মহান বিবাদ

19/46

অধ্যায় ১৮ - অসমতাৰ ৰহস্য

সদায়েই এইটোৱে চয়তানৰ পৰিকল্পনা আছিল যে মনুষ্য জাতিৰ মনটো যীশুৰ পৰা মানুহলৈ ঘুৰাই নি ব্যক্তিগত দায়িত্ববোৰ নাশ কৰা। চয়তানে ঈশ্বৰ পুত্ৰক প্ৰলোভন দেখুৱালৈ ব্যর্থ হলেও পিচলৈ সফল হ’ল যেতিয়া সি পতিত মানুহৰ কাষ চাপিল। খ্রীষ্টান ধৰ্ম্মৰ শিক্ষাটো দূষিত হোৱাত পোপ আৰু পুৰোহিত সকলে মনুষ্য জাতিক খ্ৰীষ্টৰ পৰিবর্ত্তে তেওঁলোকলৈ দৃষ্টি দিবলৈ ক’লে সিঁহতৰ পাপ আঁতৰাবলৈ। বাইবেল খন সিঁহতৰ পৰা আঁতৰাই ৰখা হ’ল কাৰণ ইয়াত থকা কথাবোৰ তেওঁলোকক গৰিহনা দিলে হয়। GCam 89.1

মনুষ্য জাতিটোক সম্পূর্ণরূপে ঠগা হ’ল। সিহতক শিকোৱা হ’ল যে পোপ আৰু পুৰোহিত সকলে খ্ৰীষ্টৰ প্ৰতিনিধি আছিল, কিন্তু আচলতে তেওঁলোক আছিল চয়তানৰে প্ৰতিনিধি। যেতিয়া সিঁহতে তেওঁলোকলৈ সমর্পিত হ’ল, সিঁহতে চয়তানৰে পূজা কৰিলে। মনুষ্য জাতিটো বাইবেল খন বিচাৰিলে তেওঁলোক ভাবিল যে এৱা সিঁহতৰ হাতত পৰিলে সেইটো ভয়ানক ঘটনা হব কাৰণ সিঁহতে পোহৰত আহি যাব আৰু তেওঁলোকৰ পাপ ওলাই পৰিব। এইদৰে সিঁহতক প্ৰতি খোঁজতেই তেওঁলোকৰ কথা মানি তেওঁলোকলৈ ঈশ্বৰৰূপে দৃষ্টি দিয়াৰ কথা কোৱা হ’ল অন্যথা সিঁহতক চয়তান আৰু ইহুদীবিলাকে যীশুক ঘৃণা কৰা দৰে শাস্তি বিহা হ’ব। মোক এটা সময় দেখুওৱা হ’ল যেতিয়া চয়তানে বিশেষকৈ জয়গান কৰিল। সবুতো খ্ৰীষ্টানক ভয়াৱহ ভাৱে হত্যা কৰা হ’ল কাৰণ সিঁহতে সিঁহতৰ ধৰ্ম্ম সাঁচি থঁব। GCam 89.2

বাইবেলক ঘৃণা কৰা হ’ল আৰু চেষ্টা চলোৱা হ’ল যাতে পৃথিৱীক ঈশ্বৰৰ মহামূল্য বাণীৰ পৰা মুক্ত কৰা যায়। মৃত্যু ভয়তে বাইবেল পঢ়া নিষিদ্ধ কৰা হ’ল আৰু পবিত্র ধর্মগ্রন্থ খনৰ যি কেইখন পোৱা গ’ল সেই আটাই খনেই জ্বলাই দিয়া হ’ল। কিন্তু মই দেখিলো যে ঈশ্বৰ তেখেতৰ বাণী ৰক্ষা কৰাৰ বাবে বিশেষ যত্ন লৈছিল। বিভিন্ন সময়ত বাইবেলৰ সংখ্যা বৰকৈ কম হ’লেও ঈশ্বৰৰ বাণী কেতিয়াও হেৰাই নগ’ল হেঁতেন। শেষৰ দিনলৈ বাইবেলৰ সংখ্যা ইমানেই বাঢ়ি গ’ল হয় যে প্রতি খন পৰিয়ালেই এখন কৈ এই গ্ৰন্থ ৰাখিব পাৰিলে হেঁতেন। মই দেখিলো যেতিয়া বাইবেলৰ সংখ্যা খুবেই কম আছিল তেতিয়া যীশুৰ উৎপীড়িত শিষ্যবিলাকৰ ওচৰত এৱা আছিল মহামূল্য আৰু আৰাম প্রদানকাৰী। এৱা অতিকৈ গোপনতাৰে পঢ়া হৈছিল আৰু যি সকলৰ এই সুবিধা আছিল তেওঁলোকে ভাবিল যে ঈশ্বৰ, তেখেতৰ পুত্ৰ যীশু আৰু তেওঁৰ শিষ্যবিলাকৰ সৈতে তেওঁলোকৰ সাক্ষাৎকাৰ হৈছিল। কিন্তু এই আশীৰ্ব্বাদ ধন্য সুবিধা প্রকাশ পালে তেওঁলোকৰ মৃত্যু আছিল অনিবাৰ্য্য। GCam 90.1

