেষ্টা কৰিলেও পোপ, পুৰোহিত আৰু ৰজাবিলাকৰ পাপৰ বিরূদ্ধে থিয়দি ঈশ্বৰৰ গৌৰবান্বিত কৰাৰ বাবে আটাইতকৈ ক্ষমতাশালী মানুহ দুজন হল লুথাৰ আৰু মেলাংকথন। মনোনীত এই দুজনৰ যোগেদি পোহৰৰ ৰমিবোৰ এন্ধাৰ গুচাবলৈ আৰম্ভ কৰিল আৰু বহুতোৱে আনন্দেৰে এয়া গ্ৰহণ কৰি চলিবলৈ ধৰিল। যেতিয়া এজন লাক্ষ্যক হত্যা কৰা হৈছিল, দু’জন বা বেচি সাক্ষ্যৰ উত্থান হৈছিল তেওঁৰ স্থান পূৰাৱাৰ বাৱে। GCam 100.2

কিন্তু চয়তানে সন্তুষ্ট হোৱা নাছিল। তাৰ ক্ষমতা আছিল অকল দেহৰ অপৰতেই। সি বিশ্বাসী সকলক তাৰ বশত আনিব পৰা নাছিল। আনকি মৃত্যু কালতো তেওঁ লোকে জয়োল্লাস কৰিল ন্যায়ৰ পুনৰুত্থানত সমৰত্বৰ উজ্জ্বল আশাৰ সৈতে। তেওঁলোকে খ্রীষ্টিয় অস্ত্রসস্ত্ৰৰে যুদ্ধৰ বাৱে সাজু হৈছিল, অকল ধাৰ্ম্মিক শত্ৰুবোৰৰ সৈতে নহয় কিন্তু মানুহৰ ৰূপত চয়তানৰ বিৰূদ্ধেও বাৰ অবিৰাম কান্দোন আছিল তোমালোকৰ বিশ্বাস ত্যাগ কৰা ন হ’লে মৰি যোৱা। সেই কম সংখ্যক খ্ৰীষ্টান আছিল ঈশ্বৰ বলীয়ান। যদিও তেখেতৰ লক্ষ্যত আছিল কাপুৰুষ। যেতিয়া গীর্জা ঘৰখন উৎপীড়িত হৈছিল তেওঁলোকে সংযুক্ত আৰু মৰমিয়াল আছিল। পাপীবোৰক একেলগ হবলৈ অনুমতি দিয়া হোৱা নাছিল। খ্রীষ্টিৰ বাবে সকলো খিনি উৎসর্গ কৰিবলৈ পাৰা সকলেৰে তেখেতৰ শিষ্য হবলৈ পাৰিলে হয়। তেওঁলোক দুখীয়া বিনীত আৰু খ্ৰীষ্টৰ দৰে হব লৈ ইচ্ছা কৰিলে। GCam 102.1

লিউক ২২:৬১-৬২, জন ১৮:১০, এক্টচ্ অধ্যায় ৩ আৰু ৪, অতিৰিক্ত পাৰৰ বাৱে বিশ্বাকোষত ‘ধৰ্ম্ম সংস্কাৰ’ দেখক। GCam 102.2