মহান বিবাদ

15/46

অধ্যায় ১৪ - চৌলৰ ধৰ্ম্মান্তবণ

যেতিয়া চৌলে যীশুৰ প্ৰচাৰ চলোৱা পুৰুষ আৰু তিৰোতাবিলাকক জেৰুজালেমৰ অধীনত অনাৰ বাবে উপযুক্ত চিঠি লৈ দামেছেকলৈ যাত্ৰা কৰিলে, তেওঁৰ চাৰিওকাষে পতিত দূতবিলাকে উল্লসিত লৈ গ’ল। তেওঁযাত্ৰা কৰি থকা অৱস্থাত হঠাৎ স্বৰ্গৰ পৰা এটা পোহৰ তেওঁৰ ওপৰত আহি পৰিল, যাৰ বাবে পতিত দূতবিলাকেপলাই গ’ল আৰু বেগেৰে চৌল ভূপতিত হ’ল। পিচলৈ তেওঁ চৌল বুলি মতা এটা স্বৰ শুনিব পালে আচলতে প্ৰভুৱে তেওঁক মাতিছে বুলি জানি তেওঁ কঁপি আৰু আচৰিত হৈ তেখেত শুধিলে, প্রভু আপোনি মোৰ পৰা কি বিচাৰে? তেঁতিয়া প্ৰভুৱে ক’লে, উঠা আৰু নগৰলৈ যোৱা, তাতেই তোমাৰ কি কৰিব লাগিব তাকেই কোৱা হ’ব। GCam 71.1

তেওঁৰ লগতে থকা মানুহবিলাকে এটা আওয়াজ শুনে কিন্তু কোনো মানুহকে নে দেখি বাহীন অৱস্থাতে থিয় হৈ থাকিল। স্বৰ্গীয় পোহৰৰ গৌৰৱে তেওঁক অন্ধ কৰি দিছিল। তেওঁলোকে তেওঁক হাতেৰে আগুয়াই নি দামেছেকলৈ আনিলে। তিনিদিনলৈ তেওঁ একোৱে দেখি পোৱা নাছিল আৰু খোৱা বোৱাও বন্ধহৈ আছিল। তেনে অৱস্থাতে ঈরে এজন দূত পঠিৱাই আনানিয়াছে কলে, তোমাৰ পথেৰে যোৱা, আৰু মোৰ নামটো ইহুদীৰ বাদে আন মানুহ বিলাক, ৰজাবিলাক আৰু ইজৰাইলৰ শিশুসকলৰ আগত লৈ যোৱা এনোনিয়াচে প্ৰভুৰ নির্দ্দেশবোৰক অনুসৰণ কৰিলে আৰু ঘৰটোত প্ৰৱেশ কৰি চ’লৰ ওপৰত তেওঁৰ হাতটো ৰাখি ক’লে, ভ্ৰাতৃ, প্রভুয়ে মোক পঠিয়াইছে যাতে তুমি দৃষ্টিশক্তি লাভ কৰি পবিত্র আত্মাৰে পূৰ্ণ হ’ব পাৰা। GCam 71.2

লগে লগেই চৌলে দৃষ্টিশক্তি পালে আৰু উঠাৰ পিছত তেওঁক খ্রীষ্টান ধৰ্মত দীক্ষিত কৰোৱা হ’ল। তাৰ পিচত তেওঁউপাসনা সমাজত খ্রীষ্টৰ প্ৰচাৰ কৰিলে যে তেওঁৱে আছিল ঈশ্বৰৰ পুত্ৰ। তেওঁক শুনা সকলোৱে আচৰিত হ’ল আৰু অনুসন্ধান কৰিলে, তেওঁৱে নহয়নে যিজনে আমাক চেৱজালেমত নাশ কৰিছিল ? কিন্তু আৰু অধিক বলেৰে চৌলে ইহুদীসকলক বিমোৰ কৰিলে। তেওঁলোকে আকৌ সমস্যাত পৰিল। পবিত্র আত্মাৰ ক্ষমতাৰে চৌলে তেওঁৰ অভিজ্ঞতাৰ কথা ক’লে। চৌলৰ যীশুক বিৰোধিতা আৰু তেখেতৰ নামত বিশ্বাস কৰা সকলোকে মৃত্যুমুখলৈ যন্ত্রণা দিয়াৰ কথা সকলোৱে জানিছিল। তেওঁৰ আশ্চৰ্য্যৰ্কৰ ধৰ্মান্তৰণত বহুতোৱে আশ্বস্ত হ’ল যে যীশুৱে আছিল ঈশ্বৰৰ পুত্ৰ। চৌলে তেওঁৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিল যে তেওঁ যেতিয়া মৃত্যুক খেদি নিছিল, পুৰুষ আৰু তিৰোতা বিলাকক মুক্ত কৰি আছিল দামেছেকলৈ যাত্ৰাৰ সময়ত, তেতিয়া হঠাতে এটা মহান স্বৰ্গীয় তেওঁৰ চাৰিও কাষে জ্বলি উঠিল আৰু যীশু তেওঁৰ ওচৰত আত্মপ্ৰকাশ কৰি তেওঁক বুজালে যে তেখেতেই আছিল ঈশ্বৰৰ পুত্ৰ। চৌলে সাহসেৰে যীশুৰ প্ৰচাৰ চলোৱাৰ সময়ত তেওঁৰ লগত এটা ক্ষমতাশালী প্রভাৱ ও কঢ়িয়াই নিছিল। তেওঁৰ বাইবেলৰ জ্ঞান আছিল আৰু তেওঁৰ ধৰ্মান্তৰণৰ পিচত যীশু সম্বন্ধীয় ভবিষ্যতবাণীবোৰ লৈ এটা স্বৰ্গীয় পোহৰ পৰাত তেওঁ স্পষ্টকৈ আৰু সাহসেৰে সত্যটো উপস্থাপন কৰিবলৈ আৰু ধৰ্মগ্ৰন্থ খনৰ কোনো অন্যায় আচৰণ শুধৰিবলৈ সহায় কৰিল। ঈশ্বৰৰ আত্মাখন তেওঁৰ ওপৰত পৰাত তেওঁ স্পষ্টভাৱে আৰু জোৰকৈ তেওঁৰ শ্ৰোতাসকলক খ্ৰীষ্টৰ প্ৰথম আবিৰ্ভাৱৰ ভবিষ্যতবাণীবোৰৰ মাজেৰে লৈগৈ তেওঁলোকক দেখুৱালে যে ধৰ্মগ্ৰন্থখন পৰিপূৰ্ণ হৈ গৈছিল যিখনে খ্ৰীষ্টৰ যাতনাবোৰ, মৃত্যু আৰু পুনৰুত্থানৰ কথা উল্লেখ কৰিলে। GCam 72.1

এক্টচ্ অধ্যায় ৯ দেখক GCam 73.1