চয়তানে মুক্তিৰ পৰিকল্পনা খনত বাধা দিব নোৱাৰিলে। ক্রচবিদ্ধ হোৱাৰ পাছত তৃতীয় দিনখনতেই যীশুৱে তেখেতৰ দূত বিলাকক ক’লে ক্রচবিদ্ধ হোৱাটো আৰু পুনৰুত্থানে তেখেতৰ প্রাধান্যৰ কথায় ক’ব। তেখেতে ইচ্ছুক আছিল যে যি সকলে যীশুৰ ওপৰত বিশ্বাসটো ব্যক্ত কৰিছিল সেইসকলে খ্ৰীষ্টৰ মৃত্যুৰ লগে আইনবোৰ বন্ধ হৈব বুলি বিশ্বাস কৰা উচিত। তেখেতে পাৰিলে তেওঁলোকক আৰু অলপ আগবঢ়াই বিশ্বাস কৰোৱাব পাৰিলে হেঁতেন যে দহ টা আজ্ঞাৰ আইনটোও খ্ৰীষ্টৰ সৈতে নাশ হ’ল। GCam 90.2

মই দেখিলো যে বহুতোৱে নিজৰ ইচ্ছাৰে চয়তানৰ এই পৰিকল্পনা খনত সমৰ্পিতহ’ল। তেওঁলোকে ঈশ্বৰৰ বিধানটো গচকি যোৱা দেখাত গোটেই স্বৰ্গখন লৰি গ’ল। যীশু আৰু সকলো স্বর্গীয় দূতে ঈশ্বৰবিধানটোৰ সৈতে চিনাকি আছিল। তেওঁলোকে জানিল যে তেখেতে এইটো পৰিবৰ্ত্তন বা ৰদ ন কৰে। মানুহৰ আশাহীন অৱস্থা স্বৰ্গত গভীৰ দুখ ঘটালে আৰু ঈশ্বৰৰ পবিত্ৰবিধান উলঙ্ঘনকাৰী সকলৰ বাৱে মৃত্যুক আকোৱালে লোৱাৰ প্ৰস্তাৱ লবলৈ যীশুক লৰাই দিলে, তেখেতৰ বিধান ৰদ কৰা হ’লে যীশুৰ মৃত্যু অবিহানে ৰক্ষা পালে হেঁতেন। যীশুৰ মৃত্যু তেখেতৰ পিতৃৰ বিধান নাশ কৰাৰ বিপৰীতে ইয়াৰ মান আৰু বঢ়াই দিছে। গীর্জাঘৰ খন বিশুদ্ধ থকা হ’লে চয়তানে তেওঁলোকক ঠগিবলৈ আৰু ঈশ্বৰৰ বিধানটো গচকি যোৱাত তেওঁলোকক আগুৱাই লৈ যাব নোৱাৰিলে। হেঁতেন। এই সাহসী পৰিকল্পনাত চয়তানে প্রত্যক্ষ ভাৱে স্বৰ্গত আৰু পৃথিবীত ঈশ্বৰৰ শাসন ব্যবস্থাৰ বিৰোধ কৰি আঘাত হানিলে। তাৰ এই বিদ্ৰোহ তাক স্বৰ্গৰ পৰা পৰিস্কৃত কৰিলে। GCam 91.1

চয়তানে আৰু আগুৱাই যাবলৈ স্থিৰ কৰিল। সি তাৰ দূতবিলাকক ক’লে যে কিছু সংখ্যকে ঈশ্বৰৰ বিধানটো লৈ ইমানেই ঈর্ষান্বিত হ’ব যে তেওঁলোকক এই ফান্দত ধৰা না যাব। দহটো আজ্ঞা ইমানেই সৰল আছিল যে বহুতোৱে বিশ্বাস কৰিব যে সেইবোৰ এতিয়াও নকৰি থাকিব নোৱাৰা আছিল। এতেকে তাক চতুর্থ আজ্ঞাটো দূষিত কৰিবলৈ অবশ্যেই বিচাৰিব লাগিব যিটোৱে জীবন্ত ঈশ্বৰক দৃষ্টিলৈ লৈ আনে। বিশ্ৰামৰ দিনটোক পরিবর্ত্তন কৰাৰ চেষ্টা কৰিবলৈ সি তাৰ প্ৰতিনিধি সকলক আগুৱাই নিলে আৰ দহটোৰ একমাত্ৰ আজ্ঞাক পৰিবৰ্ত্তন কৰিল যাতে প্রকৃত ঈশ্বৰ, স্বৰ্গ আৰু পৃথিবীৰ সৃষ্টিকৰ্ত্তাক দৃষ্টিপথলৈ অনা যায়। চয়তানে যীশুৰ পুনৰুত্থানটোক তাৰ উদ্দেশ্য সফল কৰাৰ বাৱে ব্যবহাৰ কৰিল। সি আৰু তাৰ দূতবিলাকে উৎফুল্লিত হ’ল যে যিটো ভুল তেওঁলোকে তৈয়াৰ কৰিছিল সেইটোৱে ভালদৰে খ্রীষ্টৰ ব্যক্ত হোৱা বন্ধুবৰ্গৰ কামত আহিল। যিটোৱে এজনে ধৰ্মীয় ঘৃণাৰে চায়। সেইটোকে আনে গ্ৰহণ কৰে। বিভিন্ন ভুলবোৰ এনেদৰে গ্ৰহণ কৰা হব আৰু উৎসাহৰে সংৰক্ষাণ কৰা হ’ব। কোনো সাক্ষ্য অবিহনে ঈশ্বৰ পৰিত্যক্ত হৈ থাকিব নোৱাৰে। সত্য আৰু বিশ্বাসী সাক্ষ্যয়ে আন্ধাৰ আৰু গীর্জাঘৰ উৎপীড়নৰ যোগেদি ঈশ্বৰৰ আটাই বোৰ আজুকে ধৰি ৰাখা হৈছিল। GCam 92.1

