মহান বিবাদ

12/46

অধ্যায় ১১ - খ্রীষ্টৰ আৰোহণ

গোটেই স্বৰ্গখন বিজয়ৰ মূহুৰ্ত্ত’লে প্রতীক্ষা কৰি আছিল। কেতিয়া যীশুৱে তেখেতৰ পিতৃলৈ আৰোহণ কৰে। মহিমান্বিত ৰজাক গ্ৰহণ কৰিবৰ বাবে দূতবিলাকে আহিল আৰু ৰখীয়া হৈ জয়োল্লাসেৰে তেখেতক স্বৰ্গলৈ হৈ গ’ল। যেতিয়া তেখেতে ওপৰলৈ যাব ধৰিলে, বন্দী মানুহৰ জাকে যি সকলৰ উত্থান হৈছিল তেখেতৰ আবিৰ্ভাৱত, তেখেতক অনুসৰণ কৰিল। উপস্থিত সকলৰ মাজত আছিল স্বৰ্গীয় দুতবিলাকৰ এজাক, যেতিয়া স্বৰ্গত অসংখ্য দূতে তেখেতৰ অহালৈ প্রতীক্ষা কৰি আছিল। তেওঁলোকে পবিত্ৰনগৰী খনত আৰোহণ কৰাৰ সময়তে যীশুর ৰখীয়া দূতবিলাকে চিক্রৰী উঠিল, তোমালোকৰ মূৰাবাৰ ডাঙি ধৰা, পাদুলিবোৰ আৰু চিৰকালীন দুৱাৰবোৰ খুলি দিয়া যাতে মহিমান্বিত ৰজাজনে প্রৱেশ কৰিব পাৰে। নগৰীখনত দূতবিলাকে যি সকলে উল্লাসেৰে তেখেতৰ প্রতীক্ষা কৰি আছিল, চিতকাৰী উঠিল, কোন এই মহিমান্বিত ৰজা? ৰখীয়া দূতবিলাকে জয়োল্লাসেৰে উত্তৰ দিলে, প্ৰবল পৰাক্রমী প্রভু! আকৌ একেটা কথাৰে স্বৰ্গীয় দূতবিলাকে চিতকাৰী উঠিল। তেতিয়া ৰাখীয়া দূতবিলাকে সুৰৰ ধবনিৰে উত্তৰ দিলে, হে দুতবিলাকৰ প্ৰভু! তেখেত হৈছে মহিমান্বিত ৰজা ! ইয়াৰ পিচতেই ঈশ্বৰৰ পুত্ৰক ঘেৰি ধৰিলে আৰু সাদৰে মূৰ দোঁৱাই তেওঁলোকৰ মুকুটবোৰ সুমধুৰ সংগীতেৰে গোটেই স্বৰ্গখন ভৰাই দিলে যীশুখ্ৰীষ্টক স্বাগত জনাবলৈ যাক হত্যা কৰা হৈছিল যদিও এতিয়া মহিমা আৰু গৌৰৱৰ মাজেৰে আকৌ জীয়াই আছে। GCam 57.1

ইয়াৰ পিচতে শিষ্যবিলাকে তেওঁলোকৰ আৰোহণকাৰী প্ৰভুৰ শেষ ক্ষীণ দৃষ্টি পোৱাৰ বাবে দুঃখজনক ভাবে স্বৰ্গৰ ফালে একেদৰে চাই থাকিল। তেতিয়া বগা পোচাকত থকা দু’জন দূতে তেওঁলোকক কলে, তোমালোক গেলিলিৰ মানুহসমূহ কিয় থিয় হৈ স্বৰ্গলৈ দৃষ্টি দি আছে? একেই জন যীশুৰ যাক তোমালোকৰ পৰা স্বৰ্গলে অনা হৈছে, এতেকে একেদৰে ইয়ালৈ আহিব যেনে তোমালোক তেখেতক স্বৰ্গলৈ যোৱা দেখিছে। শিষ্যবিলাকে যীশুৰ মাতৃৰসৈতে ঈশ্বৰৰ পুত্ৰৰ আৰোহণটো স্বাক্ষ্য হৈ ৰ’ল আৰু সেই নিশাটো। GCam 58.1

তেখেতৰ কম সময়ৰ ভিতৰত হৈ যোৱা আশ্চর্য ঘটনাবোৰ, অদ্ভুত আৰু গৌৰৱান্বিত কামবোৰৰ কথা আলোচনা কৰিয়ে কটাই দিলে। চয়তানে তাৰ দূতবিলাকৰ সৈতে সভা পাতিলে আৰু ভগৱানৰ চৰকরৰ বিৰুদ্ধে তীব্র ঘৃণাৰে সিঁহতক ক’লে যে যেতিয়া সি পৃথিৱীৰ ওপৰত তাৰ ক্ষমতা আৰু কত্তৃত্বধৰি ৰাখিলে সিঁহতৰ প্রাকষ্টাবোৰ যীশুৰ শিষ্যবিলাকৰ বিৰুদ্ধে দহগুনৈ বাঢ়ি যাব লাগে। সিঁহতেযীশুৰ বিৰুদ্ধে একোৱে সন্মান কৰা নাছিল যদিও তেখেতৰ শিষ্য বিলাকক উচ্ছন্ন কৰিব বিচাৰিছিল। চয়তানে তাৰ দূতবিলাকক বৰ্ণনা কৰিলে যে যীশুৰে তেখেতৰ শিষ্যবিলাকক ক্ষমতা দিছিল। সিঁহতক উচ্ছেদ কৰা, তিৰস্কার কৰা আৰু তাৰ প্ৰভাৱত থকা সেই সকলোকে আরোগ্য কৰাৰ বাবে। পিচলৈ চয়তানৰ দুতবিলাকে যীশুৰ দূতবিলাকক নাশ কৰাৰ বাবে গৰ্জনকাৰী সিংহৰ দৰে আগুৱাই গ’ল। GCam 58.2

স্তুতি পাঠ ২৪ ৭-১০
এক্টচ্চ্ ১ ১-১১ দেখক
GCam 59.1