মই দেখিলো যে দূতবিলাকে বিস্ময়েৰে ভৰি গৈছিল যেতিয়া তেওঁলোকে গৌৰবৰ ৰজাক যাতনবোৰ আৰু মৃত্যু দেখিল। কিন্তু মই দেখিলো যে এৱা দূতবিলাকৰ ওচৰত বিস্ময়কৰ আছিল যে জীবন আৰু গৌৰবৰ প্ৰভু যি জনে আনন্দ আৰু ঐশ্বর্য্যৰে গোটেই স্বৰ্গখন ভৰাই দিছিল, মৃত্যুৰ বান্ধনবোৰক আঁতৰ কৰিব। আৰু বন্দী ঘৰৰ পৰা বিজয়ী হিচাপে ওলাই আহিব। এই উভয় ঘটনাৰ এটাকো যদি পালন কৰা হয় সেইটো হ’ল ক্রচবিদ্ধ হোৱা দিনটো। কিন্তু মই দেখিলো যে সেই ঘটনাবোৰৰ কোনো এটাও ঈশ্বৰৰ বিধানখন ৰ’দ বা পৰিত্যাগ কৰাৰ বাৱে পৰিকল্পিত হোৱা নাছিল, কিন্তু সেইবোৰে পৰিবৰ্ত্তনশীলতাৰ জোৰ প্ৰমাণ দিয়ে। GCam 92.2

এই উভয় গুৰুত্বপূর্ণ ঘটনাৰে স্মাৰকচি আছে। প্ৰভুৰ নৈশ ভােজমেলত ৰুটিৰ টুকৰা আৰু আঙুৰ ফলেৰে অংশগ্ৰহণ কৰি আমি প্ৰভুৰ মৃত্যুক প্ৰকাশ কৰে যেতিয়ালৈ তেওঁ নাহে। এই স্মৃতিৰক্ষাৰে তেখেতৰ যাতনা আৰু মৃত্যুৰ দৃশ্যবোৰ হ’ল যে ঈশ্বৰৰ বিধানখন চিৰকালৰ বাৱে থাকিব আৰু নতুন পৃথিবীখনত অনন্তকালৰ বাৱে ইয়াৰ অস্তিত্ব ৰক্ষা হ’ব। সৃষ্টিৰ সময়ত যেতিয়া পৃথিবীৰ ভিতখন স্থাপিত হ’ল, ঈশ্বৰৰ পুত্ৰসকলে সৃষ্টিকৰ্ত্তাৰ কামটোৰ ওপৰত বিস্ময়েৰে সৃষ্টি দিলে আৰু সকলো স্বর্গীয় দূতে উৎফুল্ল হৈ চিঞৰি উঠিল। GCam 93.1

তেতিয়াই বিশ্ৰামৰ দিনটোৰ ভিতখন তৈয়াৰ কৰা হৈছিল। সৃষ্টিৰ ছয়দিন সম্পন্ন হৈ যোৱাৰ পিছত ঈশ্বৰে সপ্তম দিনা খনতে তেখেতৰ সকলো কামৰ পৰা জিৰনি ল’লে আৰু তেখেতে সপ্তমদিনটোক আশীৰ্ব্বাদ দি পবিত্ৰ কৰিল কাৰণ এই দিনটোতে। তেখেতে তেখেতৰ সকলো কামৰ পৰা বিশ্ৰাম লইছিল। পতনৰ আগতেই স্বৰ্গীয় উদযানত বিশ্ৰামৰ দিনটো প্রতিষ্ঠিত হৈছিল। এনেদৰে, এই বিশেষ দিনটো সদায়ে সৃষ্টিকৰ্ত্তাৰ সম্মানিত পালিত হৈ থাকিব। GCam 93.2

দানিয়েল অধ্যায় ৭ থেচেলোনিয়ানচ্ অধ্যায় ২ দেখক GCam 94.1